উজাই আহিছে ৰ'দ
গুচি নাযাবি
তই গ'লেগৈ মই বৰ অকলশৰীয়া
শব্দগোন্ধেৰে উতলা তোৰ ফিৰ্ফিৰীয়া আঁচল
ৰমক্জমক ভালপোৱাৰ হাতবাউলি -
নৈখনৰ পলসুৱা দুপাৰে সৰিয়হ ফুলিছে
শস্যৰ দলিচাৰে উজাই আহিছে ৰ'দ -
উজাৰি বৰষুণ
নৈৰ পানী বাঢ়িছে । চপৰা চপৰে খহিছে থিয় গড়া
তই মোৰ মাটি-পানীৰ বৰ্ণময় মাত ।
চতীয়না তলৰ সুবিশাল এন্ধাৰেৰে আকাশ নামি আহিছে ...
হাতত স্বপ্নকুম্ভ, শিপাত উজাৰি বৰষুণ ...
এটা গানৰ প্ৰস্তাৱনা
দুপৰৰ ছাঁ গৰকি চিনাকি সুৰ এটা উৰি আহিছে
আঁহতৰ পাতত বৰষুণ, শুকাই-খীণাই নোহোৱা হোৱা
লিক্লিকীয়া তৰাং নৈখনে
মন ঢালি তাহানিৰ গান গাইছে, খেতিবাতিৰ খুটি-নাটি সুৰেৰে
মাটি যে তেনেই নিমাখিত, মৰমতে মৰিব পাৰে !
মাটিৰ বুকুত বিৰিঙি উঠিছে
আলতীয়া কেঁচা গোন্ধ, ভালপোৱাৰ দীঘল উশাহ -
সিপাৰে বকুল সৰা গধূলি আকাশৰ চালুকীয়া তৰাবোৰ ...
শান্ত-শব্দাৱলী
অকপট চকুপানীৰেই শস্যৰ সপোন । মোৰ বোধৰ গভীৰত
আদিম শিপাৰ আশ্বাস । বুকুৰ জটিল ঘাট-অঘাটেৰে নদ-নদী নামি আহে
দৃশ্যৰ সিপাৰে মোৰ প্ৰিয় নাৰী ; দুখৰ ডেউকাৰে ঢকা প্ৰতিভাৰ শিহৰণ ।
সংগ্ৰহৰ দুৱাৰডলিত শস্যৰ আখৰ । স্পৰ্শাতুৰ ভিতৰ চ'ৰাৰ শান্ত-শব্দাৱলী
ছনপৰা গান
শব্দশোকত মনমৰা গাছলতা । তই মোৰ এটোপাল বৰষুণ -
বৰ্ণময় ডাৱৰৰ কান্দোন । বাঢ়হি আহে বেগবান শিপাৰ উদগ্ৰীব তীব্ৰতা ।
তই মোৰ উজান নাৱৰ গুৰিব'ঠা, উতল পিঠিৰ ধাৰাষাৰ ৰা'দ
পাৰভঙা সোঁতৰ গুম্গুমনি, গাঁও-ভূই অনাদি দেশ-দেশান্ত আৰু মোৰ ছনপৰা গান ...
No comments:
Post a Comment