দ্ৰৌপদী - Droupadi - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nimalprabha Bordoloi

মই ব্যতিক্ৰম ?
নহয়, নহয় ।
মই যে মই যে মাথোঁ চিৰন্তন নাৰী
যুগমীয়া ৰহস্যেৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ 
প্ৰকাশ ।
মোৰ বাসনাত কোনো নতুনত্ব নাই ;
আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে 
মনৰ মজিয়াত মোৰ আল্পনা আঁকে
মোৰ দোষ ক'ত ?

মই মাথো কৰি গ'লোঁ
সত্যৰ সহজ স্বীকাৰ ।
যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত
সৰ্ব্বদায় গুপ্ত হৈ থাকে ।
হাঁহি উঠে, আৱৰণৰ আঁৰত আমি সকলো উলঙ্গ ।।

প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে ?
যেতিয়া নিজকে ভাৱো সৱাতকে ঐশ্বৰ্য্যমণ্ডিতা বুলি
সকলো পাইছো বুলি গৰ্ব্বিত ভঙ্গীত স্ফীত হৈ উঠোঁ ।
সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে
বিদ্ৰুপৰ হাঁহি
ধূৰ্ত এক খেলুৱৈৰ দৰে ।
চেতনাৰে দৃঢ হৈ থিয় হৈ থাকো মই 
মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰি ।
নহ'লেনো ধীৰ স্থিৰ মনীষাৰ ধৰ্ম্ম যুধিষ্ঠিৰ
শাল বৃক্ষ সম যেন দ্বিতীয় পাণ্ডৱ
শৌৰ্য-বীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জ্জুন
সৌম্য শান্ত, নম্ৰ বীৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ
পাঁচখনি উজ্জ্বল আলেখ্য থাকোতেও মনৰ পটত
আৰু এক ছবি আহি দোলে কিয় ঘনে ঘনে
কোনোটি ক্ষণত !!
বিচাৰোঁ কৰ্ণক  কিয় ? কিয় এই তৃষা জাগে 
আকণ্ঠ ভৰি মোৰ থাকোতে অমৃত ?
এয়া যে মায়াৰ খেলা 
দেহী আমি তথাপি কৰো যে বাস 
দেহৰ উৰ্দ্ধত ।
এয়া এক বিশেষ অনুভৱ বিশেষ স্তৰৰ 
এয়া এক মনসিক উপলব্ধি গভীৰ মনৰ
সৌন্দৰ্যই নহয় মাথহোঁ অপৰূপ অৱয়ব ভঙ্গী আৰু
সুললিত স্বৰ
সৌন্দৰ্য লুকাই থাকে বোধ, মেধা, বীৰত্ব,
পাণ্ডিত্য, ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত ।।
নাৰী মই যুগে যুগে সেই সৌন্দৰ্যৰে
অক্লান্ত পিয়াসী ।
মাতৃৰ সঞ্চয় তৃষ্ণা, লালনৰ ময়া থাকে
অচিনাকি ৰূপ লৈ হৃদয় মাজত
প্ৰতিটো ৰঙৰে, প্ৰতি পাহ ফুল যদি
থাকিলেহেঁতেন মোৰ
মৰমৰ, জীৱনৰ সৰু এই বননিখনত ।।


No comments:

Post a Comment