Kakadeutar har - Nabakanta Barua (5) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 


এদিন মুকুন্দ কুমাৰ গাঁৱৰ এমূৰীয়া তাৰ পঁজাটোওৰ পৰা ওলাল । নিঠৰুৱা নহ'লেও তাৰ অৱস্থা নিঠৰুৱাতকৈ শোক লগা । ৰ'ৰআ-তিৰোতাই তাক এৰি গৈছে । ভায়েকে গাঁৱৰ এমূৰত পঁজা এটা সাজি দিছে । চাউল-পাতৰো যোগান ভায়েকেই ধৰে; কেতিয়াবা খুজিও আনে । তাৰ জুপুৰি ঘৰটো হ'লে চালে চকুৰোৱা । মিহিকৈ চিকণুৱা চোতাল । কেইজোপামান শেৱালি আৰু তগৰ ফুলৰ গছ । ৰাতিপুৱা সোনকালে উঠি সি কোনেও নেদেখাকৈ নৈত গাটো ধুই আহে । বাকী ঘৰৰ কাম তাৰ ঘৰৰ কাষতে থকা খালটোৰে কৰে। খুজিব - মাগিবলৈ গ'লে তাক আটাৱে লেই লেই ছেই ছেই কৰে । কাৰো ঘৰৰ পদুলিৰ সিপাৰ হ'বলৈ তাক দিয়া নহয় । মানুহেও কথা বতৰা দুৰৰ পৰাহে পাতে । মুকুন্দ আজি ঘৰৰ পৰা ওলাল । ওলায়েই সি গাঁৱৰ ফালে নাহি ন- নৈৰ ফালে আগবাঢ়িল । কথাটো এটা খবৰৰ দৰেই হ'ল । গাঁৱৰ ল'ৰা- ছোৱালীয়ে গৈ খবৰ দিলে ভায়েকক । ভায়েক প্ৰায় উধাতু খায়েই আহিল । কাৰণ সি ককায়েকক খুজিব মাগিবলৈ হাক দিছে । যি লাগে সি নিজেই দিয়ে । 

"ককাই, কলৈ যাব ? কিবা চাউল-পাত লাগিলে দিমহি নহয় ।"

"নেলাগে নেলাগে, তহঁতৰ চাউল পাত আৰু নেলাগে মোক । এইয়া চা" - বুলি মুকুন্দই টোপোলা এটা জোকাৰি দেখুৱালে । টোপোলাটোৰ পৰা এমুঠি ৰূপৰ টকা সিকি অদমহীয়া হাতত ল'লে ।

"ইমান ধন ক'ত পালি ককাই ? কি কৰগৈ এই ধনেৰে ?"

ভায়েকে কাতৰভাবে সুধিলে ।

মুকুন্দই এটা অদ্ভুত হাঁহি মাৰিলে ।

"মই মানুহটোহে পেলনীয়া হৈছো - এইবাৰ চাওঁ মোৰ ধন পেলনীয়া হৈছে নে নাই !"

"তোৰ কথা একো বুজা নাই ককাই । ক'ৰ টকা ? কাক দিয়গৈ ?"

ভায়েকৰ মাতত বিমোৰ হোৱাৰ সুৰ স্পষ্ট ।
মুকুন্দৰ মুখত আকৌ সেই হাঁহি । আত্মঘাতী বেদনাৰ হাঁহি । "ক'ত পালোঁ কিয় লাগিছে ? এই টকা মোৰ । এই টকা মই য'ত দিব লাগে দিম । চাই থাক । আৰু মোৰ সিজনীৰ - তাই আছে নহয় বাপেকৰ ঘৰত - কাণত কঁৰীয়া পিন্ধাম । বুঢ়ী আইৰ কাণৰ কঁৰীয়া ।

ভায়েকে কথাটো বুজিলে । ক'লে "ককাই ! তই নিজেও মৰিবি, আমাকো মাৰিবি । বুঢ়ী আইৰ কঁৰীয়া আৰু এতিয়াও কঁৰীয়া হৈ আছেনে ? ককাই তই এইবোৰ এৰি পেলা । য'ৰ ধন পাইছ তাত দি আহগৈ । "

 "ধন ঘূৰাই দিলেও মৰিম, সোণ আনিবলৈ গলেও মৰিম "মুকুন্দই ক'লে, "মোক মৰাৰ ভয় নুখুৱাবি । মইনো ক'ত জীয়াই আছো ? ছিঃ মই মৰাতকৈ অধইচ ! সকলোৰে পেলনীয়া হৈ গাঁৱৰ এচুকত - ছিঃ !"

