হালধীয়া চৰাইজনী - Halodhiya soraijoni - ৰাম গগৈৰ কবিতা - Poems of Ram Gogoi

হালধীয়া চৰাইজনী 
অ' মোৰ প্ৰাণপখী 
দুৰৈ হৈ নাযাবি দেই ।

তই ইমানদিনে
মোৰ বুকুৰ মাজত
বাহ বান্ধি আছ,
এতিয়া 
এখানি এখানি কৰি 
মোৰ্ক এৰি থৈ নাযাবি
তই 
দূৰণিৰ কোনোবা নেদেখা দেশলৈ ।

তই ইমান দিনে 
মোৰ বুকুৰ মাজত
উমলি - জামলি থাকিলি
মোৰ বুকুৰ মাজত হাঁহিছিলি 
মোৰ বুকুৰ মাজত কিমান কান্দিলি,

তই সদায়ে
মোৰ বুকুৰ মাজত
চেনেহ জুৰিত সাতুৰি নাদুৰি
উমলি থাকিবি 
ৰাতি পৰে পৰে ৰুন দি দি
মোক তোৰ কাষলৈ মাতিবি ।
পুৱা ফেহুজালি দিলে 
তই মোক জাগাই দিবি 
এটা নতুন দিনলৈ 

হালধীয়া চৰাইজনী 
অ' মোৰ প্ৰাণপখী 
তই নাযাবি দুৰৈ হৈ ।


No comments:

Post a Comment