তোমালৈ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - tomaloi - Poem of Nirmalprabha Bordoloi

মই জানোঁ, তোমাৰ লগত মোৰ
আকউ সাক্ষাত হ'ব
তোমাৰ চকুৰ নীলা
হ'ব মোৰ আশ্ৰয় আকাশ
তোমাৰ দেহৰ সেউজ
হ'ব মোৰ পৰম আশ্বাস
তোমাৰ সুৰভি মই পোৱা নাই, দেখা নাই
তথাপি জানোঁ যে এয়ে 
বিচাৰি ফুৰিছোঁ মই
তোমাৰেই সেউজী সুবাস ।

মই জানোঁ, চিৰমৌনা
তুমি আহিবা;
লাও-জিকা শাক আৰু
মানিমুনি দুৱৰিৰ
ধাননি, তামোল আৰু সৰিয়হ বননিৰ
শ্যামলিমা লই,
প্ৰখৰ এই তাপৰ পাচত
কানিমুনি সময়ত
বাঁহলে উভতি অহা চৰাইৰ মনৰ দৰে হৈ ।
দেখা দিবা
'মহানগৰী' বুলি ধোৱা আৰু ছাইয়ে
তোমাৰ আখৰ সাজি নাম লিখি থোৱা
বেঙুনীয়া প্ৰান্তৰত আহি
আপোন আপোন লগা
সহজ ৰূপত
উকা গাত জপাই গৰকা
ৰিহা লৈ ।
তোমাৰ চুলিৰ পৰা সৰি পৰা টোপালত
তিতিব শুকান ওঁঠ
কলৰৱ কৰি যেন উৰি যাব হাঁহাকাৰ
শেঁতা ভাপ হৈ ।

তোমাৰ দেহৰ পৰা
জিৰ্‌ জিৰ্‌ পৰি যোৱা
পকা পকা, ধাননিৰ
কমলা ৰঙৰ সেই সমস্ত সুঘ্ৰাণ
লৈ মোৰ দুচকুত নামিব আবেশ
কাঁচি আৰু বিৰিয়াৰে
ৰ'দে পোৰা সোণ আৰু কুৱলিৰে খেলি মেলি
হেমন্তৰ সেই সন্ধিয়াত
বহু যুগ শোৱা নাই, শুম মই সেইদিনা 
অকৃপণ অকৃত্ৰিম
ধানখেৰ নৰানিৰ কুহুমীয়া উম সনা
তোমাৰ কোলাত ।
কেউকাষে মোৰ, সিঁচি দিবা সেই দিনা
গাঁৱৰ পুখুৰী যেন নিৰুদ্বেগ স্থিৰ বিশ্বাসক,
জগাবলে' কবা মোক
সজীৱ, কৰ্মঠ আৰু
সকলো খবৰ মোৰ আহোঁতে যাঁওতে লোৱা
বুকুৰ আপোন সেই 
গাৱৰ বাটক ।

No comments:

Post a Comment