সীতা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Sita poem of Nirmalprabha Bordoloi


সীমান্তত মোৰ এয়া দগ্‌মগ্‌ কৰি থকা 
ৰক্তধাৰা-সধবা শব্দৰ এক নিষ্ঠুৰ বিদ্ৰুপ !
অথবা এয়া যেন ৰঙা অগ্নিশিখা
ৰামৰ ৰাজ্যৰ প্ৰজাৰ বিক্ষুব্ধ তৰ্ক আৰু
নিৰুপায় ক্ৰোধ লেলিহান হৈ ।।

শুন্য দুচকুত মোৰ চিতাৰ কুকুহা ।
সতীত্ব নামৰ এক স্থিৰ সাধনাৰ
জীৱন্ত বিগ্ৰহ ভষ্ম হৈ গ'ল
সন্ধ্যাৰ চিতাত যিদৰে দিনটো জ্বলি
শেষ হৈ যায় ।।
ৰুদ্ধ হুমুনীয়া লাগি
বিবৰ্ণ ওঁঠৰ ৰং
হৃদয় এখনি মোৰ বিশ্বাসৰ নৈ
যি বৈ আহি স্থিৰ প্ৰত্যয়েৰে
হেৰুৱালে গতি তাৰ নিকৰুণ
অচিন মৰুত ।।

কেউকাষে মোৰ
শ্বাপদ সঙ্কুল নিৰ্জ্জন এই গভীৰ অৰণ্য
ঠিক যেন মোক ঘেৰি দণ্ডায়মান, নিৰ্ব্বিকাৰ
অযোধ্যাৰ প্ৰজা
মস্তক অৱনত যাৰ বিমুঢ় ভঙ্গীত ।
মূৰৰ ওপৰত দুৰন্ত সূৰ্যৰ কি যে প্ৰখৰ উত্তাপ !
নহয় উত্তাপ ! হয়তোবা ৰাজছত্ৰ
যেহেতু মই যে ৰাণী হাঁয় ৰাজৰাণী
ৰামৰ ৰাজ্যৰ ।।

ময় সীতা
নাঙলৰ জোঙাফালে
পৃথিৱীৰ গৰ্ভ ফালি
জন্ম দিলে মোক 
কৰ্ষণত জন্ম হোৱা মই কৃষ্টি
ভাৰতৰ শান্তি মই দেশৰ যৌৱন ।
জন্মৰ আগে আগে মোক যে ক'লে আহি
অজস্ৰ নদীৰ শান্ত গভীৰ প্ৰবাহে 
চন্দন সুৰভি সনা 
হিমালয়ৰ শীতল বতাহে 
আৰু আকাশৰ মেঘে 
"উঠি আহা পৰম ঐশ্বৰ্য্য
তুমি আহি কৰাহি বৰণ 
ৰাম তথা পৌৰুষক
সমগ্ৰ দেশৰ !'

ৰত্নময় সম্ভাৱনা থকা
পলসৰ প্ৰতিশ্ৰুতি শুনি 
সাৰ পালো ; থিয় হ'লো মাতৃ গৰ্ভ এৰি
হাঁহিলো জয়ৰ হাঁহি
কৰিলো বৰণ স্থিৰ লক্ষ্য আৰু
শক্তি দেখি ৰাম হৈ প্ৰতিবিম্ব হোৱা
গণ-দেৱতাৰ ।
সত্য ৰক্ষাৰ বাবে বনবাস -
নিজ মহত্বৰ বাবে সেয়া ৰামৰ
পৰম সাধনা ।
অনুপ্ৰেৰনা হৈ তেতিয়াও ৰ'লো মই
শান্তি ৰ'ব অব্যাহত মই কামনাৰে ।

