দেউতা, তুমিতো প্ৰায় আশীতেই দিলা ভৰি
আৰু আঠ বছৰ গ'লেহে পামগৈ তোমাৰ আধাৰ গুৰি ।
আৰু আঠ বছৰ গ'লেহে পামগৈ তোমাৰ আধাৰ গুৰি ।
পূজাৰ উপহাৰ আগেয়ে তুমিহে দিছিলা আনি
এইবাৰ তোমাক পূজা-উপহাৰ দিম আটায়ে আমি ।
উপহাৰ এযোৰ নতুন চশমা তুমি দেখিবৰ বাবে
চকুৰ পলকত মন্দিৰবোৰত মেলিছে কেনেকে সলনিৰ ফাঁট
আত্মাৰ শৱ শাৰী শাৰী হৈ ৰচে প্ৰগতিৰ বাট ।
এয়া এটা চোলা ৰং-বিৰঙৰ তুমি পিন্ধিবৰ বাবে
" কৃত্ৰিমতা"ৰ "জটিল" সূতাৰে সিয়া আছে জোখে-মাপে ।
তুমি জানা মাথো "সহজ"ৰ কথা, নিৰ্ভীক ডাঙৰ মাত
কিন্তু সেয়া আজি অচল মোহৰ, অচল তোমাৰ সাজ ।
এয়া এডাল লাখুটিও দিছোঁ - চতুৰ ফাঁকিৰে সজা
তোমাৰ আগৰ চিনাকি বাট আজি শেলুৱৈ গজা ।
লগতে এটা "খবৰো" পঠালোঁ ৰঙা কাগজেৰে ঢকা
এই উপহাৰৰ ওপৰত আছে "সভ্যতাৰ দান" লিখাঃ
"জীৱনৰ দিন শেষ হৈ আহিল" বুলি নকৰিবা শোক
আমাৰ জীৱন যে আৰম্ভই নহ'ল; ভাবাচোঁ কিমান দুখ !
শ্মশানৰ কথা ভাবি তুমি শুনা এবাৰো নুঠিবা কঁপি
আমালৈ চোৱা -
কেউকাষে জ্বলা চিতাৰ মাজতে আমি আছো এয়া খপি ।
নিজে ভস্ম হোৱাৰ নিজে সাক্ষী আমি - তোমালৈ
যাচিলোঁ খবৰ
(কিয়নো) প্ৰতিনিধি বুলি তোমাকেই এক শ্যামল, নিবিড়
ঐশ্যৰ্যেৰে ভৰা ৰাংঢালী জীৱনৰ ।
No comments:
Post a Comment