Kakadeutar har - Nabakanta Barua - ককা দেউতাৰ হাড় - নবকান্ত বৰুৱা

ককা দেউতাৰ হাড় - নবকান্ত বৰুৱা



পলৰীয়া ৰজা গৌৰীনাথ সিংহৰ দিনত ভোগাই বৰুৱা ডেকা । অৰ্ধ অৰাজক এই অঞ্চলটোত লেখৰ মানুহ হৈ কেনেকৈ থাকিব লাগে তেওঁ জানিছিল । বৰফুকন কলিয়াবৰৰ পৰা যোৱাৰ যোৱাৰ পিচত সলাল গোহাঁয়েই হ'ল ইয়াত ৰাজশক্তিৰ প্ৰতিভূ । ভোগায়ে জানিছিল সন্মানৰ এছোৱা আহে ৰজাঘৰীয়া স্বীকৃতিৰ পৰা আৰু বাকীখিনি নিজে গঢ়ি ল'ব লাগে । তেওঁৰ উপৰি পুৰুষে এজনে জয়ধ্বজ সিংহৰ দিনতেই ৰজাঘৰীয়া স্বীকৃতি লৈ থৈছে দহ ঘৰ খৰঙি বৰুৱাৰ বাবে । এতিয়া বাকীখিনি তেওঁ গঢ়ি ল'ব লাগিব । সলাল গোহাঁইৰ ওচৰত গোচৰ দি নিজৰ সন্মান ৰাখিব নোৱাৰি । বিচাৰ দুৰ্বলৰ হে অস্ত্ৰ । সাধাৰণ প্ৰজা হৈ আন এশ জনৰ দৰে থাকিব পাৰি , থকা সহজ । কিন্তু মূৰ তুলি থাকিবলৈ হ'লে তুমি আনৰ মূৰ তল কৰি ৰাখিব লাগিব । নহ'লে যিকোনো মুহূৰ্ততে তোমাৰ মূৰ খহি পৰিব পাৰে । গতিকেই, য'ত তোমাৰ সন্মান বা প্ৰাণৰ সংশয় - তাত তুমি আনৰ মনত ভয় জগাই ৰাখিবা । এয়েই আছিল ভোগাই বৰুৱাৰ অব্যক্ত জীৱন দৰ্শন ।

ভোগাই বৰুৱাৰ বিষয় আশয়ৰ চিন্তা কৰাৰ বিশেষ কোনো প্ৰয়োজন নাছিল । তেওঁৰ ঘৈণীয়েক মাহিন্দ্ৰী পাকৈত গৃহিণী। বন্দী-বেটী অলেখ । বৰ্হমচৰীয়া নামৰ পুৰণি লগুৱাজনে সকলো তদাৰক কৰে । মাটিবাৰী বিস্তৰ । ভোগাইৰ কেৱল এটাই চিন্তা - তেওঁতকৈ ওখ মূৰ কাৰোবাৰ আছে নেকি ? তেওঁক ভয় নকৰা মানুহ ক'ৰবাত আছে নেকি তেওঁ তাৰেই পম খেদি ফুৰে । তেওঁৰ দৰে মৰমীয়াল আৰু তেওঁৰ দৰে নিষ্ঠুৰ মানুহ সতকাই চকুত নপৰে । বাঘেছাগে তেওঁৰ ভয়ত একেটা ঘাটত পানী খাইছিল নে নাই জনা নেযায়, কিন্তু তেওঁৰ টোলৰ ওচৰেদি পৰাপক্ষত দিনতো মানুহ যাব নোখোজে ।  সন্দ্দেহজনক অৱস্থাত যদি কোনো মানুহক ভোগাইৰ লগুৱা-লিকচৌৱে মাতি নিয়ে, সেই বাটৰুৱাজন আৰু ওলাই অহাৰ চিন পোৱা নাযায় । মিকিৰহাটৰ ৰাইজে হেনো অলপতে এটা পুখুৰী খান্দোতে কেইবাটাও মানুহৰ জকা পাইছিল । ঠাইখিনি এসময়ত ভোগাই বৰুৱাৰ টোলৰ ভিতৰুৱা আছিল বুলি বুঢ়া - মেথাই কয় ।

