সুদীৰ্ঘ দিন আৰু ঋতু - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা - Poems of Nirmalprabha Bordoloi


বাট চ'ৰাৰ কবিতা 

সপোনৰ দেশৰ 
বাটচ'ৰাতে  
সময় গ'ল
ঠেলা-হেঁচাত ।

বুৰ মাৰিলে
হীৰা মুকুতাৰ দৰে
দিনৰ বেলি
ৰাতিৰ জোনে
ৰাতিৰ বেলি
দিনৰ জোনে

মুখ চুপতি
আৰু কাগজৰ সাকোঁত
ভৰি দি
ভৰি দি
সপোন দিঠক
দুয়োটা এতিয়া
তল যাঁও
ওপঙো ।


সমুদ্ৰ শঙ্খ

যাৰ বুকুত
বাঁহী
তোঁৰে হাতত
শঙ্খ

বুকুত বাঁহী
মুখত শঙ্খ
বাঁহীত যেনেকৈ
নৈ
শঙ্খ তেনেকৈ
সময়

শঙ্খ
সমুদ্ৰৰ ........
সমুদ্ৰ
আমাৰ
ৰক্তৰ 
তৰঙ্গেৰে ।


অভিষেক
(ঋক মন্ত্ৰৰ)

শিলে কথা কওক ।
আমাৰ স্তুতি
শব্দ কৰা 
শিলৰ কাৰণে ।
শিলৰ শব্দ
কেতিয়াবা
ঘোঁৰাৰ মুখৰ 
হাঁহিৰ দৰে,
কাঁঠ হাঁহিৰ দৰে,
পখীৰ
অন্তৰীক্ষৰ
গানৰ দৰে ।
শিলে কথা কওক ।
গোট মৰা শিলৰ সময়ে ।
শিল আৰু শিলৰ 
সংঘৰ্ষৰ মাজত থকা
সোম স্বৰূপ জীৱন
বৈ যাওঁক
পোহৰ হৈ
অমৃত হৈ
হে শিলবিলাক
তোমালোক নভগা,
ফাটি নোযোৱা,
নমৰা,
নিৰোগী,
অজৰ হোৱা ।


ঋক মন্ত্ৰৰ দৰে

মোৰ সোঁহাতৰ আঙুলিত
উৰি আহি পৰা
কপিঞ্জল চৰাইজনী
সোঁপিনে মাতা
সোঁপিনে 
অৰ্থব্যঞ্জক 
সোঁপিনে
সুমঙ্গল
বৰ্ষণ হওক

কপিঞ্জল চৰাইজনী
অৰ্থপূৰ্ণভাৱে
মাতা
নাৱৰ
নাৱৰ গুৰিয়ালৰ 
দৰে
গীত গোৱা
সোঁপিনে
সুমঙ্গল 
বৰ্ষণ হওঁক ।



সৰ্ব্বস্ব

কোনে ক'লে মোক ?
খোদিত কৰা
খোদিত কৰা
আনন্দ বিষাদৰ
শিহৰণ
আৰু স্তব্ধতা ।
কোনে ক'লে মোক ?
খোদিত কৰা
খোদিত কৰা
পতাকাৰ গতি
আৰু 
গতিৰ পতাকা
তীক্ষ্ণতাৰে
খোদিত কৰা
জীৱনক
মৃত্যুৰ
কষটি শিলত
কোনে ক'লে ?
কিয় ক'লে ?

খোদিত হওক
সৰ্ব্বস্ব ।


সত্য উচ্চাৰণ 

চৰাইৰ বাহ
বতাহত লৰে
শিপা নাই
সময়ে
দুয়োমূৰে
পোৰে
নিস্তাৰ নাই
পানী আছে 
কিন্তু
ৰণৰ দেৱীয়ে
তেজেৰে ধোৱে 
সকলোতে ।


কবি

তেওঁৰ
দুয়ো চকু
ঠিক যেন 
স্বচ্ছ আয়না
প্ৰতিবিম্বিত
তাত
সত্যৰ মুখ

তেওঁৰ
কণ্ঠৰ
শব্দত
সত্যৰ বিদ্যুত
তেওঁৰ
আঙুলিৰে
বৈ যায়
উচিতৰ
অনন্ত নিজৰা
তেওঁৰ নাম
কবি ।


এটা চেনিগেল লোকগাঁথা  
(আফ্ৰিকাৰ)

ঘোঁৰা ডাঙৰ
কাৰ মাজত
ঘোঁৰাৰ মাজত
তথাপি সেৱা কৰে
কাক ?
মানুহক ।
নাৰী ডাঙৰ
কাৰ মাজত ?
নাৰীৰ মাজত 
তথাপি তেওঁ 
সেৱা কৰে
কাক ?
সন্তানক ।
চিকাৰী ডাঙৰ
কাৰ মাজত ?
চিকাৰীৰ মাজত
চিকাৰীয়ে 
কি কৰে ?
সেৱা
কাক ?
গাওঁখনক ।
গায়ক ডাঙৰ
কাৰ মাজত ?
গায়কৰ মাজত 
তথাপি তেওঁ
গীত গায়
ৰজা আৰু 
বিষয়াৰ কাৰণে ।
সেনাপতি ডাঙৰ
কাৰ মাজত ?
সেনানীৰ মাজত 
তথাপি তেওঁ
সেৱা কৰে
কাক ?
নিজৰ খেলক ।
ৰজা ডাঙৰ
কাৰ মাজত ?
ৰজাৰ মাজত 
তথাপি তেওঁ
কি কৰে ?
সেৱা ।
কাৰ ?
প্ৰজাৰ ।


মৰ্ম বেদনা

ঝাড়ুৰ আগৰ
শূলি হ'বলৈ
মোৰ
বুকুত লাগে
ঝাড়ুৰ আগৰ
শূলি হোৱা
দেখিলে
মোৰ বুকুত লাগে
আমাৰ দুয়োহাতে
সূৰ্য প্ৰণাম কৰে
মনে প্ৰদক্ষিণ কৰে
সূৰ্য
তথাপি
আমি দীন, কৰুণ
মানুহৰ
পৃথিৱীত,
বন্দী পৰিস্থিতিৰ
পোতাশালত ।
জন্মতে মানুহ
মুক্ত ।


No comments:

Post a Comment