এঙা চোলাটো পিন্ধি ভোগাই চ'ৰাৰ মুখত থিয় হ'ল ।
লিগিৰাই সুধিলে, " দেউতা, দোলা নে ?"
"ঘোঁৰা" ভোগায়ে ক'লে ।
লিগিৰাৰ মুখ ক'লা পৰিল । কাৰণ দোলাত হ'লে তামোলৰ টেমা লৈ সিও কাষে কাষে যাব পাৰিলেহঁতেন । ঘোঁৰাত গ'লে দেউতাই কাকো লগত নলয় ।
ঘোঁৰা আহি চোতাল পোৱাৰ পিচত ভোগাই আকো ভিতৰ সোমাই গ'ল । ভিতৰলৈ চাই মাতিলে, "সুমলাৰ মাক !"
সুমলা আৰু সুমলাৰ মাক অৰ্থাৎ মাহিন্দ্ৰীয়ে দুৱাৰ ডলিত থিয় দিলে ।
"মোৰ অহাত অলপ পলম হ'ব পাৰে । চাওঁ আঙঠিটো ।"
সুমলায় ভয়ে ভয়ে মাৰ মুখলৈ চালে । এই বাখৰামি আঙঠিটো উকাকৈ মাকে পিন্ধি থকা তাই দেখিছে । বাখৰবোৰ কি হ'ল এদিন তাই সুধিছিলো । মাকে মাথো কৈছিল পিতদেৱে জানে বুলি । এইবাৰ তাই দেউতাকৰ ওচৰত লেন চেলাই ক'লে, " বাঘ চাবলৈ যাৱ পিতদেউ ? ইয়ালৈকো আনিবলৈ দিবি, আমিও চাম ।"
"বাৰু আই । সিঁহতে আনিবই নহয় ।"
মাহিন্দ্ৰীয়ে বাখৰ নোহোৱা জেঠীনেজীয়া আঙঠিটো মাজৰ আঙুলিৰ পৰা সোলোকাই হাতৰ তালুত লৈ থিয় দি থাকিল । ভোগাই লাহেকৈ যেন পাতল বস্তু এটাহে তুলি লৈছে, তেনেকৈ তুলি ল'লে । মাহিন্দ্ৰীৰ চকুৰ পানী এটোপ নিকাকৈ মচি থোৱা শুকান মজিয়াত পৰি তৎক্ষণাৎ শোহ গ'ল । ভোগায়ে এবাৰ মাহিন্দ্ৰীৰ ফালে চাই সুমলাৰ চুলি কোছাত হাত ফুৰাই দি ওলাই গ'ল । মাহিন্দ্ৰী তাতে থিয় দি ৰ'ল । বহুত পৰ ।
সুমলাই ক'লে। "ব'ল বৌ, সাধুটো কগৈ । দ'তটোৱে তেতিয়া কি কৰিলে ?"
"দ'তটোৱে তেতিয়া বুজিলে কোনোবাই তাৰ জীউলাওটো পালেগৈ" বুলি কৈয়েই টান মাৰি জীয়েকক লৈ মাহিন্দ্ৰী মাটিত পৰিলেগৈ । চকুৰ পৰা নামি আহিল ধাৰাষাৰ চকুপানী । সুমলায়ো কান্দিবলৈ ধৰিলে মাকে কন্দা দেখি ।
মাহিন্দ্ৰীয়ে ভাবিলে, ভোগায়ে কি কৰিব খুজিছে বাৰু ? ভোগাইৰ সকলো কথা আৰু কামতে মাহিন্দীয়ে এটা অশুভ ইংগিত দেখা পাইছে । কিন্তু ভোগাইৰ কোনো কথাই তাই ভালকৈ বুজিব পৰা নাই । আজিনো বাৰু আঙঠিটোৰ কি প্ৰয়োজন হ'ল ? ভোগায়ে কোনোকালে ক'ৰবালৈ গ'লে মাত লগাই নাযায় । আজি কিয় মাত লগাই গ'ল । সেই আঙঠিটো । মাহিন্দ্ৰীৰ শিৰৰ সেন্দুৰকণ যিদৰে তাইৰ সধবাৰ চিন, সেইদৰেই সেই আঙঠিটোও হ'ল তাই যে বৰুৱাৰ ঘৰৰ বোৱাৰী - তাৰ চিন ।কি কুক্ষণত জানো শাহুৱেকে সেই আঙুঠিটো সুমাই দিছিল তাইৰ আঙুলিত । তাইৰ মনত আছে তাইৰ আঙুঠি পিন্ধা আঙুলিত আঙঠিটো খোৱা নাছিল - ডাঙৰ হৈছিল - তেতিয়া শাহুৱেকে মাজৰ আঙুলিতে আংঠিটো পিন্ধাই দিছিল । ননন্দেকে হাঁহি মাৰি কৈছিল, "ককাদেৱেনো কি পুতলা এটা বিয়া কৰালে জানো, আঙঠি এটাও আঙুলিত নেখায় ।"
