সন্ধিক্ষণ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sandhikkhon - poem of Nirmalprabha Bordoloi

আলোক সজ্জা-ছাঁ আৰু পোহৰৰ ঘন খেলিমেলি
           পুৱা নে সন্ধিয়া ঠিক ধৰিব নোৱাৰি ।
দৃশ্যপট - কেউপিনে অজস্ৰ কবৰ ।
           বোবা মুখৰতা 
           বতাহৰ শেঁতা ।
          তেজৰ ফুলেৰে ভৰা নিৰ্জ্জনতা হাবি ।

তাত - বহুদিন কয়লাৰ গভিৰ খনিত যেন
          কাম কৰি জীৰ্ণ হোৱা বুঢ়া দেহা এটা 
          কবৰৰ ওপৰত পৰি আছে হাঁয়,
          ওঁহো, এয়াতো এটা পাখি ভাগি পৰি থকা
          ক্লান্ত চৰাই ।

          পৰিবৰ বাবে সি ক'তো ঠাই বিচাৰি নাপালে
          (সেউজীয়া ঠানি এটা-কুমাৰৰ চোতালত থকা
          অজস্ৰ মাটিৰ মূৰ্তিৰ কোনো এক সৰু হৃদয়ৰ)
          কবৰ, কফিন আৰু কবৰৰ বাবে ।

          কাগজৰ দূভৰিত তাৰ
          আলতাৰ আলতীয়া বহু কেঁচা দাগ 
          সজাক ফাঁকি দি অহা শিকলিৰ সাঁচ,
          চকু তাৰ কেতেকীৰ ৰাতি মতা মাত
          নিয়ৰ টোপাৰ দৰে স্বচ্ছ তাৰ অকণি দেহাত 
          সময়ৰ ৰঙৰ 'ফ'কাছ' ।

          অৱশ নখেৰে সি ভৰি দিয়া মাটি চুই চালে 
          আৰু বিবৰ্ণ যাতনা লৈ নখ তাৰ কোঁচাই আনিলে ।
          পাছলৈ ঘুৰি চাই ডিঙি বেঁকা কৰি 
          বিচিত্ৰ ৰঙেৰে ৰঙা পাখি তাৰ এবাৰ কটালি
          আকশলে' মুখ তুলি, সি গালে এটা শেষ গীত 
          কোনো এক নতুন জীৱন ব কোনো এক
          পৰিপূৰ্ণ মৃত্যুৰ বাবে ।

No comments:

Post a Comment