Kakadeutar har - Nabakanta Barua (6) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা



ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা 


কিছুদিন মানৰ পৰা মাহিন্দ্ৰীয়ে লক্ষ্য কৰিছিল, হাতনি পেৰাৰ ধনেৰে ভোগাইৰ নচলা হৈছে । ঘনাই বৰ মেলিবলৈ লৈছে । আগেয়ে সিকিটো চৰতীয়াটো লাগিলেও বৰ্হমচৰীয়াৰ হতুৱাই তাইৰ পৰা নিয়ায়হি । এতিয়া ভোগায়ে নিজেই পেৰা মেলি লৈ যায় । কুমাৰ গাৱৰ মানুহবোৰৰ আহ-যাহৰ কথাও সিহঁতৰ ঘৰবান্দী পিতিকি বায়ে কৈছিলহি তাইক ।

মুঠতে সকলোবোৰ কথা মিলি মাহিন্দ্ৰীয়ে মনটো দুশ্চিন্তাৰে ভৰি আছিল । লিগিৰী  বৰ্হমচৰীয়াৰ পৰা তাই কুমাৰ গাঁৱৰ মানুহবোৰক ধন দিয়াৰ কথাও গম পাইছিল । কি উদ্দেশ্যত ভোগায়ে এইবোৰ কৰিছে তাই ঠিক বুজিব পৰা নাই । বুজিব নোৱাৰা কাৰণে তাইৰ দুশ্চিন্তা আৰু উদ্বেগ বাঢ়িহে আহিছিল । যেনে তেনে তাই কথাটো উলিয়াবই । 

সিহঁতৰ এঘাৰ বছৰীয়া জীয়েক সুমলাই এতিয়া সিহঁতৰ সাঁকো । এঘাৰ বছৰীয়া পাটগাভৰু ছোৱালী, এতিয়াও কেচুৱা হৈয়েই থাকিল । উঘা এটা ল'ব নাজানে । জানে কেৱল সাধু শুনিব আৰু ধেমালি কৰিব । ৰুক্ষ স্বভাৱৰ ভোগাই সুমলাৰ ওচৰত নিচেই কোমল । এদিন মাৰল ঘৰত বহি ভোগায়ে সুমলাক কিবা বাঙাল বাজিকৰৰ ভাও দেখুৱাইছিল । ভোগাইৰ প্ৰসন্ন মুখখন দেখি মাহিন্দ্ৰীয়ে সুযোগটো ল'ব খুজিলে ।

"হয়নে অ' সুমলা,  পিতাদেৱে যে কুমাৰৰ আগত টকা ছটিয়াইছে, সিহঁতেও কিবা এটকা ৰূপ দুটকা কৰা ভেলেকি জানে নেকি ?"

ভোগাইৰ হাঁহি কেইমূহুৰ্তৰ বাবে বন্ধ হৈ আকৌ দুগুণ জোৰেৰে ওলাল । এই হাঁহি অৱশ্যে আগৰ সৰল হাঁহি নহয় । হাঁহি হাঁহি ভোগায়ে ক'লে , "মা-ৰক ক' বোলে পিতাদেৱেৰে বৰ দ পাট নাদ এটা খন্দাব খুজিছে, একেবাৰে পাতাল ঢুকি পোৱাকৈ । মোমায়েৰৰ ভয়ত আমি পলাব লাগিব নহয় ! - তয়ে ময়ে ! মাৰ ভনীয়েৰ বুলিয়েই সাৰিব ।"

"মোমাইৰ লগত তই কিবা লুকা ভাকু খেলিছ নেকি পিতাদেউ !" সুমলাই ক'লে ।

"এৰা লুকা ভাকুৱেই । পিচে এই খেলত যি মৰে' সি আৰু নিজীয়ে - একেবাৰেই মৰে", তাৰ পিচত মাহিন্দ্ৰীলৈ চাই ক'লে,  "সিদিনা ভোজত তোৰ বৌয়েৰে কোৱা কথাখিনি মনত আছে নে নাই ? মই হেনো হাতীৰ ক'ৰবালৈ তৰাৰ ফৰ্মুটি মাৰিছোঁ । হোঁ । সি হাতী হ'ল । তাৰ দাঁত ওলাইছে ! হেৰ' হাতীৰ দুদাঁত, বৰাৰ দুদাঁত আৰু নিগনিৰো দুদাঁত । এইবাৰ নোদোকা বৰগাহৰিক নিগনি কৰিহে এৰিম ।"

সুবিধা পালেই মাহিন্দ্ৰীক বিকৰ্থনা কৰাটো ভোগাইৰ স্বভাবতেই পৰিণত হৈছে । মাহিন্দ্ৰীৰ হাঁহিৰ খোজা মুখখন মেলান পৰি গ'ল । 

সুমলাই ক'লে, "পিতাদেউ, বৌ আহিলেই তই চোন কিবাখন কৰ । নোমোলো যা তোৰ লগত ।"

এইবুলি সুমলা দুপ দুপাই ওলাই গ'ল ।

মাহিন্দ্ৰীয়ে সৰুকৈ ক'লে, "জানো, সৰু মানুহবোৰৰ লগ লাগি আপুনি কি কৰিব খুজিছে এইখন । বেচি লাই দিলে গললৈকে জপিয়াব ক'ৰবাত !"

