বহাগ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bahag -Poems of Nirmalprabha Bordoloi

    বহাগ 
       ১


এনেকুৱা লাগে -
যেন কচক্‌ কচক্‌কৈ উঠিব
কুমলীয়া তিয়হঁৰ কেঁচাখিনি ।
এনেকুৱা লাগে -
নদী যেন বৈ যাব 
এখন এখনকৈ বাৰখন গাঁৱৰ 
নিৰ্জনতা ভাঙি ।।


    বহাগ 
      ২

জুই জ্বলিল
এডাল, দুডালকৈ
বাৰডাল পাকৰিগছত ।
জুই জ্বলিল আৰু 
নুমাই গ'ল ।

ছাইৰ দ'মটোত
আজি দেখিলোঁ
সেউজীয়া হাবিৰ গোন্ধ লৈ
এটা সোণ-জ্বলমল
হৰিণা ।।


      বহাগ 
        ৩

কুঁহিপাত এটাৰ দৰে
দলি আছে গোটেই গাওঁখন
কেতেকী ফুলৰ গোন্ধত ।

আঁহত গছৰ মাজেদি
সেউজীয়া বেলিটো ।

দেহৰ বনত
কুলিৰ মাত
জুৰিৰ দৰে ।।



      বহাগ
        ৪

যেন কেউটা ডাল
দোঁ খুৱাই ফুলিছে
ৰ'দ আৰু জোনাক 
একেলগে ।

পথাৰমুৱা ভৰিত এতিয়া
বিহুনাচৰ ৰাগি ।।

No comments:

Post a Comment