বশিষ্ঠত দুপৰীয়া - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - bashisthat dupuriya - Poem of Nirmalprabha Bordoloi

সেউজীয়া ৰ'দবোৰ জিল্‌মিলাই আছিল
হাইতাল বৰণৰ বতাহত,
জিলিৰ মাত সোনাৰুফুলৰ দৰে 
ওলমি আছিল 
গভীৰ অৰণ্যৰ অ'ত ত'ত ।

জিৰ্‌ জিৰ্‌ জিঁ জিঁ
জিৰ্‌ জিৰ্‌ জিঁ জিঁ
শব্দৰ ধাৰষাৰ বৰষুণত
মোৰ সমগ্ৰ সত্ত্বা তিতি গ'ল -

হাতৰ আঙুলিৰ আগেদি
মই বৈ গলোঁ
অৰণ্যৰ গভীৰতালৈ, 
ভৰিৰ তলুৱাইদি 
মই বৈ গ'লো ঁ
শিপাৰ গভিৰতালৈ,
উশাহত পোৱা গ'ল 
শিলৰ খোৰোঙত, জুৰিৰ পানীত,
জিলিৰ মাতত, বনৰীয়া লতাত,
ওখ গছবোৰৰ পাতত !

ৰৈ থাকিল সাক্ষী হৈ 
নিৰ্জন সে দুপৰীয়াটো !

No comments:

Post a Comment