ভোগাইলে মানুহে ভয় যেনেকে কৰে, তেনেকৈ তেওঁক ভালো পায় । তেওঁৰ বহতীয়া বা মাটিখোৱা সকলো মানুহ তেওঁৰ বাবে তেওঁৰ নিজৰ সমস্যা । আশ্ৰিতৰ বিপদ, নিজৰ বিপদ । সলাল গোহাঁয়েও কাঁড়ী তুলিবৰ হ'লে ভোগাইৰ বহতীয়া মানুহখিনিত হাত নিদিয়ে । তেওঁৰ মাটি খোৱা মানুহে তেওঁক কিমান ধান দিয়ে সেইটো ডাঙৰ কথা নহয় । কিন্তু বগা বআ মুগা ঘোঁৰাটোত উঠি তেওঁ ক'ৰবালৈ যোৱা দেখিলে যদি হালৰ গৰু হালতে এৰি আলিকাষত থিয় নিদিয়েহি তেতিয়া হ'লে অচিৰে তাৰ ভেটিত সোণগুই চৰিব ।

এওঁৰ প্ৰতাপৰ কথা সলাল গোঁহাই হেলিমেলিৰ কাণত কোনোবাই পেলাইছিল । কিন্তু সেই কথা লৈ চিন্তা কৰিবৰ বাবে তেওঁৰ কোনো প্ৰয়োজন হোৱা নাছিল । তেওঁ নিজেই তেতিয়া অলপ খেলিমেলিৰ মাজত আছিল ।ষড়যন্ত্ৰৰ জালত পেলাবলৈ সিফালে গৰগাওঁত বুঢ়াগোহাঁয়ে যত্ন ল্কৰিছে বুলি গম পাই সলালৰ হেলিমেলি গোহাঁৰ মনতি স্বস্তি নাছিল । গতিকেই এই প্ৰতাপী প্ৰজাবোৰৰ কাম-কাজত মাত মাতিবলৈ তেওঁ ইচ্ছা নকৰিছিল । বৰঞ্চ এনে প্ৰতাপী প্ৰজাবোৰৰ পৰা আহোম ৰাজশক্তিৰ সুবিধাহে হৈছিল বুলি তেওঁ বা আন বিষয়া সকলে ভাবিছিল । এই বৰুৱাকিঘৰে যিমানে প্ৰতাপী নহওক, তেওঁলোকৰ মৰ্যাদা যে আহহোম ৰাজশক্তিৰ দান সেইকথা তেওঁলোক নাপাহৰে । কুকুৰ চিকুণ গৰিহঁতৰ যশ । ৰহা ফুলগুলি অঞ্চলৰ ৰজা - পোৱালি কেইজনক সৈমান  কৰি ৰাখিবলৈকো এই প্ৰতাপী মানুহবোৰৰ পৰা সুবিধা হয় ! মিকিৰহাট যমুনা উপত্যকা আৰু ভৈয়ামৰ মানুহৰ সংযোগ স্থল ।

আৰু এঘৰ মানুহ দোপতদোপে উঠি আহিছিল । ন-নৈৰ বাখৰৰ ঘৰ । বৰা ! মৰ্যাদাত হীন । এবাৰ ন দিনৰ বাবে বৰুৱা হৈচিল মাত্ৰ । কিন্তু নিজ এলেকাত অৰ্থাৎ আকাশী পথাৰৰ সিটো পাৰে তেওঁলোকৰ প্ৰভাৱ এই বৰুৱা কেইঘৰতকৈও বেছি । ভোগাইৰ প্ৰভাৱক যদি প্ৰতিপত্তি বুলিব পাৰি, এই বৰা ঘৰৰ প্ৰভাৱক বুলিব পাৰি প্ৰতাপ । কেৱল মাত্ৰ অৰ্থ বলৰ সহায়ত, ৰজা ঘৰীয়া ডাঙৰ খিতাপ নোপোৱাকৈয়ো তেও৬লোকৰ নিজৰ প্ৰভাৱ গড়ি তুলিছিল - সাধাৰণ মানুহক বশ কৰি ৰাখিছিল ।

ভোগাইৰ দেউতাক ৰূদায়ে, অৰ্থাৎ ৰুদ্‌ৰাম বৰুৱাই লক্ষ কৰিছিল এই উঠি অহা মানুহৰ ঘৰ । ন-নৈৰ এই মানুহখৰক চম্ভালি ৰখা তেওঁৰো ইচ্ছা । কিন্তু আনৰ চোঙাত বাঘ নোসোমায় । গতিকেই তেওঁ মানুহ দুঘৰ ওচৰ চপাই আনিবৰ মন কৰিলে । বৰপুতেক ভোগাইলে সে ইচ্ছাৰেই তেওঁ বিয়া কৰাই আনিলে বাঘৰৰ ভনীয়েক মাহিন্দ্ৰীক । আধেৰ সোণৰ বাখৰামী অলংকাৰৰ সালংকৃতা হৈ মাহিন্দ্ৰী ভোগাইৰ টোলত সোমাল ।

