নিজম ৰাতি
তোমাৰ কাথা ভাবিলেই
তোমাৰ কাথা ভাবিলেই
মই স্পৰ্শ কৰোঁ
এখনি নিৰ্জন নদীৰ নগ্ন শৰীৰ ।
ভাহি যায়্য সেই নদীৰ বুকুত
তোমাৰ প্ৰেমৰ সাত সাউদৰ বেহা লৈ
চান্দোৰ ডিঙা
মোৰ বুকুৰ হেঙুল হাইতাল বুলীয়া
চতুৰ্দ্দশীৰ জোন ।
তোমাৰ কথা ভাবিলেই
মোৰ বুকুৰ মাজত বাজি উঠে এটি বাঁহী
আৰু তেতিয়া
ৰতিগন্ধা ৰাতিৰ
বেথাৰে সেমেকা নিৰ্জনতাৰ মাজত
বুকুত হাত থৈ
পলে পলে উৎকৰ্ণ হৈ মই শুনো
মোৰ নিজৰেই হৃৎস্পন্দন
আৰু মোৰ দুগালেদি নিগৰি আহে
বাঁহীৰ সুৰৰ দৰেই
দুধাৰি চকুৰ পানী
তোমাৰ কথা ভাবিলেই
মই এটা সেউজীয়া ঠিকনাৰ সন্ধানত
উদ্বাউল হওঁ । বহুদিন হ'ল
ঠিকনাটো ক'ত যে হেৰাই গ'ল,
নদীৰ নামত, জোনাকৰ নামত
বহুদিন কবিতা লিখাই নাই ।
বহুদিন তুমিও লিখা নাই
কাকিনী তামোলৰ কপৌফুলৰ কথা
মোলৈ এখন নীলা খামৰ চিঠি ।
অথচ, কি আশ্চৰ্য
তোমাৰ কথা ভাবিলেই
নিজম ৰাতি
মই স্পৰ্শ কৰোঁ
এখনি নিজম নদীৰ নগ্ন শৰীৰ ।
No comments:
Post a Comment