এই বুলি মুকুন্দ আগবাঢ়িল । ভায়েক নিৰুপায় হৈ গুচি গ'ল । ভায়েক লগত যোৱাটোও সম্ভব নাছিল । কাৰণ, সি জানে লগত থাকিলে বাখৰৰ খঙৰ জুইত সিও জাহ যাব লাগিব ।

গাঁৱৰ ল'ৰামাখাই অৱশ্যে মুকুন্দৰ পিছ নেৰিলে । টুকটুককৈ সি ন-নৈৰ ফালে আগবাঢ়িলে । কুৰি নলমান আঁতৰে আঁতৰে ল'ৰাৰ দল । খেনোৰ কঁকালত কাচুটি আছে, খেনোৰ নাই । ল'ৰাহঁতে জানে যে আজি বাখৰৰ ঘৰত কিবা ধেমালি হ'বই । সিহঁতৰ মতলব সেই ধেমালি চোৱাৰ । মাক-বাপেকে গালিপাৰি শাওপ-শপনি দিও সিহঁতক খেদি পঠাব নোৱাৰিলে । সিহঁত আগবাঢ়িল । পিচত দেখা গ'ল, ল'ৰাহঁতৰ কিছু আঁতৰে আঁতৰে গাঁৱৰ আন মানুহো ধেমালি চাবলৈকে গৈ থাকিল । 

মুকুন্দ গৈ বাখৰ বৰাৰ বাটচ'ৰাতে ৰ'ল । বাহিৰত ল'ৰা-ছোৱালীৰ কোঢ়াল শুনি বাখৰৰ ঘৰৰ লগুৱা দুটা ওলাই আহিল ।

"কোন তহঁত, কি লাগে তহঁতক ?"

বাখৰৰ লগুৱাৰ মাত শুনিয়েই মানুহবোৰৰ ফৰিং চিটিকা দিলে । বাটচ'ৰাত কঁপি কঁপি থহিয় দি কেৱল মুকুন্দ কুমাৰ, হাতত তাৰ টোপোলাটো ।

বাখৰে তেতিয়া চ'ৰাঘৰতে বহি ফাচীপঢ়া ঘৰৰ বুঢ়া হাজৰিকা হাফিজুৰৰ লগত কথা পাতি আছিল । গোলমাল শুনি তেওঁ দুৱাৰ দলিৰ পৰা লগুৱা এটাক ক'লে "হেৰ' সেই বৰৰুগীয়াটো কিয় আহিছে সোধচোন । নাই নেলাগে ৰ । ভায়েকে সিধা পাতি নিদিয়া হ'ল হ'বলা । পৰলীয়া চাউল এদোনকে দি আহগৈ টকৌপাতৰ তোম এটাত ।"

এই বুলি তেওঁ গৈ আকৌ হাফিজুৰ হাজৰিকাৰ লগত কথাত যোগ দিলে । টকৌপাতৰ টোম এটাত চাউল এটোম নি লগুৱা এটাই বাটচ'ৰাৰ দাঁতিত থ'লে । 

"চাউল-পাত একো নেলাগে ঐ দেউতাহঁত ! মই বাখৰ দেউতাৰ মাত এষাৰকে  শুনিব খোজোঁ ।"

লগুৱা কেইটা বিচুৰ্তি হ'ল ।  এই বৰ- ৰুগীয়াটো কয় কি ? সিহঁতে সৰুকৈ ক'লে, "হেৰৌ , ভালে ভালে আঁতৰি যা । দেউতাই তোক বাটচৰাৰ পৰা আদৰি নিনিয়েহি । গুচ্‌ কটা ভালে ভালে ! "

