He prithibi antaratama - Poems of Ram Gogoi : হে পৃথিৱী অন্তৰতমা - ৰাম গগৈৰ কবিতা

প্ৰতিটো মুহূৰ্ত মোৰ উজ্জীৱিত হৈছে
তোমাৰ প্ৰেমেৰে, হে পৃথিৱী
মুখৰিত মোৰ হৃদয়
তোমাৰ অযুত অনন্ত কথাৰে ।

মোৰ সমগ্ৰ চিন্তাত তুমি ব্যাপৃত হৈ আছা
হে পৃথিৱী,
যেন নীলিম সমুদ্ৰ, অন্তহীন কল্লোল,
প্ৰভাত পখীৰ কূজন, অথবা
অথবা তুমি স্বপ্নময়ী ।

হে পৃথিৱী, তোমাৰ বুকুত হাত থৈ
(মোৰ স্বদেশৰ মাটিত)
মই অনুভৱ কৰিছোঁ মোৰ হৃদয়ৰ স্পন্দন
অনুভৱ কৰিছোঁ তোমৰ স'তে মোৰ শেষ  পৰিচয়
যেন জন্ম-জন্মান্তৰৰ কাল নিৰবধি ।
তোমাৰ মুখত মুখ থৈ বিচাৰিছোঁ
                          সৃষ্টিৰ অমৃত
কাণ পাতি শুনিছোঁ তোমাৰ আত্মাৰ নিহিত গীত
                          মোহময় সুৰৰ লহৰী ।

প্ৰতিদিনে
প্ৰভাতৰ হেঙুলী ৰহণে সনা
তোমাৰ নিমজ গালত
(মোৰ স্বদেশৰ আকাশত )
মই বিচাৰিছোঁ, ৰক্তিম সোণালী উত্তাপ
হে পৃথিৱী
আশা মোৰ বসন্তৰ কুঁহিপাত
সমীৰণে কঢ়িয়াই অনা হুণ গুণ সুবাস ,
মোৰ সমগ্ৰ সত্ত্বাত উপলব্ধ তোমাৰ প্ৰেম ।

আজি -
পৃথিৱীৰ প্ৰেমে মোক উন্মনা কৰিলে ।




No comments:

Post a Comment