এটা সময় আছিল যেতিয়া কেৱল তুমি আছিলা ... Eta samay asil jetiya kebal tumi asila - Poem by Parishmita

বালিৰ ঘৰৰ দৰে উটি গ'ল সকলো
তুমি আৰু তোমাক লৈ থকা মোৰ সকলো অহংকাৰ ।
এটা মৃতদেহৰ দৰেই চেঁচা হৈ পৰিল 
আমাৰ সম্পৰ্কৰ গভীৰতা ।
সময় পালে কেতিয়াবা মাথোঁ ভাবিবা 
কিয় নিজকে নিঃশেষ কৰি বিচাৰিছিলোঁ তোমাক এসময়ত
কিয় হাজাৰ প্ৰতাৰণাক গাপ দিছিলোঁ নিজৰ অন্ধ প্ৰেমৰ কুঠুৰীত,
কিয় এটি সন্ধ্যাৰ এটি মাথোঁ মুহুৰ্তই সলনি কৰিলে মোৰ 
তোমৰ প্ৰতি থকা প্ৰেমৰ সংজ্ঞা !
হয়তো মোৰ ভাষাৰ দৰেই দুৰ্বোধ্য
তোমাৰ বাবে এই কথাবোৰ ।
কিয়নো, জীৱন্ত ফছিল হৈ ঘূৰি-ফুৰা প্ৰেতত্মাৰ দলটোত হৈ আছা তুমিও চামিল;
অন্ততঃ মোৰ বাবে ।
প্ৰতাৰণায়ো কেতিয়াবা নিঃশেষ কৰিব নোৱাৰে 
প্ৰেমৰ তীব্ৰতা,
অথচ ব্যক্তিত্বৰ এতি মাথোঁ স্খলনে
নিঃশেষ কৰিব পাৰে কাৰোবাৰ জীয়া প্ৰেমৰ কাহিনী ।

                                                                 ~ পৰিস্মিতা  





No comments:

Post a Comment