ককাদেউতাৰ হাড়
সপ্তম অধ্যায়
স্বাভাবিকভাবেই কুমাৰগঞা ৰাইজ ভোগাইৰ কাষ চাপিল । ঠিক গোচৰ নহয় । দিহা-ভাৰসাৰ কথা । মেল বহিল মুনিচুনি বেলিকা । ভোগাই বৰুৱাই ক'লে , বোলে বাখৰৰ ঘৰ মিতিৰ মানুহ , তেওঁ বাজিলে দেখিবলৈ ভাল নহ'ব । কিন্তু, এটা কথা তেওঁ নক'লে যে তেতিয়া হ'লে তেৱোঁ যে পৰোক্ষোভৱে ঘটনাটোৰ লগত জড়িত সে কথাট জলজল পটপটকৈ ওলাই পৰিব । আৰু তেওঁৰ প্ৰকৃত ভয়ো সেইটোৱেই । অলপ ৰৈ তেওঁ ক'লে, নিলগীয়া হ'লেও সলাল গোহাঁই এতিয়াও ক্ষমতাত আছে । গতিকে কুমাৰগঞা ৰাইজে সমূহীয়াকৈ গৈ সলাল গোহাঁইদেউতাৰ দোপদৰত গোচৰ কৰিবলৈহে দিহা দিব খোজোঁ ।"
কিন্তু কুমাৰগঞা ৰাইজে জানে, সলাল গোহাঁয়ে এই বিষয়ে একো কৰিব নোৱাৰিবও, নুখুজিবও । আৰু দলে বলে সলাললৈ গ'লে বাখৰে সুদাই এৰিবনে ? এজন মুখিয়ালে ক'লে , "চিপাহী-চন্তৰীৰ বেহু পাৰ হৈ গোহাঁই দেউতাক লগ ধৰাটো জানো কম কথা । তাতে ৰাজভগনৰ দিন । বৰুৱা দেউতাই আগ পাছ কৰি দিলেহে জানোচা - "
"তেনে কথা এতিয়া ভাবিব নোৱাৰি ৰাইজ", ভোগায়ে ক'লে, "কথা হওঁতে হয়, ৰংপুৰত ৰজা ভাগিছে । সৰ্গদেউ এতিয়া ভটিয়াই গুৱাহাটী পালেগৈ বুলি শুনিছোঁ । এনে জয়াল সময়ত আমাৰ ফালৰ পৰা কোনো কথাত আগবঢ়া টান । "
"ৰজাই যদি পলাল, ৰাইজে ৰ কেনেকৈ ?" কুমৰগঞা ৰাইজৰ অসহায় মনোভাৱ ফুটি ওলাল । কিন্তু ভোগায়ে ক'লে , "সৰ্গদেউহে ভাগিছে, বিচাৰ ক'লৈ যাব ? চাৰিজনা ডাঙৰীয়াই আগেয়েও চলাই নিছে । অ'ত ত'ত এতিয়া সেইবোৰ নপতা ৰজা ওলোৱাৰ কথা ৰাইজে জানো শুনা নাই । ৰংপুৰত মটক ৰজাৰ কথা নকৱেই, উত্তৰ কোনে জাপৰীভিটাত, উজনিত বেং মৰাত - এইবোৰত বহুতো নপতা ৰজা হৈছে ।"
ভোগাইৰ মুখত ৰজাভগনৰ কথা মানুহবোৰে তন্ময় হৈ শুনিছে । ৰজা যেয়েই নহওক লাগে, এইবোৰ সাধাৰন মানুহৰ ভাগ্য, জীৱন-যাত্ৰা - একোৱেই সলনি নহয় । তথাপি কলথোকা বাদুলীয়ে খোৱাৰ কথাতকৈ ৰাজাভগনৰ কথাতেহে প্ৰজাৰ ৰাপ বেছি । ভোগায়ে দিয়া বাতৰি সিহঁতে অবাক হৈ শুনিছে , ভোগায়ে লাহেকৈ ক'লে, "আৰু আমাৰ ইয়াতো খেনোৱে মন মেলিছেহে !"
