Agamani - poem of Nirmalprabha Bordoloi - আগমনি - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা

আগমনি

কাহিলি, কাহিলি পৰত
কুলিৰ মাত শুনিলে
চকু মুদিয়ে কৈ দিব পাৰি
বসন্ত আহিছে ।
তুমি আহিলে
মোক কোনেও কৈ দিব নেলাগে 
বাটটো 
নিজেই 
পোহৰ,
পোহৰ হয় ।।

No comments:

Post a Comment