Dhangsastupar prem - ধ্বংসস্তুপৰ প্ৰেম - Poem by Parishmita

 হঠাৎ হেৰাই যোৱাৰ বেদনাই
যেতিয়া অধীৰ কৰি তোলে মন,
আঁজুৰি আনিবৰ মন যায়
অতীতৰ সেই ক্ষণবোৰ,
ধূসৰ হওঁ হওঁকৈও হব নোখোজা স্মৃতিবোৰে
আজিও জীয়াই ৰাখিছে 
মৃত প্ৰেমৰ গল্পটো,
যাৰ চৰিত্ৰবোৰ হয়তো
কোনোবা কাহানিবাই হৈ পৰিছে ছেদেলি ভেদেলি ।
প্ৰেয়সীৰ অকাল অনুপস্থিতিত 
তেজ-মঙহৰ এটি প্ৰেম হয়তো
চিৰদিন জীয়াই থাকিব
কাহানিও নিঃশেষ হব নোখোজা 
ভাৱৰ বুৰবুৰনিৰ মাজত ।


                                     -- পৰিস্মিতা 

No comments:

Post a Comment