কেতিয়াবা সেই চিকুণ গছজোপা
পহপহীয়া হৈ বাঢ়ি আহিল
পহপহীয়া হৈ বাঢ়ি আহিল
মোৰ বুকুৰ মাজত
মই একো গমকে নেপালোঁ ।
গছজোপাই এতিয়া তাৰ শিপাবোৰ
মোৰ বুকুৰ গভীৰলৈকে মেলি দিছে ,
এনেকৈয়ে যেন বিস্তাৰিত হৈছে
গছজোপাৰ অধিকৃত এক বিশাল সাম্ৰাজ্য
মোৰ বুকুৰ মাজত,
তাৰ শিপাবোৰে কথিন হৈ
খামুচি ধৰিছে মোৰ হৃদয় আৰু
এতিয়া মই অনুভৱ কৰিছোঁ
শিপাবোৰৰ স'তে মোৰ
জন্ম জন্মান্তৰৰ অবিচ্ছিন্ন অচ্ছেদ্য বন্ধন
নিবিড় প্ৰেমৰ । অনুৰাগে অনুৰাগে
উদ্বেলিত প্ৰতিদিন প্ততিটো মুহুৰ্ত ।
এতিয়া নিঃসংগতা মোৰ বেদনাৰ
সহচৰ হৈ নাহে । নিবিড় নীৰৱতাই
মোক আৰু অমনি নকৰে ,
কিয়নো আৱেগৰ লাগি
বাৰে বাৰে কপি উঠা গছৰ পাতবোৰে
মোৰ স'তে কথা পাতে
অন্তৰংগ বন্ধুৰ দৰে ।
গছজোপাই এতিয়া মোক তুমি বুলি মাতি
অনিৰ্বচনীয় আত্মপ্ৰসাদত
নিজেই বিভোৰ হয়,
তন্দ্ৰালস হয় আৰু সপোন দেখে
মোৰ বুকুত সোমাই
আকাশত উৰি ফুৰাৰ
মোৰ স'তে সমস্বৰে গীত গোৱাৰ
মধুৰ সপোন ।
গছজোপাৰ শিপাবোৰে
কঠিনতৰ হৈ
মোৰ হৃদয় খামুচি ধৰে
মোৰ স্নায়ু আৰু শিপাবোৰ
সক লো এক হৈ যায় ।
গছজোপাই আলফুলে মোক সাৱটি লয়
মই তাৰ বুকুত মুখ লুকুৱাই
চকু দুটি মুদি দিওঁ,
অনাস্বাদিত অমৃতৰ সন্ধানত
মোৰ মন মতলীয়া হয়,
আৰু
কণমানি এটি শিশুৰ দৰেই
পৰম নিৰ্ভৰতাৰে
মই গছজোপাৰ বুকুত
টোপনি যাও ঁ ।
কেতিয়া যে
সখী বুলি মৰমতে পমি যোৱা
মাতষাৰি মাতি -
গছজোপাই মোক টোপনিৰ পৰা জগাই তোলে,
সপোন নে দিঠক
মই একো গমকে নেপাওঁ ।
তাৰ পাছত
গছজোপা মোৰ স'তে মোৰ হৃদয়ত
লীন হৈ যায়
মই গছ জোপাৰ স'তে, গছ জোপাৰ
হৃদয়ত
বিলীন হৈ যাওঁ
এনেকৈয়ে,
এনেকৈয়ে চিৰন্তন ।
No comments:
Post a Comment