Sapon - Poems of Ram Gogoi: সপোন - ৰাম গগৈৰ কবিতা


সূচীভেদ্য ৰাতিৰ আন্ধাৰ
ক্লান্তিৰ টোপনি মোৰ
সপোনৰ ফুলশয্যা ।
কোনো এক প্ৰমত্তা যৌৱনা দুঃস্থা নাৰীৰ
অবাঞ্ছিত আগমন;
হেমন্তাৰ হিমকান্তি ভেদ কৰি
ভাঁহি আহে কাৰ নৈশ আবেদন
মৌন মিনতি ... নিদীৰ্ণ বুকুৰ !

মোৰ স্বপ্নালু চেতনা জুৰি
ক্লান্তিৰ পুলক জাগে
ব্যাথাতুৰ প্ৰাণৰ আশংকা ।

জীৱন ব্যঞ্জনাময়, মোৰ জাগ্ৰত দিনৰ
স্বপ্নৰ অস্পৃশ্যা নাৰী । আৰু
খেৱালি জালৰ পাহি
সপোন সৰকি গ'ল ।
বৰশীত খলিহা-যখিনী লাগে ।
ক্লান্তিৰ পুলকে আনে মৃত্যুৰ বাতৰি ।

অদৃশ্য মণ্ডপৰ ভৰা অশুচি ফুলৰ মালা
শুদ্ধতাৰ দানৱীয় পৰিবেশ
অকলশৰীয়া মই ...
নিস্তব্ধ নীৰৱ ৰাতি ঐ-ফুল ফুলে
ৰাতিৰ দীনতা ভৰা কালপুৰুষৰ হাঁহি,
বা মাৰলীত বাঁহৰ আগলি ফাটে;
খাই পাতফলা হায় ডালত উঠিল ।

চিত্ৰলেখী সপোনৰ বিচিত্ৰ কাহিনী
সোৱনশিৰীৰ বানে সোণ সিঁচি যায়
মোৰ মন ৰংমহলত
মৌ-চাক হেজাৰ যুগৰ
সুৰ্যকান্তি ফুলৰ বাহাৰ
চৌভিতি নিশাৰ পোহৰ
মৰি মৰি ওপজা জোনৰ
মৰমৰ ধূলি-বালি
বাউলী পচোৱা পাই উৰে
ক্লান্তিৰ পুলকে আনে
স্বপ্নাতুৰ মনৰ বাৰতা ।
সূচীভেদ্য গোমা ৰাতি;
ক্লান্তিৰ পুলক লাগি
স্বপ্ন মোৰ স্মৃতিৰ কাহিনী হৈ ৰয় ।



No comments:

Post a Comment