অবিকৃত মই এক
দুৰ্জয় প্ৰতিজ্ঞা ।
নাৰী মই, তথাপি নহওঁ নাৰী
সেই নাৰী ! মনৰ আকাশে যাৰ
ক্ষণে ক্ষণে বৰণ সলায় ।
সেই অৰ্থত ঃ অন্ধ স্বামীৰ বাবে
নিজৰ দৃষ্টিক যি আবদ্ধ কৰে ।
(ঢাকি ধৰিছিলো মই সুদীৰ্ঘ বছৰ ব্যাপি )
(মোৰ দুনয়ন, দৃষ্টিভ্ৰম নহ'বৰ বাবে) ।
মই এক অব্যয় বিস্ময় !
সাধাৰন মাতৃত্বৰ পৰা
কি যে এক ব্যাতিক্ৰম মই !
কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচ্ছন্ন
শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছো মই
নিজৰ স্বৰূপ ।
মাতৃ হ'লো সন্তানৰ - তথাপি নহ'লো মাতৃ
নিজৰ জীৱন যি আগুৱাই দি
অধীৰা, বাউলী হৈ কৰে তন্ময় প্ৰাৰ্থনা
পুত্ৰৰ কল্যানৰ বাবে ।
মইতো নহওঁ মাতৃ - মোৰতো সন্তান নাই
এশ পুত্ৰ ? সি এক হাঁহি উঠা কথা
এশ সুস্বপ্নৰ সি যে এক
কাল আৱিৰ্ভাৱ
সুখৰ স্বপ্নৰ বাবে
নিমীলিত কৰোত নয়ন !
যাৰ মাতৃত্বৰ অধিকাৰ নাই,
দাবী নাই,
কেনেকৈ হ'ব পাৰে মাতৃ তেওঁৰ নাম
মাত্ৰ মই ৰাজমাতা
ৰাজবধু, ৰজাৰ গৃহিনী ।
হায় 'মাতৃ' !
কি যে এক প্ৰশান্ত সমাহিত,
সুগভীৰ বিদ্যুৎবৰণী অৰ্থ
"মাতৃ" - দুটা শব্দত --
যেন এক সুশীতল গভীৰ সাগৰৰ
বুকুত যাৰ অনন্ত আকাশ
আৰু নিশ্চিত প্ৰত্যয়
- য'ত হেজাৰ ঢউৱে
পায় যেন পৰম আশ্ৰয় ।।
কত শত অস্ংখ্যাত
ছায়া ঘেৰা কুটিৰে কুটিৰে
ৰ'দ ৰঙা একোখনি
স্নেহৰ সাম্ৰাজ্যত
একছত্ৰী সাম্ৰাজ্ঞী স্বৰূপে
মাতৃ অধিষ্ঠিত
যত সন্ধিয়া সন্ধিয়া
তুলসী তলত কঁপে
মাতৃৰ মৰম
সন্তানৰ শিৰত সৰে
স্নেহৰ পাপৰি
আচলৰ প্ৰাচীৰত
ঠেকা খাই গুচি যায়
বিভীষিকা, ভয় ।
মাতৃৰ মায়াসনা মিঠামাত
য'ত হয় সন্তানৰ তীক্ষ্ণ বাঘজৰী
সেয়েতো ঘৰ, হাঁয় মিঠা আকাঙ্খাৰ
মোৰ সেই ঘৰ, সেই ঘৰ ক'ত ?
হায়, মই যে নহ'লো মাতৃ সেই অৰ্থত ।
কিন্তু মোৰ এই বেদনাৰ কিটো অৰ্থ আছে ?
হস্তিনাপুৰৰ মই ৰাজবধু হোৱাৰ পুৰ্বেই
এক পুত্ৰই জৰায়ুত সংগোপনে ল'লে আহি
ঠাই । অযোনিসম্ভৱ সেই পুত্ৰ
এয়া আছে মোৰেই বুকুত
এক পুত্ৰ - এক আৰু অদ্বিতীয়
ধৰ্ম্ম তাৰ নাম
তেন্তে ? তেন্তে দুখ কিয় ?
ঘৰত জ্বলিছে মোৰ এশখন চিতা জুই
এশখন কপালত
শ্মশানৰ মহাশুন্যতা ।
পৰা নাই জ্বলাব
ৰিক্ত এই এখনি পথাৰ !
শুকান দুচকু মোৰ
তাত মাথো জ্বলি আছে
এগছি পোহৰ
(অমবস্যাৰ গভীৰ নিশাত
(জ্বলি থকা তৰাটোৰ দৰে)
চাৰিওওকাষৰ এই
ভয়াবহ অন্ধকাৰ নাশি
অন্তঃসলিলা এক দুৰ্জ্জয় পোহৰে
সেই দৃশ্য দেখিবৰ বাবে ।
No comments:
Post a Comment