কিন্তু মুকুন্দ অবিচল । সি বৰা দেউতাক দেখা নকৰাকৈ নাযায় ।
এটা লগুৱাই ক'লে, "হেৰৌ, বোলো কিবা কথা থাকিলে আমাক ক'। আমি গৈ দেউতাক ভেটিমগৈ ।"

কিন্তু মুকুন্দ মান্তি নহ'ল । সি ক'লে, "মোৰ কথা মইহে ক'ব পাৰিম  । তোমালোকে মই বৰা দেউতাক লগ কৰিব খোজোঁ বুলি কোৱাগৈ যোৱা ।"

"তই লগ ধৰিব খোজাৰ কথা কেনেকৈ ক'মগৈ অ' দেউতাক ? কোনটো সাহেৰে ক'ম ?

"তহঁত জীয়া মানুহ ঐ দেউতাহঁত, তহঁতৰ মৰিবলৈ ভয় হ'বই । মোৰ পিচে ভয় নাই । তেন্তে তহঁতেই কগৈ দেউতাক - বোলে বুঢ়ীমাকৰ সোণ মোকলাবলৈ মুকুন্দ কুমাৰ আহিছে ।"

মুকুন্দৰ মুখৰ পৰা কথাষাৰ ওলোৱাৰ লগে লগেই লগুৱা দুটা উচপ খাই উঠিল ।

"আই ঔ, তেনে কথা এষাৰ দেউতাক ক'বলৈ মোৰ বোপাইৰো দুটা কলিজা নাই ঔ !"

লগুৱা দুটাই বেচ ছোট্‌ঘাত দেখুৱালেও কথাবোৰ হ'লে লাহে লাহে কৈছিল - জানোচা বাখৰৰ কাণত পৰেগৈ । তেনেতে বাখৰ আকৌ উঠি আহিল ।

"হেৰৌ থোলোক , কি বিয়নি মেল পাতিছে সেই কুঠীয়াটোৰ লগত ? তাৰ জনীকে আনি ল'ব খুজিছ নেকি ? তাক যাবলৈ নকৱ কিয় ?"

থোলোক নামৰ লগুৱাটোৱে উপাই নাপাই সেহাবেঙাকৈ ক'লে,     "সি কৈছে বোলে সি হেনো দেউতাৰ লগতেহে কথা ক'ব ।"

"আহঃ এই বৰকথীয়াটোৰ ইমান সাহ ! গতিয়াই খেদি দে তাক ।"

আনদিনা হ'লে বাখৰৰ মুখৰ পৰা ইমানখিনি কথা ওলোৱাৰ প্ৰয়োজনেই নহ'লহেঁতেন, লগুৱাকেইটাই আগতেই দিহা লগালেহেঁতেন । কিন্তু মুকুন্দৰ গাত হাত দিবলৈ সিঁহতৰ সাহ নাই । মুকুন্দৰ গাটো যে তাপলিৰে ভৰা । বগা তাপলি অৰ্থাৎ শ্বেতকুষ্ঠ সৌ সিদিনালৈকে 'বিয়াধি' হিচাপে ধৰা হৈছিল । মানুহে ভাবিছিল ইও এটা মৰাত্মক, দুৰাৰোগ্য আৰু সংক্ৰামক ৰোগ । সেই বাবেই মুকুন্দক ল'ৰা-তিৰোতাই এৰি গৈছিল । ভায়েক বেলেগে ঘৰ সজাই দিছিল । আজি মুকুন্দৰ ব্যধিয়েই তাৰ বৰ্মৰ দৰে হ'ল । তাক কোনোৱে নোছোৱে ।

লগুৱাকেইটা আৰু বাখৰো নিৰুপায় হৈ থিয় দি থাকিল । তেনেতে ফাৰ্চীপঢ়া ঘৰৰ হাজৰিকা হাফিজুৰ বুঢ়আপ ওলাই অহিল ।

"বোলোঁ, কিহৰনো খকাখুন্দা তৰ্কাতৰ্কি ? বৰা, বোপা, কি হ'লনো ?"

