কবিতা - kabita - Poems of Ram Gogoi

অস্তাচল অভিমুখী ধাৱমান সূৰ্যৰ বিদ্ৰুপ
ভীষণ ৰহস্যময় এক সুদীৰ্ঘ ছাঁয়াই
বাৰে বাৰে প্ৰণামিলে পূবৰ আকাশ
জীৱন আগুৰি ল'লে সৃষ্টিৰ মায়াই
পাৰ হৈ আহিলোঁ কেতিয়া
ধুমুহা বিক্ষুব্ধ সেই নদী
উত্তাল যৌৱনৰ
সিপাৰত এৰি থৈ মণিমুক্তা
এই পাৰে আজি মোৰ
শুন্য হৃদয় ।


(২৭ জুলাই, ১৯৯৪ মাদ্ৰাজৰ পৰা চিঠিৰ লগত গীতা দাসলৈ লিখা কবিতা )

No comments:

Post a Comment