বিহু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Bihu - Poems of Nirmalprabha Bordoloi

       বিহু
        ১

 গাৱৰ গাভৰুবোৰে
কালিলৈকে বৈ আছিল
পেঁপাৰ মাতটো তাঁতত ।
অজি সিঁহতৰ ভৰিত
নাচনী পথাৰবোৰে 
ধূলিৰ জুনুকা আঁৰিছে ।


      বিহু
        ২

গাওঁখনত দুদিনলৈ' 
দুখবোৰ পোত গ'ল
দুবৰি বনৰ গুৰিত ।

ল'ৰাবোৰে উৰুখাচাল
সুৰৰ জোনাকেৰে
চাইছে ।।


     বিহু
       ৩

টোপাটোপে সৰা
কুলিৰ মাত
গাঁৱৰ ল'ৰা - ছোৱালীহঁতে 
জেতুলীপকাৰ দৰে 
হাবিখনত 
বিচাৰি খালে ।

এতিয়া সিঁহত
পখিলা ।।



No comments:

Post a Comment