"চাওকচোন আপদেউ, এই বেমাৰীটো ইয়াৰ পৰা নাযায় । মোৰ লগত হেনো তাৰ কথা আছে । মোৰ লগতনো তাৰ কি এনে কথা থাকিব পাৰে ? তাৰ সাহটো চাওক চোন ।"বাখৰে ক'লে ।

ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ হাজৰিকাই ক'লে, "হেৰৌ বেমাৰী মানুহটো, তই এইদৰে ঘুৰি ফুৰিব পায় জানো ? চাউল দিছে পাত দিছে, গুচি নাযাৱ কিয় ?"

ফাৰ্চীপঢ়া দেউতা", মুকন্দই ক'লে , "আপুনিও আছে যেতিয়া ভালেই হ'ল । মই বৰা দেউতাৰ সৈতে অলপ কথা - " মুকুন্দৰ কথা শেষ নহ'ল । বাখৰে গৰজি ক'লে , "কটা নিধক কুঠীয়াৰ সঁচ, তোৰে সৈতে মোৰ কিহৰ কথা থাকিব পাৰে অ' ?" তাৰ পিচত লগুৱা দুটক ক'লে, "খেদি নপঠাৱ কিয় ইয়াক, বেটাহঁত ?"

হাফিজুৰ বুঢ়াই ক'লে , "বোলোঁ বৰা বোপাদেউ, কোৰান হদিছত কৈছে বোলে গৰীব-ধনী, দুখীয়া-সুখীয়া সকলো মানুহ খোদাতাল্লাৰ পয়দা । গৰীব - দুখীয়া মানুহৰ আমীৰ-ওমৰাওৰ ওচৰত কিবা নালিচ গোচৰ থাকিবও পাৰে । সেইবোৰ নুশুনিলে গুনাহ নাই, কিন্তু শুনিলে চবাব হ'ব ।"

হঠাৎ বিজুলী সঞ্চাৰে বাখৰৰ মনত এটা আশাৰ ৰেঙনি খেলি গ'ল । কিজানি মুকুন্দই বাখৰৰ ওচৰত ভোগাইৰ কথা কিবা ক'বলৈকে আহিছে !

হাফিজুৰ বুঢ়া আপই তেনেতে মুকুন্দক ক'লে, "বেমাৰী মানহটো, তই ক'চোন । তোৰ আৰজী পেচ্‌ কৰ । বাখৰ দেউতাৰ আগত কি ক'বলগীয়া আছে ক' ।"

কি কথা ক'ব পাৰে বাৰু মুকুন্দ কুমাৰে, বাখৰে ভাবিলে । কিহৰ বাবে মানুহটো মৰসাহ কৰি সি আহি বাখৰৰ পদূলিত থিয় দিছেহি ? বগা তাপলি হোৱা বৰ বেমাৰী এটা তেওঁৰ টোলত সোমাব খোজাটোৱেই তেওঁৰ প্ৰতিষ্ঠাৰ প্ৰতি এটা প্ৰত্যক্ষ অসন্মান, কিন্তু হাফিজুৰ আপই কোৱা কথাৰো দাম নোহোৱা নহয় । সৰু হওক, ডাঙৰ হওক, ৰজাঘৰীয়া বিষয়া তেওঁ । তেওঁৰ ওচৰত মুকুন্দৰ কিবা গোচৰো থাকিব পাৰে । হয়তো মুকুন্দৰ পৰা ভোগাইৰ মতি-গতিৰো কিবা তলা-নলা পাব পাৰে । তেওঁ মুকুন্দক ক'লে "বাৰু ক'চোন, তোৰ কি গোচৰ আছে ?"

মুকুন্দই মেৰতলিৰ পৰা টকাৰ টোপোলাটো উলিয়ালে । তাৰ পিচত আঁঠু লৈ সেৱা এটা কৰি টোপোলাটো বৰাৰ ফালে মাটিত থ'লে ।

বাখৰে সকলো বুজিলে । গোটেই গাৰ তেজবোৰ আহি যেন তেওঁৰ মুখ আৰু মূৰত গোট খালেহি । তেওঁ কিবা কোৱা বা কৰাৰ আগতেই হাফিজুৰ বুঢ়াই আচৰিত হৈ চিঞৰি উঠিল, "ইয়ে আল্লা, ইমানবোৰ টকা ! হেৰ' তোৰ মতলব কি ? " মুকুন্দয় স্পষ্ট অথচ ক্ষীণ মাতেৰে ক'লে, দেউতা সকল, মোৰ বুঢ়ী আয়ে দেউতাৰ ওচৰত কঁৰীয়া এযোৰ ..."

