কবিতা তিন টুকুৰা
(১)
পথাৰ জুৰি ধান জীয়ৰীৰ মুকলি চাদৰ
তাইৰ দুচকুত বৰষুণৰ সপোন, ওঁঠত ভালপোৱা
আৰু কলমৌলতীয়া কোমল আঙুলিত উলহমালহৰ কঠীয়াতলী
কঠীয়াডোখৰে ক'লে বৰষুণক; মোক পানীৰে তিয়াই দে ...
(২)
পিয়াহত ডিঙি শুকাই কাঠ হৈ গৈছে
ইয়াতে খন্তেক ৰচোন, গান এটাৰে তিয়াই লওঁ জিভা
কথাষাৰ কৈয়েই নৈখনে গান গাবলৈ ল'লে -
বনৰীয়া হাঁহজাক জাকিমাৰি আকাশ পালেগৈ জোনাক ৰাতি,
নৈয়ে জোনাকে সাবটা সাবটি, সিঁহতৰ বহুদিনীয়া বন্ধুত্ব
(৩)
ৰাতি ভালেমান হ'ল । হালি-জালি থকা গছজোপাক বতাহে ক'লে -
চাওঁ, ডালপাত পাৰি দে, মই তোৰ কোলাত শুম ।
মোৰ বুকুৰ তলেৰে বাঢ়ি আহিছে ধুমুহাৰ অস্থিৰতা,
ময়ো সুদীৰ্ঘ বিষাদ লৈ এডিঙি পানীত হেৰাই যাম এদিন -
আজি ৰাতি মাথোন তোৰ কথাকে ভাবিম ...
ভাষা বন্ধন
তই মোৰ চকু চল্চলীয়া শস্যাবলীৰ প্ৰসাৰিত প্ৰাৰ্থনা ।
তোৰ দুগালে চকুপানীৰ দৰে বাগৰে মোৰ ভাষাৰ সৰলতা ;
বনৰীয়া হাঁহৰ উথপ্ থপ ডেউকাৰ ৰামধেনুৰ স্পৰ্শ ।
মই একেথিৰে ভাষাৰ শিপাডাললৈ চাই আছিলো
কোনোবাই মোক সুঠাম গছজোপালৈ আঙুলিয়াই দিলে ...
ব'ল কদমৰ তললৈ
কদম ফুলিছে । ব'ল কদমৰ তললৈ ব'ল । গছেপাতে
সুন্দৰ কদমৰ চনকাডালত কালি ৰাতিৰ বৰষুণৰ চিন ।
কোনোবাই ভালপোৱাৰ গান গাইছিল;
কদম সঁচকৈয়ে সুকণ্ঠ সুগ্ৰীব, গোন্ধৰ সঁফুৰা ।
ডাউক-দৰিক আৰু পুখুৰীয়া মাছৰ খলকনি উঠে পূৰ্ণিমা ৰাতি -
বাঁহবাৰী, বেতেৰীৰে ব-বলাই বতাহ আহে,
বতাহত মৌ নেদেখে কোনেও ।
ব'ল কদমৰ তললৈ ...
সোঁৱৰণৰ গছলতা
(বেহেলা বজোৱা মহেশ শইকীয়াৰ হাতত)
সোঁৱৰণৰ গছলতাৰ উজ্জ্বলতা বাঢ়ি আহিছে
ডালেপাতে সূৰ্যোদয়ৰ মহাৰ্ঘ স্পৰ্শ
মোৰ মনমৰা তানপুৰাটোৰ ধূলিয়ৰি তাঁৰকিডালত পাহৰা গান ...
বৰষুণৰ পদ্যদুষাৰি
গধুৰ দাৱৰ চপৰা নামি অহাৰ লগে লগেই আৰম্ভ হ'ল বৰষুণ
মোৰ আঁত হেৰোৱা শব্দমালাৰ দুকাষে ডেউকা গ'জি উঠিছে,
বতাহত তিতিছে বুৰিছে গছ-গছনিৰ ৰেণুময় ছাঁ -
গোমোঠা চহৰখনৰ শেঁতা পৰা দুচকুত এৰাধৰাকৈ বিজুলী চমকিছে
No comments:
Post a Comment