Nostalgia - নষ্টালজিয়া - Poem by Parishmita

 নষ্টালজিয়া ...


পুৰণি মদৰ বটলত ভৰাই ৰখা
নতুন মদৰ দৰেই
মনৰ ঊঁৱলি যোৱা কোঠাবোৰ
এতিয়া ঠাঁহ খাই উঠিব ধৰিছে
কিছু নতুন ভাৱৰ বুৰবুৰণি তোলা
কুহুমীয়া আৱেগৰ আৱেশেৰে ।
কোনোবা কাহানিতে 
হেৰাই যোৱা সপোনবোৰ
পুনৰ খামুচি ধৰাৰ এমুঠি হাবিয়াস
বুকুত সযতনে সাঁচি ৰাখি আজি
পুৰণি চহৰখনৰ ধূলিয়ৰি বাটবোৰে 
অজানা চাৱনিৰে চাই ৰয়
মুখ ওন্দোলোৱা
অভিমানী অতীতৰ ফালে ।
                                                 -- পৰিস্মিতা 

No comments:

Post a Comment