নাই, ছিঃ, নাই । এইবোৰ কথা ভাবিলে স্বামীৰ অকল্যান হ'ব, তাই ভাবিলে । তাই ভোগেশ্বৰীৰ ঘৈণী , বৰুৱাৰ বোৱাৰী, বৰুৱাৰ গিৰিহঁতনী । কুশ ফালি সম্প্ৰদান কৰি দিছিল ককায়েকে । অৰ্ধাংগী বেমাৰত পৰি থকা দেউতাকৰ মুখত দেইদিনা ফুটি উঠিছিল হাঁহি । দুঘৰ বৰ্ধিষ্ণু পৰিয়ালৰ মিলনৰ মাজেদি দুয়ো ঘৰতে শ্ৰী বাঢ়ি আহিব । কিন্তু কি হ'লগৈ । ধন আৰু মান, প্ৰতিষ্ঠা আৰু প্ৰতাপ ..... এইবোৰৰ পাশাখেলত দুয়োঘৰ ধ্বংসৰ বাটলৈ আগবাঢ়িছে । কিন্তু এই খেলা কেনেকৈ চলিছে তাই যেন ঠিক ধৰিব পৰা নাই ।
তাইৰ মূৰৰ ভিতৰখনত কিবা খেলিমেলি লাগি যায় । ভোগাই-বাখৰৰ এই মাৰাত্মক পাশাখেলৰ ঢালখন যেন লাগি যায় তাইৰ নিজক । এইখন ইমান দিনে পাশাখেল আছিল , এতিয়া যেন এ বাঘ ঢাল খেলা য'ত গুটিবোৰ গৰু নহয়, মানুহ । মানুহ কিছুমান লৈ খেলাৰ বাবেই যেন খেলখন ইমান মাৰাত্মক হৈ উঠিছে ।কিন্তু কোনেও গম পোৱা নাই খেলখন কিমান মাৰত্মক , কিমান আত্মক্ষয়ী আৰু তাই কেৱল নীৰৱ দৰ্শক ।
মাহিন্দ্ৰীয়ে কিমান দিন সপোন দেখিছে বাখৰ আৰু ভোগায়ে লাউখোৱা হাবিত পহু চিকাৰ কৰিছে । বাঘৰ মুখৰ পৰা পহু কাঢ়ি আনিছে দিয়ো - বাখৰৰ বুদ্ধি আৰু ভোগাইৰ সাহ । তাৰ পিচত সেই পহুৰে ভোজ দিছে ৰাইজক । মাহিন্দ্ৰীয়ে আগমঙহখিনি বেলেগে ভাজি দিছে দুয়োকে । কিন্তু যোৱা ৰাতি তাই কি দেখিলে ? একেই চিকাৰ, একেই ভোজ । তায়ো আগমঙহখিনি ৰান্ধি দিছে হিং আৰু জালুকেৰে । দুয়ো বহিছে ভোগাই আৰু বাখৰ । তাই যেন তেনেই সৰু ছোৱালীজনী । ককায়েকে মাতি নি তাইক ওচৰতে বহুৱাই তেওঁৰ ভাগৰে আগমঙহ অকণ তাইক খোৱাই দিব খুজিছে । লাজতে তাই খাব খোজা নাই । গিৰিয়েকে তেতিয়া কৈছে , " খোৱা , খোৱা ।" বাখৰে তাইৰ মুখত অকণমান আগমঙহ দিছে । মুখত লৈয়েই তাই দেখিলে সেইবোৰ মঙহ নহয়, মাটি - দলি চপৰা । দলিচপৰাবোৰকে সজাই দিছে তাই দুয়োকে । থুত্কুৰিয়াই তাই সাৰ পাই উঠিছিল ।
তাইৰ দৰে অসহায় আৰু যেন কোনো ক'তো নাই । আজি বা কি ঘটে ! ভোজ খোৱা সপোন হেনো দেখা বেয়া । তাই লৰালৰিকৈ গাটো ধুই ল'লে । যে সকলো দুশ্চিন্তা নাগফুটা কুঁৱাৰ শীতল পানীয়ে ধুই লৈ যাব - শাঁত পেলাব । গোসাই ঘৰলে গৈ ৰূপৰ চাকিটো জ্বলাই দি সেৱা কৰি উঠি তাই অলপ ভাবিলে । তাৰ পাচত দুটা মাটিৰ চাকিত দুডাল শলিতা সজালে, শকত গাৰো কপাহৰ শলিতা । তাৰ পিছত চাকি দুটাত তেল ধালি দি চাকি দুটা জ্বলাই আৰু এটা সেৱা কৰি ওলাই আহিল ।
ত্ৰয়োদশ অধ্যায়
No comments:
Post a Comment