অন্য হেমন্ত - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Anya hemanta - Poem of Nirmalprabha bordoloi

চকুৰ সৰিয়হ ফুল
পথাৰ ছানি ফুলিছে 
দিনে দিনে ।

কাঁচিৰ আহে
ফালি ফালি চায় বুকু ।
ছিটিকি পৰে
ফিৰ্‌ ফিৰ্‌ কৰে -
তেজত থকা 
মিৰিকাবুলীয়া 
ৰবাব টেঙাৰ গোন্ধ ।

চৰগ পৰা 
বুকু কাটি নিয়া 
নৰা ।

No comments:

Post a Comment