"মোৰ ডিঙি ঢুকি পোৱা ইমান সহজ নহয় অ' বৰাৰ জীয়েক । ভগাৰজাৰ দিনৰে বৰুৱা আমি । তোৰ ককায়েকৰ দৰে আঠদিনীয়া নহয় একা ।"

মাহিন্দ্ৰীয়ে একো নামাতিলে । কাৰণ মাতিলে লাভ নাই ।  তাই তলমূৰকৈ ওলাই আহিল ।

তাৰ কেইদিন মানৰ পিচত  খবৰ ওলাল কুমাৰ গাঁৱত জুইলগাৰ । মাহিন্দ্ৰীৰ মনৰ সাঁথৰটো আৰু জটিল হৈ পৰিল । কোনে জ্বলালে বাৰু এই জুই । ভোগাইৰ খঙৰ ভমক কেতিয়া কোনফালে যায় ঠিক নাই । কিজানি ভোগায়েই ! কিন্তু বৰ্হমচৰীয়াই পিচত এদিন ক'লেহি সম্ভবতঃ এই জুই বাখৰে দিয়াইছে । কুমাৰবোৰে হেনো বাখৰক অপমান কৰিছিল । মাহিন্দ্ৰীৰ বুজিবলৈ বাকী নাথাকিল যে কিবা উপায়ে ভোগাইয়েই কুমাৰবোৰৰ হতুৱাই বাখৰক অপমান কৰাইছে । দুঘৰ মানী মানুহৰ, দুঘৰ মিতিৰৰ কাজিয়া লাগিছে - হয়তো ভাগিবও । কিন্তু মাজত এই সধাৰণ মানুহবোৰক উচটোৱাৰ প্ৰয়োজন কি / তাৰ পৰা কৰোৱেই মংগল নহয় । প্ৰজাবোৰ এনেকৈ বাখৰৰ অত্যাচাৰত জুৰুলা হ'ব , ভোগাইৰ মনৰ অশান্তি বাঢ়িব । আৰু বাখৰেও তো পাৰে প্ৰজাবোৰক উত্তেজিত কৰিব ভোগাইৰ বিৰুদ্ধে । তাই আৰু চিন্তা কৰিব নোৱাৰা হয় । কান্দি কান্দি তাই বুজিলে, কান্দি লাভ নাই, আৰু নাকান্দিও উপায় নাই । এই দুই বৈনাই-জেঠেৰীৰ আৰু মিলন নহয় - নালাগে, কিন্তু দুয়ো শান্তিত থাকক । তাইক ভোগায়ে যিমান কেটেৰা-জেঙেৰা কৰি থাকে থাকক । মাথোন শান্তিত থাকক, শান্তিত ।

"আমি তিৰোতা মানুহমখাই শান্তি বিচাৰো, বৰ মইনা ।" আইতাৰ মাতত মই আকৌ বৰ্তমানলৈ ঘূৰি আহিলোঁ , "আমাৰ নিজৰ বাবে নহয়, ঘৰখনৰ কাৰণেহে শান্তি বিচাৰোঁ । সেইবাবেহে হেমন্তৰ বিয়াখনত এইবোৰ কথা উলিয়াইছো ঁ ।" আইতাৰ বৰ্ণনাত মাহিন্দ্ৰীৰ মনৰ সংঘাত আৰু বিষাদৰ ছবি ইমান গভীৰভাবে কিয় পাইছোঁ এতিয়াহে যেন বুজি পালোঁ । মাহিন্দ্ৰীৰ দৰে আইতাও এইঘৰৰ বোৱাৰীহে । বোৱাৰীয়েহে বোৱাৰীৰ দুখ বুজে চাগৈ । আৰু এটা কথা মই আলপ আচৰিত পালোঁ, আইতাই আম্ৰ পৰিয়ালৰ ইমানবোৰ কথা কেনেকৈ জানিলে ? আইতাক কথাটো সুধিয়েই পেলালোঁ ।

আইতাই ক'লে , "মই যেতিয়া তহঁতৰ ঘৰ সোমাওঁহি - তেতিয়া মোৰ পোন্ধৰ বছৰ । আৰু এতিয়া মোৰ চাৰি কুৰিলৈ এবছৰ কম । আইৰ ঘৰত মই সেই পোন্ধৰ বছৰহে আছিলোঁ - বাকিখিনি চোন তহঁতৰ মানুহমখাৰ লগতে ।" তাৰ পিচত সেমেকা হাঁহি এটা মাৰি আকৌ ক'লে, "বোৱাৰীয়েহে আচল ঘৰখন চিনি পায়, জীয়াৰী বোৰে মাকৰ ঘৰৰ সপোন দেখিয়েই কটায় ।"

আইতাৰ কথা বেচি পৰ ভাবিবলৈ নাপালোঁ । আইতাই আকৌ টানি লৈ গ'ল মোৰ মন অতীতলৈ ।



------------------------

পঞ্চম অধ্যায়                                                                                                                        সপ্তম অধ্যায় 

No comments:

Post a Comment