জাৰ্নেলিষ্টৰ ডায়েৰীৰ পৰা - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Jarnelistor dayerir pora - Nirmalprabha Bordoloi

              এক

হাজাৰ হাজাৰ নগৰ দেখিলো
                            - স্তব্ধ
অগণন টকাৰ নৃত্য দেখিলো
                            - মুগ্ধ
মৃত্যু, অপমৃত্যু গচকি আহিলো
- সিযে সবাতকৈ তুচ্ছ ।


               দুই 

হাঁহি উঠে মোৰ বৰ হাঁহি উঠে
এটা কথা মাথো তাৰেই বাবে,
এই পৃথিৱীয়ে 
নিজৰ নখেৰে মুখত আঁচুৰি
গন্ধ-মাদন বিচৰা বাবে ।


              তিনি 

চাৰ্কাচৰ ক্লান্তিহীন বহুৱালি চাই
ওভটাৰ বাট বিচাৰিলো,
এনেতে দেখিলো
দুৰৰ গেলেৰীত
কাপোৰেৰে মুখ ঢাকি উচুপি উচুপি থকা
প্ৰথম কেচুৱা মৰা তিৰোতাৰ বুকুৰ কান্দোন ।
ইকি ! মুখ ঢাকি কান্দি থকা সেয়াচোন
আমাৰ ঈশ্বৰ !!!

No comments:

Post a Comment