Nishiddha bhabbor - poem by Parishmita - নিষিদ্ধ ভাৱবোৰ - পৰিস্মিতা

নিষিদ্ধ ভাৱবোৰ ...
মন-মগজুত সোমাই আছে 
সহস্ৰ নিউৰনৰ এটা অগ্নিপিণ্ড
কেতিয়াবা ই ওলাই আহিব খোজে
ভাৱৰ এখন নিহালি আঁৰি ...
খুপি খুপি খোজেৰে জুপি জুপি চাই
সন্মুখৰ অৰণ্যখনলৈ ।

ভিতৰত এক বিৰাট জুই
অথচ বাহিৰৰ পৃথিৱীখন শান্ত-সমাহিত,
ভাৱবোৰ যেতিয়া লিপি হৈ পৰে
এনেদৰেই সহবাস কৰে দুখন পৃথিৱীয়ে,
জীৱনৰ চৌকাঠত থমকি ৰোৱা মই ৰ মাজত ।

                                                 ~   পৰিস্মিতা 

No comments:

Post a Comment