Heroa surbor - হেৰোৱা সুৰবোৰ - Poem by Parishmita

ঘৰমুৱা খোজবোৰ থমকিব খোজে আজি
এবুকু অভিমানৰ অহৰহ খকা-খুন্দাত,
চিনাকী মুখবোৰত লাগি ৰৈছে
সময়ৰ অচিনাকী ভাৱ,
চিনাকী চাৱনিৰ মৰমৰ অৱদাৰবোৰ যেন
হেৰাই যাব ধৰিছে
কংক্ৰীটৰ প্ৰলেপৰ অযথা হৈ-ছৈ বোৰত,
হেৰুওৱাৰ ভয়ত জোৰকৈ মাৰি ৰখা মুঠিটোৰ
আঙুলিৰ ফাঁকেৰে ছিটিকি পৰিছে
থাকোঁ-নাথাকোঁকৈ থকা 
জীৱনৰ ন-পুৰণি বান্ধোনবোৰ । 

                                                        -- পৰিস্মিতা  

1 comment:

  1. It's ***খকা-খুন্দা।

    ReplyDelete