হৰিণাটো - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Harinato - Poem of Nirmalprabha Bordaloi

বাৰিষাৰ টলমল্‌ পানীত
মুখখন দেখোতে নেদেখোতেই 
পানীবোৰ নাচি নাচি যায়গৈ ।

ফুটুকা ফুটুকী হৰিণটো
এইবাৰ জুৰিটোৰ ফালে 
আহিল ।

শুকাই অহা জুৰিটোৰ পানীত
নিজৰ মুখখন হৰিণাটোৱে এইবাৰ 
ফটফটীয়াকৈ দেখিলে ।

হৰিণাটোৱে একান্তভাৱে 
হেমন্তৰ জুৰিত 
নিজকে চালে
আৰু নিজৰ মুখখন মৰম কৰিবলৈ 
পানীযুঁৱলিত আঁঠুকাঢ়ি
দুয়ো ওঁঠ আগবঢ়াই দিলে -
পানীলৈ ।

1 comment: