চাৰমন - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - sarmon - Poem of Nirmalaprabha Bordoloi

এজনী চৰাই মই এতিয়া
উৰাই দিলো
গৰ্ভৰ অন্ধকাৰ বন্দৰে বন্দৰে
ন দহ মাহলৈ নাওঁ চপাব খোজা 
সোণালী শস্যৰ হালধীয়া কণ কণ 
বীজৰ কাণত
এটি কথা  ক'বলৈ মাথোঃ
যদি সিঁহত ফুল হয়, ফুল হওঁক
মথো তিলফুল
শ্মশানত
মৃত্যুৰ বক্ষত ভৰি থৈ ফুলিবৰ বাবে ।
ফল যদি হয় হওক সুৰ্যোপম ফল
ৰাতিৰ তপস্যাৰ যি সফলতা আনে,
যাৰ ৰসে প্ৰাণ দিব প্ৰাচুৰ্যেৰে ওপচাই
পৃথিৱীৰ শাখাই শাখাই ।।

No comments:

Post a Comment