নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi

অব্যক্ত 

পানীযুঁৱলিত হাত তিয়াই
দিনৰ পিছত দিন ।

আঙুলিত খুটিয়াই
ক'ত যায় সেইবোৰ
লীলাৱতী, গৰ্ভৱতী মাছ ?
শুহি লৈ যায় নেকি
আঙুলিৰে বৈ যাব খোজা 
ইচ্ছাৰ জান-জুৰিবোৰ ?

নিমাওমাও
জয়াল সন্ধিয়া 
এবুকু ।।



অন্ধকাৰ

মই মোক বহুদিন লগ পোৱা নাই
দিনে সিনে বাঢ়ি যায় পথৰ দুৰত্ব
কতনা যোজন, হজাৰ হাজাৰ যেন 
এনে লাগে যেন - 
স্তৰ স্তৰ
স্তৰৰ
পাছত
মই
অন্ধকাৰ আগ্নেয় গৰ্ভত !

অষ্টাঙ্গ মাটিত পৰি জুমি জুমি চাওঁ,
একোকে নেদেখোঁ,
নিৰন্ধ্ৰ এন্ধাৰ ।

কেৱল জানো যে মই ইয়াতেই
এইখিনিতেই এদিন আছিলোঁ - 
এইবোৰ শিল , ধূলি, বাঘঢকা , ফুটুকাৰ ফুলে 
মেলাহিকে ছাটি থোৱা বনৰ মাজত ।



ৰাতিৰ বাঁহী

ওৰেদিন বিভিন্ন কৰ্মব্যস্ততাত
মই শুই থাকোঁ ।
সাৰ পাওঁ, যেতিয়া চকু মুদো ৰাতি ।
আৰু গোটেই ৰাতি
শুকান হাড়ৰ স্তুপৰ মাজেদি সৰকি অহা
বাঁহীৰ এক কৰুণ সুৰ শুনোঁ ।।



শূন্য লগ্ন 


বাটৰ কাষৰ আমন-জিমন মগনীয়াৰ দৰে 
দিনবোৰৰ হাতলৈও মুখলৈ চাইছোঁ ।

বেলি পাটত বহিল ,
সন্ধিয়ালৈ
বেছি পৰ নাই ।



ছাই 

ৰু ৰুৱাই পুৰিছে , শুনা নাই ?
চন্দন কাঠৰ জুই ।
মোৰ বুকুৰ কপোৰখন
গুচাই চোৱা -
এমুঠি ছাই ।



দুখৰ পাহাৰ 

বুকুৰ 
চুলি যেন সাকো ডালতে
দুখৰ পাহাৰটো  ।
বালিত পোত যোৱা 
নৈখনে বিনাইছে ।

বুকুৰ
ঠিক লাহি শিৰডালতে
দুখৰ পাহাৰটো ।
বালিত পোত যোৱা 
নৈখনে বিনাইছে ।।


সংঘৰ্ষণ

মূৰত ভাগি পৰিছে আকাশ,
বুকু দি পৰিছো শিলত ।
গুহাৰ মাজত টিঙিৰি জ্বলিছিল -
শিলৰ বুকুত শিল  ......... ।।


এনেকৈয়ে

ফুলৰ কলি এনেকৈয়ে সৰে
তৰুণ নদী এনেকৈয়ে মৰে -
নিৰ্বিকাৰৰ 
ধূলিৰ ধূমুহা বলিলে ।


সোণালী ফিছাৰ মাছ

আন্ধাৰ জলাশয়টোত
কক্‌বকাই মৰিল 
সোণালী ফিছাৰ মাছ
সি পানী কাটি গৈছিল
ফিছাৰে,
সি পানী কাটি গৈছিল
ফিছাৰে,
সি পানী কাটি গৈছিল
বুকুৰে -
এদিন তাৰ শীৰ্ণ কোৱাৰি ফালি
উবুৰি খাই পৰিল
সেই ভয়ঙ্কৰ সমুদ্ৰ -
একেখিনি পানী !

সি পানী খালে 
পানীয়ে খালে -
সোণালী ফিছাৰ মাছ !


এজোপা গছ 

মোক লৈ মোৰ যেন 
কি বিপদ !
একেবাৰে ঠৰঙা
অভজা
এজোপা গছ ।
শিপাও নেযায় দুৰলৈ,
পাততো নপৰে
ৰ'দ, 
ভাগিও নভগা 
আজলমঠালি
মথ ।
কি বিপদ !


জৰাজীৰ্ণ

কতদিন হ'ল !
বুৰিলে ঘৰ,
উঁৱলে 
শালৰ শিপা ।
ৰ'দ আহিবনে ?
থাকিব নে বাৰু 
পচা জপাটোত
ৰ'দত
দিবলে'
কিবা !!


স্মৃতি

মই চকু মেলাৰ লগে লগেই
সিঁহত আহে ।
নেযায়গৈ ।

কোমল হাতবোৰৰে
পাছফালৰ পৰা দুচকু জপাই ধৰে
বুকুৱে পিঠিয়ে উঠি
মোক সাৱটি থাকে 
অন্য একো কৰিবলৈ নিদিয়াকৈ ।

শেৱালিফুল কেঁচা ঘাঁহৰ বুকুলৈ
নামি যোৱাৰ দৰে 
সিঁহতৰ আলফুল স্পৰ্শ
মোৰ তেজৰ গভীৰলৈ নামি যায় ,
চকুৰ টোপালেৰে সৈতে ময়ো নামি যাওঁ
আৰু দিনটো উমলি কটাই দিওঁ ।


কৰুণ প্ৰহৰ 

কপউৰ ৰুণত ৰ লাগি ম্মোৰ ল'ৰালি
মোৰ যৌবন
পাকঘুৰণি খাই খাই 
ওলমি ৰোৱা শুকান বতাহত ।
শেলুৱৈ ভৰা সেউজীয়া পুখুৰীটোৰ 
থৰ পানীৰে নামি যোৱা ঘাটত
মোৰ বৰ্তমান ।
শিলত পৰি ফাটি যোৱা 
পকা ফলৰ গোন্ধত
মোৰ স্বপ্ন -

তলত
মাটি
আছে নে ?
মাটি ?

1 comment: