Enekoiye bohag aahi - এনেকৈয়ে বহাগ আহি - Poems of Ram Gogoi - ৰাম গগৈৰ কবিতা

এনেকৈয়ে বহাগ আহি
বাৰে বাৰে
গুচি যায়
দেওধ্বনি তুলি মোৰ গাত
যেনেকৈ নৈ বৈ যায়
চিনাকি মৰম এৰি
উজনি ঘাটত
এনেকৈয়ে কুলিৰ মাতত
বহাগ আহিলে
উলাহত নাচি উঠে মন,
যেনেকৈ 
মোৰ হৃদয় ভৰি উঠে আনন্দত
নৱবৰ্ষৰ শুভেচ্ছাৰে পৰিপূৰ্ণ
তোমাৰ কবিতা পঢ়ি ।
কিন্তু
তুমিতো নাজানিলা
মনোৰমা, মোৰ অনুভৱৰ সখী
কেনেকৈ দুঃসচিন্তাত
মই আজি আছো
তোমাৰ অসুখৰ কথা জানি
কিজানিবা
মোৰ নিজৰেই
মনৰ অসুখ ।


No comments:

Post a Comment