Eti nosto premar epitaph - এটি নষ্ট প্ৰেমৰ এপিটাফ - Poem by Parishmita

খুউব প্ৰেম কৰিব মন গৈছে আজি
তোমাৰ সৈতে 
এক পাৰ ভঙা উন্মাদ প্ৰেম,
অহেতুক বন্ধোনৰ বোজা খহাই কৰা প্ৰেম 
মানুহে কৰিব নোৱাৰা এক জান্তৱ প্ৰেম
অপ্ৰেম-অপ্ৰেম যেন লগা প্ৰেম,
গাৰ ছালবোৰ জুইৰ তাপত
খহি যোৱা এক প্ৰেম,
সলাজ চাৱনিৰ আঁৰত
নিলাজ হৈ কৰা প্ৰেম,
মুঠতে খুউব প্ৰেম কৰিব মন গৈছে আজি
মাথোঁ তোমাৰ সৈতে ।

                                                   ~  পৰিস্মিতা 

No comments:

Post a Comment