মাটিৰ মাতৃভাষা
মাটিৰ মাতৃভাষা সেউজীয়া
মই বুটলি ফুৰিছোঁ গছলতা ধানৰ লাইজুলীয়া আখৰ
বোধৰ বৰ্ণমালাৰ ভিতৰ চ'ৰাৰ প্ৰতিটো সজাগ সূৰ্যোদয়
ৰ'দৰ চকুৰ পতাৰ নুম, আমলখি, শিলিখা আদি ঔষধি গছৰ ছাঁ -
দূৰূহ বাক্যৰ বুকুভৰা শস্যজল
ব'ল আমি গান শুনো, মাটিৰ মাতৰ সেউজীয়া ...
মই সপোনৰ কাষলৈ যাম
বতাহ, খুলি থৈছো ঘৰৰ দুৱাৰ খিৰিকী
তই উৰুৱাই লৈ নেযাবি মোৰ গাৰ নীলা কামিজ,
মেজত সজাই থোৱা ফুলথোপা -
তলে তলে তই বৰ এটা হৈ উঠিছ
চুই চাচোন মোৰ এবুকু-এডিঙি ভৰা ভালপোৱা
আৰু দুটা চঞ্চল ভৰি
গছলতা পাৰ হৈ যাব খোজে দীঘল বাটেৰে
মাটি-পানী য'ত টলমল সততে
মোৰ বুকুখনলৈ চা, ভালপোৱাৰ ৰং উৱলি যোৱা এটা মলিন ডাকবাকচ
খোলাই আছে বুকু, তঈ গান গা বতাহ, কোমল সেউজীয়া
মই সপোনৰ কাষলৈ যাম -
যাম বুলি কোন কাহানিৰে পৰা থিয় দি আছোঁ ...
লোৰ কাটি বৈ অহা চকুপানী
বনৰীয়া হাঁহৰ ডেউকাৰ উমাল বিছনাত শুই আছে মোৰ ভালপোৱা -
গায়ে-মুৰে হাত ফুৰাই দিছে ৰ'দৰ তলৰ উদং বতাহজাকে ।
সেমেকা চুলিৰ ভাঁজত হাবিতলীয়া দুপাহ নিজান ফুলে
যেন নিচুকনি শুনিছে ।
নৈখনৰ সোঁতে আঁৰ-বেৰ নোহোৱা গানেৰে দুপাৰ ভাঙি খলকনি তুলিছে ।
মোৰ দুগালেৰে লোৰ কাটি বৈ আহিছে চকুপানী -
তোৰ বাৰীৰ তগৰজোপাৰ গা-ঘঁহাই দেও দি কেইটামান চৰাই উৰি গৈছে ।
দুৰৰ আকাশখনত চামিয়ানা তৰি দিছে এচপৰা অকলশৰীয়া ডাৱৰে ...
নৰানিৰ পৰা বুটলি অনা কাচিখন ...
তই উচাট মাৰি দলিয়াই দিয়া কাচিখন মই নৰানিৰ পৰা
বুটলি আনিছোঁ, ক'তো আচ এটাকে লগা নাই,
নিয়ৰ পাই চক্চকাই আছে
চাওঁ, তোৰ বৰলে বিন্ধা ওঁঠদুখন বিৰিঙি আছেনে তেজ -
মাজ পথাৰৰ কৰৈজোপাৰ ছাঁত মনমৰা ল'ৰাটোৱে
একেটা দীঘল সুৰতে পেঁপা বাই আছে অকলশৰে
পেঁপাৰ পোনপটীয়া যদিও বৰ ঠুনুকা, অলপতে ভাঙি পৰে...
কবিতামুখৰ পানীযুঁৱলিত
বেলিটো ওলোৱা-সোমোৱা কৰি আছে
ৰোহপাতি আছে ডাৱৰবোৰ
নিৰহ-নিপানী মোৰ কলিজাৰ দুৱাৰদলি
তলমুৱা শস্যৰ দুহাতেৰে সেউজীয়া
বোকা-পানীৰ কোলাহলে মোক বাট আগচি ধৰিছে
এখিলা দুখহিলাকৈ কুঁহি মেলিছে গছৰ পাতে
দুচকুৰে মোৰ বৈ আহিছে এখন নিজান দীঘল নৈ
কবিতামুখৰ পানীযুঁৱলিত জিল্মিলাই আছে
তোৰ চপ্চপীয়া হাঁহিমুখ ...
No comments:
Post a Comment