খেনোৱে মানে যে তেওঁ বাখৰকে বুজাব খুজিছে সেই কথা বুজিবলৈ কুমৰগঞা ৰাইজৰ বাকী নেথাকিল ।
"এস্ এস্, ৰজা ভাগিল বৰ বিপদ । দেশ অৰাজক হ'লে বৰ বিপদ । নপতা ৰজাই নচঁচা হ'লে সমান ! নপতা ৰজাৰ মুলুকত আমি থাকোঁ কেনেকৈ ? ৰাইজ নিগমে মৰিল ।" এইদৰে কুমৰগঞা প্ৰজাই উচ্ পিচালে ।
তেতিয়া ভোগায়ে বুজাই ক'লে, "সৰ্গদেউ ভাগিলেও দেশৰ ধৰণী বুঢ়াগোহাঁই আছে । বুঢ়াগোহাঁই ডাঙৰীয়াই নিজেই সেই দ্ৰোহী বিষয়া আৰু প্ৰজাবোৰক দণ্ড বিহিছে । জপৰা শইকীয়া, জাবৰ - সিহঁতক বৰশীত দিছে । খেনোক ধৰি তেলত ভাজি বা কোৰেৰে ঘৈয়াই মাৰিছে । ৰজা গলেও বিচাৰ নেজায় ৰাইজ, বিচাৰ নেজায় । "এই কথাটোকে আকৌ দোহাৰি ভোগায়ে ক'লে, "ৰজানো সদায় থাকেনে ? ৰাইজ, ৰজাৰ বিচাৰহে থাকে ।" কুমৰগঞা ৰাইজ ভোগাইৰ কথাত যুক্তু দেখিলে যদিও বিশেষ ভৰসা নাপালে । এই ৰাজভগনৰ দিনত বিষয়াবিলাকে যদি এনে থৰ-যুকুতি নাই - সিহঁতকনো সলাল গোহাঁয়ে কি ৰাখিব । পুৰণি সোণ কেইচিকুতমানৰ বাবেই ইমান অথন্তৰ মাতি অনাৰ বাবে সিহঁতৰ ভোগাইকে দোষী কৰিবৰ মন গ'ল । কিন্তু সেই চিন্তা মনলৈ অনাউ বিপদ । তথাপি মৰো জীওঁ নেভাবি এজনে উলিয়ালে , "দেউতা, আপুনি এতিয়া কাটকেই বা মাৰকেই - আপুনিয়েই কৰালে, আমি কৰিলোঁ । আপোনাতেই আমি শৰণ লৈছোঁ "
তাচ্ছিল্যৰ হাঁহি এটা মাৰি ভোগায়ে ক'লে, "মই মহন্ত নে মহাজন অ', এনেকৈ কৈ শৰণ লওঁ লওঁ লগাইছ ? মই তহঁতক ৰূপ অলপমান আগধন দিলোঁ ছোৱালীৰ বিয়াৰ বাবে চৰু , মলা এইবোৰৰ বাবে, আৰু তহঁতে গলি তাৰে সোণ মোকলাবলৈ । এৰা, যাবিতো, নেযাবি কিয়, বোপা-ককাৰ দিনৰ বস্তু । কিন্তু তাতে যদি কিবা অথন্তৰ ঘটে তাৰ বাবে জগৰটো মোৰ হ'ল নে ?"
