Nishiddha paras - নিষিদ্ধ পৰশ - Poem by Parishmita

উঠন বুকুখন হঠাৎ হৈ পৰে 
কছাইৰ হাতত হালাল হাবলৈ সাজু হোৱা
এটি জীয়া মঙহৰ টুকুৰা ।
হঠাৎ সৰৱ হৈ উঠা হাতখনে 
বোৱাই আনে এখন খৰস্ৰোতা তেজৰ নদী,
ওহোঁ,
এই ঢৌ বান্ধ ছিঙা বলীয়া যৌৱনৰ নহয়,
চৰম ঘৃণাত তিক্ত হৈ উঠা বিবেকৰ ঢৌ এয়া ।
চিনাকী চকুহালৰ অচিনাকী কামুক চাৱনিয়ে
জোঁকাৰি পেলাই আজি বিশ্বাসৰ পুৰণি দোলদাল,
আৰু 
সম্পৰ্কৰ বান্ধবোৰ শিথিল কৰি তোলা
এক অন্ধকাৰ মূহুৰ্তই দি যায় অনুভৱ
প্ৰেমহীন অশ্লীলতাৰে ভৰা নিষিদ্ধ স্পৰ্শৰ ।

                                                                   -- পৰিস্মিতা 

No comments:

Post a Comment