ভাঙি দিয়া ডালটোৰ
হেজাৰ শুকান পাতে
মাটিলৈ পৰাৰ আগতে
এবাৰলৈ আকাশলৈ চালে
তাৰ পাছত
স্তব্ধ কান্দোনে তাৰ পাৰ ভাঙি পৃথিৱী কঁপালে ।
হেজাৰ শুকান পাতক
বুকুৰ কাষত লৈ
মাটিৰ বুকুৰ সেয়া কোনে জানো মূৰ তুলি ক'লে
"পৃথিৱী কাৰ বাবে
তাকে জানো কোনোবাই কবকে পাৰিলে ?"
দুচপৰা ইটাৰ ফাঁকত গজি
বগাই উঠিব খোজা
সেইবোৰ আঁহতৰ পাত,
সেইবোৰ অঙ্গীকাৰ
পোকে কুটা জৰি,, বৰ তামোলৰ বিবিধ
গছৰ খোৰোঙাৰ গাত ।
স্তুপীকৃত কাঠ আৰু শিলৰ মাজৰ
চুলি যেন সুৰুঙাত মূৰ দাঙি উঠা
শেঁতা শেঁতা মুখলৈ সেইবোৰ কেঁয়াবন,
সেইবোৰ এধানি দুবৰি
সেইবোৰ বুমাৰেং
সেইবোৰ জীৱনৰ অখণ্ড সঁহাৰি ।
No comments:
Post a Comment