Ek mrita kabir swagatokti - এক মৃত কবিৰ স্বগতোক্তি - Poem by Parishmita

তুমি মোৰ চন পৰা কলমৰ ন-স্তবক,
নিবৰ ফাঁকেৰে বিৰিঙি বোৱা
ক'লা চিয়াঁহীৰ দাগবোৰ হৈ তুমি
ভাৱৰ গুটিমালি সিঁচা ।

মোৰ সৃষ্টিৰ বগা পথাৰখনত
প্ৰেমৰ হাঁচটিটো কেতিয়াবাই হেৰুৱালোঁ
অচিনাকি পথিকৰ জোলোঙাৰ মাজত,
ক'বা তোমাৰ প্ৰেয়সীক সেই কথা ।

তুমি মাথোঁ এই কবিৰ স্তব্ধ কলমৰ
ক্ষণিকৰ জিৰণি কোঠা,
শৰতৰ আগমনীত অমোলমলোৱা
তলসৰা বকুলৰ সুৱাস তুমি,
যি কেৱল ভাহি ৰয় কবিৰ
ক'লা আখৰৰ উকা কাগজত
সৃষ্টিৰ মিঠা সুবাস হৈ ।

                                 ~      পৰিস্মিতা  

No comments:

Post a Comment