তেতিয়া জোনটোৰ ৰূপহ জোনাকে - ৰাম গগৈৰ কবিতা

 তেতিয়া জোনটোৰ ৰুপহ জোনাকে
পৃথিৱীখন সাৱটি লৈছিল,
সমীৰণৰ শীতল কোলাত
ৰাতিটো নিঃপাল দি শুই আছিল ।

পুৱতি পুৱতি নিশা
মই এটা সপোন দেখিলোঁ :
মোৰ শিতানৰ খিৰিকি মুখৰ
শেৱালি জোপাৰ ফুলবোৰে
বিবসনা হৈ
নিয়ৰত গা ধুইছিল ।

তেতিয়া তুমি আহি দেখা দিছিলা
মোৰ খিৰিকি মুখত ,
ঈষৎ হালধীয়া জোনটো
কপালত লৈ
মূৰত ন-বোৱাৰীৰ লাজুকী ওৰণি
(কোমল কুৱলীৰে ঢকা)
পদুম হাঁহিৰে তুমি
সখী বুলি মাত দিলা মোক ।

মই কলো ঃ আহা প্ৰীয়তমা ।
তোমাৰ প্ৰেমৰ সুৰভিৰে
মোৰ হৃদয় ভৰাই দিয়া ।
আৰু তুমি তেতিয়া নিয়ৰত গা ধোৱা

ফুলবোৰৰ মাজত
হঠাৎ অদৃশ্য হৈ গ'লা ।
তুমি ফুলৰ সুবাস হ'লা 
জোনৰ হোনাক হ'লা
বতাহৰ স'তে মিলি বতাহ হ'লা,

ফুলবোৰ অকাশৰ তৰা হৈ গ'ল
তুমি স্পাৰ্শাতীত হলা ।

তুমি আকৌ আহিবা 
মোৰ শিতানৰ খিৰিকি মুখৰ
শেৱালি জ্জোপালৈ 
সপোনতে এটি
মনোৰম সপোনৰ ৰুপ লৈ
অথবা , এটি কোমল কবিতা হৈ 
মোৰ কাষলৈ ।


No comments:

Post a Comment