প্ৰথম কলি সোমাল গহনাৰ মাজেদি । ভোগাইয়ে জোৰণত দিছিল আধেৰ সোণৰ অলংকাৰ । বাখৰৰ ঘৰৰ পৰাও লগত দিছিল আধা সেৰ । কেইদিন মানৰ পিচতে মাহিন্দ্ৰীৰ মাকে অৰ্থাৎ ভোগাইৰ শাহুয়েকে পঠিয়াই দিলে আৰু কেইপদমান অলংকাৰ - আৰু প্ৰায় এপোৱামান সোণৰ ।

"মাৰ'ক কবি," ভোগাই গৰজি উঠিল, "মোতকৈ বেছি সোণ দি যহাবৰ দৰকাৰ নাই । সিহঁতৰ জীয়েকক যি দিলে, দিলে - মোৰ ঘৈণী হোৱাৰ পিচত আৰু সিহঁতৰ পৰা একো ল'ব নোৱাৰ, কৈ দিছোঁ ।"

ন-ছোৱালী মাহিন্দ্ৰীয়ে মাথোন কান্দিলে । ভোগায়ে বলকি গ'ল, "সিহঁতে সোণবোৰ ক'ৰপৰা পায় মানুহে কিবা নেজানে নে ? কুমাৰ গাওঁৰ মানুহবোৰে 'বাখৰ মুদৈ'ৰ হাতত সোণবোৰ বন্ধা থয় - সেইবোৰ জানো কেতিয়াবা মোকল খায় ।"

এইদৰে উপুৰি পুৰুষে বান্ধিব খোজা মিলনৰ সাঁকো তেনেই অপঁইতা বাঁহৰ বুলি দুয়ো পক্ষই জানিলে বিয়াৰ কেইদিনমান পিচতেই । দিনবোৰ বাগৰি গ'ল । তাৰ পিচতো আৰু বহুত সৰুসুৰা ঘটনা ঘটিছিল যিবোৰৰ পৰা তেওঁলোকৰ মাজৰ ফাঁটটো ক্ৰমে বহল হৈহে গৈছিল ।

বৰুৱাৰ ঘৰৰ পূৰ্বপুৰুষ কলীয়া আতাৰ তিথি আৰু বাখৰৰ দেউতাকৰ শ্ৰাদ্ধ পৰিছিল একে দিনাই । দহাৰ দিনালৈকে নিতৌ আৰু তাৰ পিচৰপৰা মাজে মাজে ভোগায়ে খা-খবৰ লৈ আছিল । মাহিন্দ্ৰীও জীয়েক সুমলাৰ সৈতে ককায়েকৰ তাত আছিল । কিন্তু শৰাধৰ দুদিনমান আগত সকলোৰে সমুখতে ভোগায়ে সুমলাক ক'লে , " আই অ' সুমলা, কাইলৈ তয়ে আৰু মাৰে যাবি গৈ । মই বৰ্হমচৰীয়া আৰু পিটিকি বুঢ়ীক দোলাভাৰী দুটাৰে পঠিয়াই দিম , বুইছ ?"

" কিয় পিতাদেউ ?" সুমলাই সুধিলে ।

" কলীয়া আতাৰ তিথি পৰহিলৈ ।"

"ইঃ যাম গৈ আমি ! ইয়াত ককাৰ ভোজৰ দিনা কিবা বধ ভাওনা পাতিব । আমি চাব লাগিব নহয় ! " সুমলাই লেনচেলাই ক'লে ।

"নেলাগে ইয়াতে ভাওনা চাব । আমাৰ তাতো ভাওনা হ'ব নহয় আই । চাবিচোন কি বঢ়িয়া বৰ ধেমালি, সৰু ধেমালি ।"