মুকুন্দৰ কথা শেষ নহ'ল । বাগৰৰ গোৰত টোপোলাটোত থকা টকা সিকি-আদমহীয়াবোৰ সিঁচৰিত হৈ পৰিল । হাফিজুৰ্বুঢ়াই কি বুলিলে ক'ব নোৱাৰি, কিন্তু বাখৰে বুজিলে । শেষত মুকুন্দ কুমাৰো আহে বুঢ়ীমাকৰ কঁৰীয়া মোকলাবলৈ ! তাকো ফৰ্চীপঢ়া বুঢ়া আপৰ আগতে !

"কি চাই আছ কুকুৰ পোৱালিহঁত ? বান্ধ ইয়াক " বাখৰে চিঞৰি ক'লে । কিন্তু সিহঁত কোনো আগ নাবাঢ়ে । বৰৰুগীয়াটোৱে ছোৱে কেনেকৈ সিহঁতে ?

খঙত একো নাই হৈ বাখৰে ভিতৰলৈ সোমাই গ'ল ।

মুকুন্দয় য'ৰে টকা ত'তে পেলাই থৈ উঠি এখুজি দুখুজিকৈ উভতি যাবলৈ ধৰিলে । বাখৰ ওলাই হাতত সৰু নলীয়া হিলৈ আটা লৈ ।

"খাজ !" বাখৰে ক'লে । লগুৱাই হিলৈ খাজিলে । বাখৰৰ নিৰ্দেশমতে থোলোক নামৰ লগুৱাটোৱে মুকুন্দলৈ টোঁৱাই হিলৈৰ ঘোঁৰাটোত টিপা মাৰি দিলে ।

তাৰ পিচত হিলৈৰ শব্দ, বাৰুদৰ ধোৱা আৰু গোন্ধ ।

মুকুন্দৰ শেষ আৰ্তনাদ ।

তেতিয়াহে বাখৰে মন কৰিলে আলি কেঁকুৰিত মানুহৰ জুম । তেতিয়াহে চেতনা আহিল , চোতালত থিয় দি আছে ফাৰ্চীপঢ়া বুঢ়া হাফিজুৰ হাজৰিকা । বাখৰে বুজিলে, তেওঁ এটা ডাঙৰ ভুল কৰিলে । উত্তেজিত হৈ চিকা মাৰি হাত গোন্ধোৱালে তেওঁ । নিজেই নিজৰ বিপদ মাতি আনিলে । মুকুন্দ কুমাৰক মাৰিবলৈ হিলৈ । জুই দিব নালাগে ।  ৰজাঘৰীয়া সৈন্যৰ বাহিৰে হিলৈ আন মানুহে ৰাখিব নাপায়  - ৰাখিলে জগৰ । তাতে আকৌ এইটো কুম্পানীৰ হিলৈ । মুকুন্দ কুমাৰক তেওঁ অনায়াসে টঙনিয়াই মাৰিব পাৰিলেহে৬তেন বা যাঠিৰে খুঁচি । তেওঁৰ হাতত হিলৈ থকা কথাটো সামান্য কথা এটাতে সদৰি হৈ গ'ল । মিকৃগড় চাহাবৰ হিন্দুস্থানী চিপাহী এটাৰ পৰা চোৰাংকৈ আনি ৰাখিছিল হিলৈটো । আজি ৰাইজে জানিলে । এই সামান্য মানুহবোৰে বাৰু জানিলে জানক । কিন্তু ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ বুঢ়ায়ো গম পালে । সেইটোহে ডাঙৰ কথা হ'ল । বঙালৰ চুবাদাৰৰ চিঠিপত্ৰ বহুত সময়ত ফাৰ্চী জবানত আহে । সেইবোৰ পড়ি দিয়াৰ বাবে তেওঁলোকৰ পুৰুষানুক্ৰমে হাজৰিকা । এতিয়া যদি সলাল গোহাঁয়ে গম পায় বাখৰে কুম্পানীৰ হিলৈ ৰাখিছে ! যদি তেওঁ ভাবে বাখৰে দ্ৰোহ আচৰিছে ! হঠাৎ বাখৰৰ মনলৈ আহিল - মুকুন্দ আৰু হাফিজুৰ - দুয়োওকে ভোগায়ে চক্ৰান্ত কৰি পঠিয়াই দিয়া নাইতো ?

