নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi

সাৰেং চৰাইৰ মাত

এদিন
গভীৰ ৰাতিৰ নিৰ্জনতাত মই শুনিলোঁ
মৃতজনৰ শুকান হাড়ৰ মাজৰ পৰা ওলোৱা 
এটা চেপা বিননি ।

প্ৰথম প্ৰথম মই সচকিত হৈছিলোঁ ।
এতিয়া এই সুৰটো শুনিবলৈকে
কেতিয়া ৰাতি হয় তাৰ অপেক্ষাত
ছটফটাই থাকোঁ,
আৰু স্মশান খনৰ মাজেদি যাওঁ -
সুৰটো সাৰেং চৰাইৰ
মাতৰ দৰে ।



পথৰুৱা গীত

তেতিয়াই যে আহিলোঁ
জলঙাৰে পোহৰ পৰোঁতেই
আৰু উভতি যোৱা নাই ।

বনৰ চৰাইৰ মাতে মাতে 
উটি গৈ আছিলোঁ
সেউজীয়া সোঁতে সোঁতে 
এতিয়া দেখিছোঁ
গোটেই গা
ছিৰিলি, ছিৰিলি
হাতত উকা সঁজাটো ।

আবেলিয়েই হ'লহি ।
আন্ধাৰ হওক আৰু
আন্ধাৰ গভীৰ হওক ।।



এটা বাতৰি

বিৰিণআৰ দৰে বাঢ়হি অহা
তোমাৰ মোৰ কথাবোৰে
আমাক লুকুৱাই থৈছিল ।

এতিয়া
তুমি গুচি গ'লা ।
মোক আটায়ে দেখিছে 
অনাবুৰত !


আয়না 

আটাইবোৰ আয়নাতে
মই তোমাৰ মুখ দেখোঁ -
ক'তো এখনো আয়না 
বিচাৰি নেপালোঁ
য'ত দেখা পাওঁ
মোৰ মুখখন 
এবাৰলৈ ।।



জোনাকী প্ৰহৰ 

সঁজাল দৰা আহিনৰ পথাৰৰ দৰে 
তোমাৰ চিঠিখন হাতত লৈ থাকোঁতেই 
মই টোপনি গ'লোঁ ।
দেখিলোঁ জোনটোক এটা 
সুমথিৰা টেঙাৰ দৰে 
মই চুহি খাইছোঁ -
মোৰ গাৰ পৰা
সৰি পৰিছে ৰুপালী জোনাক 
জিৰ্‌ জিৰ্‌কৈ ।



মৌনতা 

তোমাৰ মৌনতাক
মই চুমা খাইছোঁ
আলফুলে বৰ আলফুলে  -   
মোৰ ওঁঠত
লাগি আহিছে 
তজৰঙা মৌ
বাৰে বাৰে  ।


তোমাৰ হাতৰ ৰ'দ

তোমাৰ হাতৰ ৰ'দ
দুদণ্ডৰ কাৰণে 
পৰি থাকিবলৈ দিয়া
দুখৰ জলশয়ত 

তিৰবিৰাই থক
কঁজলা পানীৰ মুখ

গধূলি হয়, হয় 
উৰি আহি জুৰি
পৰেহিহে লাগে 
শাঁখিনী ৰাতিৰ শোক ।।



শব্দত 

বন্দুকৰ শব্দত
ৰাতি পুৱাই নে ?
ওহোঁ ।
পুৱায় -
সেই চৰাইটোৰ মাতত
যি কুটি খায়
ৰাতিৰ আন্ধাৰবোৰ
লাহে
লাহে ।

No comments:

Post a Comment