কথাখিনি আটাইৰে অস্বাভাবিক যেন লাগিল । ভোগেশ্বৰ বৰুৱাই সাধাৰণতে ইমান বেছি কথা নকয় । এঘাৰ বছৰ বয়সতে এইঁ ছোৱালী উলিয়াই দিবনে ? আগবিয়া দিয়া প্ৰথা এওঁলোকৰ পৰিয়ালত নাই । আৰু, কাৰো জীয়েকৰ বিয়াত কুৰি পোন্ধৰজন কুমাৰে তিনি চাৰিশ টকাৰ চৰু - টেকেলী গঢ়িব নালাগে । কুমাৰবিলাকে জানে , বাখৰক লঘু কৰিবলৈকে সিহঁতক সোণ মোকলাবলৈ ধন দিয়া হৈছিল । কিন্তু ভোগায়ে সেই কথা খোলাখুলিকৈ কোৱা নাই । নকয়ো । ভোগাইৰ কথাত সিহঁতে নিৰুপায় হ'ল । এফালে ভোগাই, আনফালে বাখৰ । তাৰ মাজত কুৰুৱা বতাহত বিৰিণা কঁপাদি কঁপি থকাৰ বাহিৰে সিহঁতৰ আৰু উপাই নাই ।
ভোগায়ে আকৌ ক'লে, "শুন, তহঁতক কথা এটা কওঁ । তহঁত সলাল গোহাঁইৰ তালৈকে যা । ময়ো বাৰু গোহাঁই দেউতাক লগ কৰিম । ইতিমধ্যে মিতিৰকো বুজাই শাঁত কৰিব পাৰিম যেন লাগিছে ।"
"গোহাঁই দেউতাৰ তালৈ গ'লে জানোচা সিঁটোৱে - "
"কি সিটোৱে সিটোৱে বুলিছ ? মোৰ আগত মিতিৰৰ কথা ন'কবি তেনেকৈ !"ভোগাই গৰ্জি উঠিল ।
"জগৰ নধৰিব দেউতা", মানুহটোৱে থোকা থুকিকৈ ক'লে, "সিজনে গোহঁইদেউৰ তালৈ গ'লে ব আকৌ কি মূৰ্তি দেখুৱায় ....তাতে সিজনৰ আকৌ হিলৈদাৰী আছে ।"
"হিলৈদাৰী ! কি ক'লি ? হিলৈদাৰী !"
"হয় দেউতা , আমাৰ মুকুন্দক হিলৈৰেহে মাৰিলে ।"
"যাহ মিছা কথা, কেনেকৈ জানিলি ?"
"আমি দেখিছোঁ দেউতা, দেখা নাই যদি এই চকুহাল ভলুকা বাঁহৰ আখি ! আৰু সিদিনা মাজগাঁৱৰ ফাৰ্চীপঢ়া বুঢ়া দেউতাও আছিল ।"
ভোগাই অলপ তভক মাৰি ৰ'ল । কথা তাৰ মানে তলে তলে বহুত দলৈকে শিপাইছে । ত'ত মটকে হিলৈ নোহোৱাকৈ টোকোন জোকাৰি জোকাৰিয়েই ৰাজ্য ল'লে । আৰু বাখৰে হিলৈও গোটাইছে । ভোগাইৰ অলপ পৰ নিজকে বৰ অসহায় যেন লাগিল । ইমান দিনে তেওঁ বাখৰক খন্তীয়া সাপৰ দৰে বিষাক্ত আৰু হীন বুলি ভাবি আহিছিল - কিন্তু এতিয়া বুজিলে যে তেও এটা বিষাক্ত ফেটী গোমৰ লগত যুঁজ দিবলগীয়া হৈছে । ! ক'ত পালে বাখৰে হিলৈ ? ক'ত ? কিন্তু মনুহবোৰে ভোগাইৰ ভাবান্তৰ লক্ষ্য কৰাৰ আগতেই ভোগায়ে ভেকাহি মাৰি ক'লে , "তহঁত অলপ ধতুৱা মানুহমখাই বাখৰে পাদ মাৰিলেও হিলৈ ফটা বুলি ভয় খাৱ । ক'ৰবাত ল'ৰা-ছোৱালীয়ে চাগৈ পানী হিলৈ ফুটাইছিল, তাতে তহঁতে বৰ হিলৈটো দেখিলি ।"