হাফিজুৰ বুঢ়া আপই বাকহ্ৰৰ ফালে একেথৰে চাই আছিল । তেওঁ যেন বাখৰৰ ম্মনটো ফাৰ্চী পঢ়াদি পঢ়িহে পেলালে । তেওঁ নিৰ্বিকাৰ সুৰে ক'লে , "বোপাদেউ চিন্তা নকৰিব ।। মই একো দেখা নাই, মই একো শুনা নাই ।"

হাফিজুৰ বুঢ়া আপ গ'লগৈ ।

দূৰৰে পৰা খোৰোচা গাঁঠি লগাই মুকুন্দৰ শটো চোঁচৰাই নি গাঁত এটা খানি পুতি থোৱা হ'ল ।

বাখৰৰ মনত অলপ উগুল থুগুল ভাব । পানীত তুলসী পাত তিয়াই গাটো ধুইহে মনটোত অলপ শান্তি পালে । ছেঃ কি কাণ্ডটো হ'ল আজি । হাফিজুৰ বুঢ়াৰ শেষ কথাষাৰ মনত পৰিল । তেওঁ হেনো একো দেখাও নাই শুনাও নাই । অৰ্থাৎ তেওঁ যি দেখিলে সেই কথা আৰু কোনোৱে গম নাপায় । কিন্তু বাখৰে ভাবিলে  সিহঁতে তো দেখিছে । সিহঁতে মানে আলি-কেঁকুৰিত থকা কুমাৰ গাঁৱৰ মানুহমখাই । ইহঁতৰনো কৰবাত গোচৰ তৰিবৰ সাহ হ'বনে ? আৰু ভোগায়ে গম পাবই । ভোগাইহঁতে সদায় চোন গম পায়েই । নাই বাখৰে ভুল কৰিলে । ভোগাইৰ হাতত এইদৰে ধৰা পৰিব তেওঁ নালাগিছিল । জিদত পৰি কুমাৰ গাঁৱৰ বন্ধকী সোণ মোকলাবলৈ গৈ সি টোকোনা হৈ গ'লহেঁতেন । প্ৰথমে দিয়া চিকা ৰূপ আৰু আঠচুকীয়া ৰূপৰ ঠাইত এতিয়াই চোন সিকি আধলি ওলাইছেই । এইদৰে চেঁচা ৰণখন চলি থকাটোৱেই ভাল আছিল । আজি তেওঁৰ খঙৰ ভমকটো বৰুৱাৰ ঘৰৰ যেন হে হ'ল ।

বাৰু যি হ'ব লগা আছিল হ'ল । মুকুন্দই অনা টকাবোৰ পেলাই দিব নোৱাৰি । তেওঁ সেইবোৰ গোবৰ পানীৰে ধুই  তুলসী পানী ছটিয়াই সুমুয়াই থালৈ ভৰালীক ক'লে । আৰু এই কুমাৰ গাঁৱৰ গৰুমাখাক ভালকৈ সোৱাদ দিব লাগিব , সিহঁতৰ যাতে চিৰকাললৈ পিত্‌ মৰি যায় ।

সেই দিনা ৰাতি কুমাৰ গাঁৱৰ আধাখিনি পুৰি ছাই হৈ গ'ল ।



                                                            -----------------------------



চতুৰ্থ অধ্যায়                                                                                                                     ষষ্ঠ অধ্যায় 

No comments:

Post a Comment