"নহয় ! মই ইয়াতে থাকিম ।" সুমলাই আকৌ লেন-চেলালে ।

ভোগাইৰ কথা পেলাবলৈ মাহিন্দ্ৰী বা বাখৰ কাৰো সাহ নহ'ল । পিচদিনা মাহিন্দ্ৰী যোৱাৰ পৰত বাখৰে মাথোন ক'লে , " মাহিন্দ্ৰী, তোক কুশ ফালি উলিয়াই দিছোঁ । তই আৰু আমাৰ নহৱ । কিন্তু সুমলাৰ দেউতাকক ক'বি, অশৌচীয়া গাৰে তিথি পাতিলে তহঁতৰ কলীয়া আতাই পিণ্ড নলয় । জোৱাঁইৰ গাত অশৌচ থাকে । আৰু শুন, সুমলাক থৈ যা । তাই নগ'লেও বাপেকে একো নকয় । তেওঁৰ ছোট্‌ঘাত্‌ আমাৰ ওপৰতহে ।"

চকুপানী টুকি টুকি মাহিন্দ্ৰী গুচি গ'ল ।

সুমলা নোযোৱাৰ বাবে ভোগায়ে একো নক'লে ।

এইখিনিতে আৰু এটা সমস্যা হ'ল । লেৰেলা বাপু এই দুয়োঘৰৰে পুৰোহিত । তেওঁৰ মহাচিন্তা লাগিল । কাক এৰি কাক ধৰে । তথাপি তেওঁ ভাবিছিল বাখৰৰ দেউতাকৰ আদ্য-শ্ৰাদ্ধ যেতিয়া তেওঁৰ ঘৰলৈ শৰাধ কৰিবলৈ যোৱাই সমীচীন হ'ব । তেওঁৰ ভেটি-মাটি মিকিৰ হাটত । ৰুপিত মাটিখিনি আছে আকাশী পথাৰত - বাখৰৰ সীমা মূৰিয়লিত । বাখৰৰ ঘৰত আদ্য শ্ৰাদ্ধ, বৰুৱাৰ ঘৰত তিথি মানে পানী শৰাধহে । তাকে জানিবা বৰ ধুমধামকৈ পাতে ।

ভোগায়ে লেৰেলা দেউক মাতি আনি ক'লে , " তিথিৰ নামগুণৰ কাৰেণে আমাৰ চাৰিওটা খেল আহিব । শৰাধ ভাগ মোৰ ভাইটোৱেই কৰিব । আমাৰ সিজনীৰ বাপেকে বোলে মোৰ গাত চুৱা লগাই থৈ গ'ল । আপুনি আহিব ।" লেৰেলা বাপুৱে সেমেনা-সেমেনি কৈ ক'লে , " জোৱাইৰ অশৌচ তিনি ৰাতিহে, সেইটো লেঠা নাই । পিচে, সিফালে দহালৈকে সকলো ময়েই কৰিলোঁ । তিথিফেৰা গদয়েই চলাই নিব পাৰিলেহেঁতেন নেকি ?"

গদ লেৰেলা বাপুৰ ল'ৰা ।

ভোগায়ে মাথোন ক'লে , " আপুনি আহিব ।"

লেৰেলা বাপুৱে ক'লে , "হ'ব ।"



"হেৰৌ বামুণৰ ল'ৰা , লগুণদিয়নিৰ তকলা মূৰটোৰেই আহিছ পিতাদেউৰ শৰাধ কৰিবলৈ ? দেৱে'ৰ ক'ত গ'ল ?" কান্ধত থকা গামোছাখনত হাত মছি বাখৰে ক'লে ।

"দেউ তালৈ গৈছে । মোকেই..." গদই ভয়তে বক্যটো শেষ নকৰিলে ।

"ক'ৰ তালৈ ?"

"সেই তালৈ । মিকিৰৰ হাটলৈ ।"

মিকিৰহাটতনো দেৱেৰে কি হাট বেহাবলৈ গৈছে অ' দেউপোৱালি ! অ' আজি হ'বলা সিহঁতৰ কলীয়া আতানে কিটোৰ তিথি ?"

"হয়, দে'ৱে সেইবাবে মোকেই পাচিলে ইয়ালৈ ।"

বাখৰ বৰাই অলপ ভাবিলে । তাৰ পিচত কান্ধৰ গামোচাত হাতখন মচি মুচি ক'লে, " বাৰু, যা বহগৈ । সোনকালে শেষ কৰি দিবি । মোৰ কাম আছে বুইছ ? আখৰ জোঁটাইহে মন্ত্ৰ মাতিবি হ'বলা !"

