এনলিচিচ্‌ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Analisis - Poem of Nirmalprabha Bordoloi

দুপৰৰ বৰ্ণহীন ৰ'দালিয়ে 
এদিন সুধিলেঃ
জীৱনৰ মানে কি ?
আউল নালাগি থকা জাপানী পাটৰ নেচা এটা ??
কাষ্টাৰ্ড, জাম আৰু আখৰোট কাঠৰ কোৰাচ ??
বিলাতী ফুলৰ নাম উশাহত মাতি যোৱা
'জুন' চেণ্ট সানি লৈ ৰিটাৰ্ণ ভিজিট দিয়া 
দাৰ্জিলিং ছিমলাত ছুটি কটাব পৰা,
দু অনীয়া কাগজৰ শিৰোনামা শুনি লৈ
ৰাজনীতি কৰা আৰু পাচতে পাহৰা
পাৰ্টি, কাৰ্পেট আৰু কাশ্মিৰী কোটৰ গৌৰৱ ??
: নহয় নহয় । সেইবোৰ স্বচ্ছল স্থিতি আৰু 
ক্ষয়িষ্ণু মৰণ ।
কিন্তু উত্তৰ কি বাৰু ? কি ?
উত্তৰৰ বহী মোৰ শেঁতা পৰি ৰ'ল হায় এখিলা 
কাগজ 
মাথো হৈ ।
অকৌ এদিন মোক সেইজীয়া ঘাঁহে 
শুধিছিলঃ
প্ৰেম মানে কি বাৰু কোৱা ?
দুখন চিনেমা চোৱা বক্সত বহি ??
চকুৰ ৰেকৰ্ডখনত নতুন পিনেৰে মাথোন
ঘুৰাই ঘূৰাই আকৌ ঘুৰাই বজোৱা ??
ভুলকৈ আওৰোৱা কবিতাৰ ঢাকনিৰে 
ঢাকি থোৱা আদিতম তৃষা  ? ? ?
ঃনহয় নহয় সেয়া, অক্ষম ক্লীবতা, যত তৃপ্ত হ'ব
খোজে তেনে হৈ ।
তাকে শুনি টেঙেচীৰ ফুলবোৰে হাঁহি দিলে
অকমণি চকুবোৰ আৰু সৰু কৈ ।

পৃথিৱীৰ দেৱালৰ চক আৰু আঙঠাৰ 
হিজিবিজি আখৰে এদিন 
লগ পাই সুধিলেহিঃ
শান্তি মানে কি তুমি জানা ?
জহকালি ফেনৰ আৰাম ? ?
নিশ্চিন্ত টোপনি আৰু আৰ্থিক নিৰ্ভয় ? ? ?
ঃ অসম্ভৱ ! এনিমিক অনুভুতি নিৰুপায় মাথো
তাকে লৈ;
কপৌৰ মাত, আৰু শাল, তাল, সৰিয়হ বনৰ মাজত
অশিৰীৰী ব্যাপ্তি লৈ থকা নিৰাকাৰ বোধ এটা
সন্মুখত থৈ ।

নীল বৰণীয়া এক পখীৰ গানৰ সুৰে
এদিন সুধিলে ঃ
পৃথিৱীৰ অৰ্থ বাৰু কি?
ভৰিৰ তলত থকা
শিল আৰু ধূলিৰে মিহলি এই মাটিখিনি ?
আলি আৰু পদূলিৰ অৰ্থহীন এই কটা-কটি খেল ? ?
মেপত সদায় দেখা ঘূৰণীয়া চিনাকি গোলক ? ? ?
 ক্ষমা কৰা, উত্তৰ আমি যে হায় কেৱে নিশিকিলো
নহয় নহয় বুলি মাথোন জানিছোঁ !
হাঁয় ! আমি তাকে যে জানিছোঁ !!


No comments:

Post a Comment