"নিস্তে কৈছোঁ দেউতা, সিবৈছা কলিয়াবৰত যে দেখিছিলোঁ কুম্পানীৰ বঙাল চিপাহীৰ হাতত - ঠিক তেনেকুৱা হাত হিলৈ। "ক'লামণি নামৰ কুমাৰজনে ক'লে ।
"বাৰু, বাৰু মই ফাৰ্চীপঢ়া ঘৰৰ হাজৰিকাক সুধিম বাৰু কথাটো" ভোগায়ে ক'লে । " চাওঁ বৰ্হমচৰীয়াক মাতচোন" এইবুলি তামোল কটা লিগিৰি লৰটোক পাচিলে । বৰ্হমচৰীয়া বাহিৰ চ'ৰাৰ পিৰালিতে বহি বিছনীৰ কাঠী তুলাই আছিল । ভোগাই চ'ৰাত বহিলে বৰ্হমচৰীয়া সদায় পিৰালতে বহি থাকেই । নাম লোৱা শুনিয়েই বৰ্হমচৰীয়া দুৱাৰডলিত থিয় দিলেহি ।
"ককাই" ভোগায়ে ক'লে, "তই পথাৰৰ বাটেৰে পোনাই মাজ গাৱলৈ যা । ফাৰ্চীপঢ়া ঘৰৰ হাফীজুৰ আপক মই মতা বুলি ক'গৈ য। আৰু চা, লগত ল'ৰা লুৰি কাকো আনিব নেলাগে বুলি ক'বি । তয়েই লগত লৈ আহিবি । " তাৰ পিচত অলপ ৰৈ ক'লে, "নেলাগে বুঢ়া মানুহ কষ্ট পাব । তই সৰু দোলাখনকে লৈ যা দোলাভাৰী দুটাৰে, জোৰ আৰিয়া নিনিবি, - পথাৰৰ বাটেৰেই আহিবি ।"
বৰ্হমচৰীয়া গ'ল । ভোগায়ে কুমাৰ গাৱৰ মানুহখিনিৰ লগতে কথা পাতি থাকিল । ৰাইজৰ এনে ভাব হ'ল ভোগাই বৰুৱা যেন ৰাইজৰহে এজন । ভোগায়েও যিমান পাৰে সিমান কোমলকৈ কথা বতৰা ক'বলৈ ধৰিলে । তেওঁ ভাবিলে এই মানুহমখাক হাতত ৰাখিবই লাগিব । হিলৈ-বাৰুদ নোহোৱাকৈ মটক মোৱামৰীয়াই ৰজাৰ লগত যুঁজিলে কিহৰ বলত । টোকোন জোকাৰি সিঁহতে ৰজাৰ সৈন্য খেদি নিছিল কিহৰ বলত ? মানুহ । জনবল । এজনে একোচপৰাকৈ মাটি দিওঁতে ভেটি ওখ হৈছিল সাত হাত । মানুহ মানুহেই আচল । এই মানুহখিনিক তেওঁ হাত কৰিব লাগিবই । ইহঁতে কোৱামতে বাখৰৰ যদি হিলৈ আছেও - তেওঁ এই সমুহীয়া শক্তিক বলে পাৰিব জানো ?
ভোগায়ে কুমাৰহঁতৰ কাৰ কিমান ক্ষতি হৈছে সুধিলে । কন্দলী পাহাৰৰ পৰা কাঠ বাঁহ অনাত সুবিধা কৰি দিব বুলিও আশ্বাস দিলে ।
"হাতৰ বন কৰি খোৱা মানিহৰ ক'তো মৰণ নাই । বোলোঁ কি বোলা ক'লামণি ?"