এই দুজন মানুহে ইজনে সিজনৰ নাম ল'ব নোখোজে । এঘৰে ভাবে আন ঘৰে তেওঁলোকৰ সমান হ'ব খুজি তেওঁলোকক অপমান কৰিছে । আৰু ইঘৰে ভাবে তেওঁলোকৰ সমান হ'বলৈ নিদি অপমান কৰা হৈছে । এজনৰ মৰ্যাদাৰ প্ৰশ্ন, আনজনৰ প্ৰতিপত্তি । সেইবাবে জনা মানুহে ইঘৰৰ আগত সিঘৰৰ নাম নুলিয়ায় ।

পিতাকৰ শৰাধলৈ লেৰেলা বাপু নহাৰ পৰা বাখৰৰ মনত এটা কথা স্পষ্ট হৈ গ'ল যে সাধাৰণ মানুহৰ চকুত তেওঁ এতিয়াও ভোগাইতকৈ ডাঙৰ তো নহয়েই; সমানো নহয় । আৰ্থিক প্ৰতিপত্তিতকৈ মৰ্যাদাৰ প্ৰতাপ এতিয়াও বেছি । এতিয়াও তেওঁৰ ঘৰৰ আদ্য শ্ৰাদ্ধতকৈ ভোগেশ্বৰহঁতৰ কোনোবা উপৰিপুৰুষৰ পানী-শৰাধৰ মূল্য বেছি । খং আৰু ক্ষোভত বাখৰৰ মুখ নীলা হৈ গ'ল । এই টকলা বামুণৰ ল'ৰাটোৰ মুখত চূণ সানি ওভতাই পঠাব নেকি ? নাই, বৰ বেছি কৰা হ'ব । পিতাকৰ শৰাধ । তাতে বামুণৰ ল'ৰা । বিপ্ৰপুত্ৰৰ বৰ মহিমা । বাখৰে আৰু এটা কথা ভাবিলে, নাই, ভোগেশ্বৰক ইমান প্ৰত্যক্ষভাবে অপমান কৰাটো ঠিক নহ'ব । বাৰু, কিবা এটা দিহা কৰিব লাগিব ।

সেইদিনা পুৰোহিত বৰণত দিয়া হ'ল ফটা চুৰিয়া আৰু টাপলি মৰা গামোচা । সিধাত দিলে এটা বৰালি মাছ আৰু এটেকেলি পানী কাহুঁদি । দক্ষিণা অৱশ্যে বেছিকৈয়ে দিলে । সচৰাচৰ আধলিৰ ঠাইত পাঁচোটা চিকা ৰূপ । বৃষোৎসৰ্গত দিলে এটা হালৰ বলধ ।

পুৰোহিতৰ পুতেকক অপমান !

খবৰ পাই ভোগাই জ্বলি উঠিল । মাহিন্দ্ৰীয়ে বুজালে লেৰেলা দেউ জানো বাখৰহঁতৰো পুৰোহিত নহয় ! নিজৰ পুৰোহিতক অপমান কৰিলেই ভোগাইহঁতৰ তাত মাত মাতিবলৈ কিটো আছে ।আৰু লেৰেলা বাপুৱেতো ভোগাইৰ ওচৰত কোনো গোচৰ বা ওজৰ দিয়াহি নাই । মাহিন্দ্ৰীৰ বুজনিত ভোগাই কিছু শান্ত হ'ল । কিন্তু মনৰ খচ্‌খচনি মাৰ নগ'ল ।

"বাৰু ক'চোন সুমলাৰ মাক, ককায়েৰে বলধ গৰু আৰু পানী কাহুদিৰ টেকেলিটো কিয় দিলে বাৰু গদক !"

মাহিন্দ্ৰী বুদ্ধিমতী ছোৱালী । তাই মনে মনে বুঝিছে বাখৰৰ এই কাৰ্যত নিহিত তীব্ৰ বিদ্ৰূপৰ কথা । কিন্তু তাই কয় কেনেকৈ বাৰু গিৰিয়েকক ! ভোগায়ে কেৱল বুজিলে তেওঁৰ পুৰোহিতৰ পুতেকক অপমান কৰা হৈছে । অপমান কৰি আকৌ পাঁচ টকা ৰূপ দক্ষিণা দি ধনৰ গৰৱ দেখুৱাইছে । ভোগায়েও বাৰু তাৰ পোতক তুলিব । কিন্তু পানী কাহুঁদি ।

পানী কাহুঁদিৰ ৰহস্য ভোগায়ে গম নাপালে । তেতিয়াই পোৱা হ'লে কিজানি কথাৰ সোঁত আনফালে ব'লেহেঁতেন ।


---------------------------------


প্ৰথম অধ্যায়                                                                                                                            তৃতীয় অধ্যায়



No comments:

Post a Comment