দুখ মোৰ অশ্ৰুমতী - ৰাম গগৈৰ কবিতা

 দুখ মোৰ অশ্ৰুমতী 
অন্তঃসলিলা ফল্গু 
দুখ মোৰ
হৃদয়ৰ অতল গভীৰৰ পৰা উত্থিত 
জীৱনৰ বিমল আনন্দ ।

বসন্তৰ কোমল কুঁহিপাতৰ দৰে 
দুখ মোৰ 
কেতিয়াবা সেউজীয়া হয়,
কেতিয়াবা সাতৰঙী ৰামধনু হৈ 
বৰ্ণাভ মেঘৰ স'তে লুকভাকু খেলে,
কেতিয়াবা 
এগছি নিঃসংগ সান্ধ্য প্ৰদীপৰ 
শিখা হৈ জ্বলি থাকে 
মোৰ মনৰ তুলসী তলত ।

হে মোৰ অনুভৱৰ সখী 
তুমি জানানে,
দুখ মোৰ 
মোৰ আইৰ বিবৰ্ণ দুগালেদি 
বৈ অহা 
জীৱনৰ অন্তিম ক্ষণত ।
অবিমিশ্ৰ দুধাৰি লোতক,
মই সেই লোতকত অৱগাহন কৰোঁ 
মই চকু দুটি মুদি দিওঁ
আৰু 
পাহৰি যাওঁ মোৰ নিজৰ অস্তিত্ব ।

নিঃস্ব মই, ৰিক্ত মই,
সেই ৰিক্ততাই মোক লৈ যায়
চিৰন্তন বিষাদৰ উপলব্ধিৰ মাজলৈ । 
জীৱনৰ বিমল আনন্দৰ অনুভূতিৰে মাজলৈ ।
মই সেই আনন্দৰ জোৱাৰত 
উটি ভাঁহি যাওঁ ।
মই খেলা কৰোঁ 
মোৰ নিজৰ মনৰ সতে
মই কথা পাতো
মোৰ শৈশৱ, মোৰ কৈশোৰ ,
মোৰ যৌৱনৰ স'তে,
মই উভতি চাওঁ
মই হেৰাই যাওঁ
সকলো স্থুলতাৰ ঊৰ্ধত 
আকাশৰ নীলাৰ মাজত ।

হে মোৰ অনুভৱৰ সখী
তুমিতো জানাই 
দুখ মোৰ অশ্ৰুমতী
অন্তঃসলিলা ফল্গু
দুখ মোৰ
হৃদয়ৰ অতল গভীৰৰ পৰা উত্থিত 
জীৱনৰ বিমল আনন্দ ।

No comments:

Post a Comment