"দেউতাই সজ কৈছে । হাত দুখনেই আমাৰ সাৰথি । আই বসুমতীয়েই আমাৰ মূলধন । তেওঁৰ গাৰ একো চপৰা খহাই খচি পিটিকি চৰু মলা-গঢ়োঁ - আমাৰ নো কিহৰ ভয়টো ? আৰু জাতে - পাতে আমি কলিতা মানুহ । মাটি খচোঁ বুলি নো আমি কিবা কেঁচু-কুমটিনে ? ক'লামণিয়ে ক'লে , "পিচে এইবোৰ নো জানো কি কলিটো লাগিল !"
"মোৰ মনেৰে", মনধন কুমাৰে ক'লে, "কেৰকণৰ ঘৈণীয়েকে বিধুতি গাৰেই মাটি খচিছিল বাবেইহে আমাৰ এই দুৰ্গতি হ'ল , আই বসুমতীয়ে নসহিলে ।"
"এৰা এৰা, আৰু তেওঁৰ বেলি যে ভুইকঁপটো হৈছিল - সেই দিনাও তাই তেনে গাৰেই চৰু পুৰিবলৈ নৰা গোটাইছিল ।" মনধনৰ শালপতিয়েক মহীধৰে যোগ দিলে ।
ভোগায়ে জানে , কেৰকণৰ ঘৈণীয়েকজনী বৰ ধুনীয়া । তাই জিয়ৰী থাকোঁতে গাঁৱৰ আটাইমখা ডেকাই তাইলৈ চকু দিছিল । মনধন অলপ বাৰুকৈয়ে আগবাঢ়িছিল । গা-ধন দিবলৈ বুলি সি বাখৰৰ পৰা ৰুপ একুৰিও ধাৰে আনিছিল । পিচে মনধনক দুদিনমান বান্দৰ নচুৱাই তাই কেৰকণলৈহে গ'ল । ভোগায়ে ডেকা কালত তাইক অলপ টুকুৰিয়াইও চাইছিল - পিচে নাই, বিয়াৰ পৰা তাই তেনেই জাতি ছোৱালি হ'ল । পুৰণি আখেজতে মনধনে সুবিধা পালেই কেৰকণৰ ঘৈণীয়েৰৰ কথা উলিয়ায় ।
কৰকণৰ খং উঠিল । সি গেঙেৰ দি উঠিল, "কিয় হ'ব ? সিহঁতে ক'লেই হ'বনে ? তাই গা নধোৱা আজি পাঁচ মাহ হ'ল । ক'ৰ বিধূতিখন হ'ব ? "
ভোগায়ে হাঁহি এটা মাৰি ক'লে , " বাৰু বাৰু এইবোৰ তিৰোতা-মেল এৰা। কিবা ক'ৰবাত দোষ লাগিছে যদি বৰসবাহ এভাগিকে পাতিব লাগিব । "
এইদৰে তেওলোক কথা পাতি থাকিল ।। মেল ছিগাৰ কোনো লক্ষণ দেখা নগ'ল । দৰাচলতে আটাইখনে বাট চাই আছিল ফাৰ্চীপঢ়া বুঢ়া আপ অহালৈ । ভোগাই নিসচিত হ'ব খুজিছিল বাখৰৰ শক্তি সম্পৰ্কে আৰু কুমাৰগঞা ৰাইজে বাট চাইছিল ভোগাইক তেওঁলোকৰ কথা পতিয়ন নিয়াবলৈ । সেইবাবে মাজে মাজে আটাখনে বাহিৰলৈ চাই আছিল ।
বাহিৰত তেতিয়া ভলকৈয়ে আঞ্ছাৰ হৈছে । বাটচ'ৰাৰ ওচৰৰ ছাঁ'ৰ দৰে দেখা গ'ল এখন দোলা । ফাৰ্চীপঢ়া ঘৰৰ বুঢ়া আপ আহি পালে ।
ষষ্ঠ অধ্যায় অষ্টম অধ্যায়

---------------------------
No comments:
Post a Comment