Basantar edin - Poem of Nirmalprabha Bordoloi - বসন্তৰ এদিন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা

তুমি  নিসৰ্গৰ দৰে ।
নিসৰ্গৰ দৰে তুমি ।

জলস্ৰোত স্তুতি ।
চন্দন শাখাৰ বাহ 
আৰণ্যিক পাহাৰী 
শৰীৰ
সুমথিৰা বনৰ ৰ'দ 
যেন হাতৰ তলুৱাত !
তন্ময়তা 
সুনীল আকাশ

তুমি নিসৰ্গৰ দৰে ।
নিসৰ্গৰ দৰে তুমি 
মোৰ উশাহত
ৰিম্‌জিম্‌ চেতনাৰ 
নিষিদ্ধ হৰিণ ।

সমুখৰ জনাকীৰ্ণ আলি
বহাকোঠাৰ চাৰিখন বেৰ 
হঠাৎ অদৃশ্য হ'ল 
বসন্তৰ এদিন ।।

No comments:

Post a Comment