তথাপি শুনিলো চিৎকাৰ
স্বেচ্ছাচাৰী সামন্ত শক্তিৰ ।
ৰাৱণ অশান্তি
ৰাৱণ সম্ৰাজ্যৱাদী, ঐশ্বৰ্য লুণ্ঠনকাৰী
দুৰন্ত লালসা
ইচ্ছাৰ কৰ্ষণ নহয়, এইবাৰ আক্ৰমণ
ছলনাৰে, শক্তি প্ৰয়োগেৰে
নিবিড় শান্তিক ।।

ৰামৰ এইবওৰ হ'ল চৰম পৰিক্ষণ
ৰাৱণৰ বন্দী হৈ ৰোৱা মোৰ
উদ্ধাৰৰ বাবে বিদ্যুত চেতনাৰে ৰাৱন বধৰ 
সেই অনিৰ্বাৰ গতি 
ৰাম তথা ভাৰতৰ পুঞ্জীভূত শক্তিৰ
আজি এক স্বপ্ন যেন বিশ্বাস নোহোৱা ।।

কিয়নো আজি যে ৰামৰ নাই
দুৰ্ব্বাৰ অজেয় শক্তি
তেতিয়াৰ দৰে ।
ৰাম আজি ৰজা 
ৰজা মাথো ৰাম ।।
ক্ষমতাৰ লোভ আৰু অতিসস্তা জনপ্ৰিয়তাৰ
চিক্‌মিক্‌ তীব্ৰ পোহৰে
ৰামৰ দুচকু আজি অন্ধ কৰি দিলে
শাসনৰ ৰাজদণ্ড আজি
কাগজৰ গদা  
ৰাজনীতি ক্ষণজন্মা ৰঙীণ ফানুচ
ৰজাৰ ব্যক্তিত্ব ভীৰুতাৰ ক্লীৱ অক্ষমতা ।।

মৰ্মাহত বেদনাত বোবা মই আজি ।।
বিদেশী শক্তিয়ে মোক কৰোতে লুণ্ঠন
বেদনা আছিল সঁচা
কিন্তু এই পৰজয়ৰ এই গ্লানি
তেতিয়া নাছিল 
সজ্ঞানে ৰামে মোক দিয়া এই আঘাতত
তীব্ৰতম যি লজ্জা আছে -
আপোন আস্থাৰ কাষত
লাঞ্ছিত যেতিয়া ।
মোৰ গৰ্ভত থকা
অজাতক নতুন শিশুৰ
পোহৰ পিয়াসী ক্ৰন্দন ৰামে নুশুনিলে
নিষ্ঠুৰ উপেক্ষা সেয়া 
নৃপতিৰ ভৱিষ্যত অঙ্কুৰৰ প্ৰতি
এই মাটিৰ কৰুণ শিশু আজি
অসহায়, আশ্ৰয় বিহীন ।
স্বৰ্ণসীতা গঢ়ি আজি ৰামে হেনো
মহাযজ্ঞ কৰিছে ৰচনা
জীৱন্ত সীতা গঢ়াৰ প্ৰয়াস
কি যে এক হাঁহি উঠা ভুৱা প্ৰতাৰণা 
ধুলিত লুণ্ঠিত সত্য তাৰ প্ৰতি দৃষ্টিহীন
ভণ্ডামিৰ এই চিত্ৰ দেখি
এতিয়াও নিৰ্ব্বিকাৰ প্ৰজা ।।
আকৌ আহ্বান মোক -
অগ্নি এক পৰীক্ষাৰ বাবে
ধিক্কাৰত ধৃতি শেষ হয় ।
পৌৰুষৰ এই দুৰ্বলতা অসয্য অসয্য
এইবাৰ শান্তি মই কৰিম অদৃশ্য মোৰ নিজৰ
অস্তিত্ব 
পাতাল গৰ্ভত 
সত্য এক বিচাৰৰ সূৰ্য শিখা আহি
নজগায় মানে,
জীৱন বীক্ষাৰে পূৰ্ণ বিবেকৰ তীক্ষ্ণ সিৰলুৱে
আন্ধাৰৰ ক্লেদ আহি
নঁতৰায় মানে ।।

No comments:

Post a Comment