এটা স্কেচ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Eta Sketch - Poems of Nirmalprabha Bordaloi

 ডেউকাত ভাগৰৰ কাজল বৰণ সানি 
অৱশ দুখানি পাখি মেলি 
গাঁৱৰ গধূলি আহি বাঁহনিৰ জোপাত পৰিল । 
ছাঁত তাৰ ভয় খাই 
দিনটোৱে কুচিমুচি আহি
ভিতৰ সোমাই গৈ
টিপ চাকি এটা হৈ
ঘৰত  জ্বলিল  ।

পথাৰ , চোতাল আৰু
ঢেঁকীশাল সামৰি সুতৰি
ঘৰৰ বোৱাৰীজনী আহি 
মূৰৰ ওৰণি টানি
কেচুৱা কোঁচত লৈ
দুৱাৰৰ চুকত বহিল,

তৰাদৈয়ে জাল দিয়া ধানৰ
জঁকাৰ তলৰ
জেং খৰিৰ জুইকুৰা ডিঙি মেলি চাই
ঘৰৰ মুধত ৰৈ
বুকুত কেচুৱা লৈ
দীঘল ওৰণি টানি থকা 
আনজনী মাকলৈ চকুত পৰিল ঃ

এপৰ থৰ হৈ ৰৈ
গভীৰ স্নেহত যেন ওলগ জনালে
য'তে আছে তৰে পৰা - দুয়ো দুয়োলকে'
এজনী বোৱাৰী আৰু
আনজোপা নাৰিকল গছে ।

No comments:

Post a Comment