Tumi kola kobita likhiba - তুমি ক'লা কবিতা লিখিবা - ৰাম গগৈৰ কবিতা - poems of Ram Gogoi

 তুমি ক'লা, কবিতা লিখিবা

কাৰ বাবে লিখিম কবিতা !


যেতিয়া উজুটি খাওঁ আগবাঢ়ি

যোৱাৰ বাটত, প্ৰতিটো খোজত

তেতিয়া উভতি চাওঁ

এৰি অহা বাটে বাটে

কি ফুল বুটলিলো

গধুলি গোপাল নে শেৱালি বকুল

নে কৰণি ভৰাই কেৱল তেজিমলা ফুলঙ্গ

তুমি ক'লা, কবিতা লিখিবা

কাৰ বাবে লিখিম কবিতা


যেতিয়া উজুটি খাওঁ

আগবাঢ়ি যোৱাৰ বাটত

তেতিয়া উভতি চাওঁ

সেইবোৰ এৰি অহা গাঁও,

য'ত মই উমলিলো ধূলি মাকতিৰে,

হাত মেলি নাচিছিলোঁ

বতাহত নাহৰ পাতৰ দৰে

আঙুলি কঁপাই,

কত গীত গাইছিলোঁ

আকাশৰ জোন তৰা চাই

ৰিণিকি ৰিণিকি দূৰ-বহুদূৰ দূৰান্তত ।

কি গীত গাইছিলোঁ,

কি সুৰত নাচি উঠিছিল

তোৰ মনৰ গৰখীয়া বাঁহী,

এতিয়া

কোন ৰাধিকাই চুৰ কৰি নিলে 

সেই বাঁহী

আগলী, বাঁহৰ বাঁহী


(মোৰ যৌৱনৰ প্ৰথম পুৱাৰ)

তুমি পাৰিবানে ক'ব

কি গোপনে দুখত মজি আছে

মোৰ মন ।

No comments:

Post a Comment