Kakadeutar har - Nabakanta Barua (3): ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা


ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 


আইতাৰ কথাবোৰ আৰু চোন সাঁথৰ সাঁথৰ লাগিল । মই মুঠতে এইখিনিকে বুজিলোঁ, নমিতাহঁতৰ পৰিয়াল আৰু আমাৰ পৰিয়ালৰ মাজত কোনোবা কালত প্ৰতিষ্ঠাৰ বাবে সংঘাত চলিছিল, অথচ দুয়ো ঘৰৰ মাজত বৈবাহিক সম্বন্ধো ঘটিছিল । আইতাই বাৰু ক'ব খুছিছে কি ? সেইঘৰ পুৰণি মিতিৰ মানুহ, সম্বন্ধ ঢুকি পোৱাতে আছে নে, সেইঘৰ পুৰণি শত্ৰুৰ ঘৰ - গতিকে সম্বন্ধ পতা থিক নহয়, কোনটো ? ভাবিলোঁ আইতাক পোনপটীয়াকৈ সুধি লওঁ । আৰু দুটামান কৌতুহলো মোৰ মনত জাগি উঠিল । আইতাই দেখোন কি মিনা কৰোৱা গহনাৰ কথা উলিয়াই কথাটো আকৌ সামৰি থৈ দিলে । আকৌ এতিয়াচোন উলিয়াইছে পানী কাহুঁদি আৰু বলধ গৰুৰ কথা । সেইবোৰৰ সংকেত বুজিবৰ বাবেও মোৰ কৌতুহলৰ পাৰ নোহোৱা হ'ল ।

" বাৰু আইতা, মাহিন্দ্ৰীক যে ভোগাই বৰুৱাই বিয়া কৰালে আমাক তাৰ কিবা সম্বন্ধে পায় নেকি ? " মই সুধিলোঁ ।

"চুৰিয়াৰ সাত আৰু মেখেলাৰ তিনি - তাৰ পিচত আৰু সম্বন্ধ নেথাকে বোপাই । কিন্তু কথাটো বেলেগ এটাহে । তহঁতৰ গাত বাখৰৰ ঘৰৰ তেজৰ চিন নৰ'ল ।" আইতাই ক'লে ।

"কিয় আইতা ? সুমলা ?"

"তহঁত বৰ অঁকৰা অ' , সুমলা তহঁতৰ ঘৰৰ জীয়ৰীহে - উলিয়াই দিলেই লেঠা ছিগিল ।" ইমান পুৰণিদিনিয়া সম্বন্ধ এটা আইতাই ইমান সহজ সুৰত ক'লে যেন আজিৰ ঘটনাহে । সুমলা জীয়াই থকা হ'লে দুশ বছৰৰো বেছি বয়স হ'লহেঁতেন ! মোৰ হাঁহি উঠিল, কিন্তু তাৰ পিচত আইতাই যি কথা ক'লে সি যেন এটা তীব্ৰ ফু-ৰ দৰে মোৰ হাঁহিটো নুমুৱাই দিলে ।

"সুমলাও নেথাকিল বোপাই; মানৰ দিনত তাইৰ পেত ফালি পোৱালিটি উলিয়াই দেৱানীয়েই আম পাৰি খালে বোলে !"

"দেৱানীয়া কোন আইতা ? "

"দেৱানীয়াৰ কথা নেজান নেকি ? মানৰ দিনত যিমান মানুহ মানৰ দেৱান শিকি সিহঁতক বাট-পথ চিনাই লৈ ফুৰিছিল সেই আমাৰ মানুহমখা ।"

আইতাৰ কথাৰ সহজ সুৰটোৱে মোক আকৌ লৈ গ'ল সেই নিষ্ঠুৰ সময়ছোৱাৰ মাজলৈ । আকৌ মনৰ পটত জিলিকি উঠিল ভোগাই বৰুৱাৰ ক্ৰ্দ্ধ মুখখনলৈ, যিজনে বুজিছে তেওঁৰ পুৰোহিতৰ পুতেকক অপমান কৰি বাখৰ নামৰ প্ৰতিষ্ঠাকামী বৰা এটাই তেওঁক অপমান কৰিছে । কিন্তু বাখৰৰ কাৰ্যৰ তাৎপৰ্য তেওঁ উলিয়াব পৰা নাই । ময়ো পৰা নাই । মই আইতাক ক'লো , " আইতা পানী কাহুঁদী আৰু বলধ গৰুটোৰ কথাটো মই একো ধৰিব পৰা নাই হ'লে ।"

"তহঁতৰ পৰিয়ালৰ বুধিবোৰ অলপ বাৰুকৈয়ে ভোটা অ' বৰমইনা । খঙৰ ভমক একোডাল আছে - কিন্তু কোনে কেতিয়া কি ভাবই কি কৰে একো বুজি নেপাৱ । ভোগায়ো তেনেকুৱাই আছিল । তেৱোঁ সেইবোৰ বুজি পোৱা নাছিল । পিচত যেতিয়া পালে - । " 

কেনেকৈ পালে আইতা ?" আইতাৰ কথা শেষ নহঁওতেই মই সুধিলোঁ ।

"সেইবোৰ বহুত কথা বোপাই । শুনচোন, ছেঃ ৰাতিও ভালেখিনি হ'ল ।"

"আজি আৰু লাগিলে নোশোওঁ আইতা, তোমাৰ সাধু শেষ কৰিহে শুম ।" অকণমান নাতি ল'ৰা এটাৰ দৰে মই ক'লোঁ ।

আইতাই কৈ গ'ল ঃ

"সেইবোৰ বৰ খেলিমেলি কথা । ভিতৰি ভিতৰি ইমানখন কাজিয়া সত্বেও ভোগাই শহুয়েকৰ জ্ঞাতিতালিৰ ভোজলৈ গ'ল । অকল সেয়েই নহয় - নাওখোৱা হাবিৰ পৰা বৰ এটা কাঠখোৱা শৰ মাৰিও পঠিয়াই দিলে ।"

"বাখৰে ৰাখিলেনে ? " মই সুধিলোঁ ।

"কিয়, কিয় নাৰাখিব ? ডাঙৰ মানুহৰ কাজিয়াৰ ধৰণেই বেলেগ । মিতিৰৰ ঘৰৰ পৰা শহুৰৰ শৰাধৰ ভোজত পহু এটা নিদিলে কেনেকৈ চলিব ?  মানুহবোৰেই ব কি বুলি বুলিব ?"

আইতাৰ বৰ্ণনামতে ভোজৰ দিনা ৰভাতলি উদুলি-মুদুলি । খেলে খেলে বেলেগে ৰান্ধি খাইছে , এটা পহুৰে ক'ত জোৰে । বাখৰে খাহীও আনিছে আঠোটা নে কিমান । তাৰে নুজুৰিলে । মানুহ গ'ল গাৱত খাহী বিচাৰী । বাখৰতো ঢাঁহি-ঢুঁহি খাঁহীবোৰ নিলেই আগতে, এতিয়া আৰু ক'ত পায় ? পঠা পোৱালি কেইটামানকে মানুহে ধৰি আনিলে । পঠা কেইটামানক নি তপত খাহী কৰি খেলত ভগাই দিলেগৈ । তপত খাহি বস্তুটো কি প্ৰথমতে বুজা নাছিলোঁ । পিচত আইতাই বুজাই ক'লে বোলে তেওঁলোক মহাপুৰুষীয়া মানুহ দেখি পঠা ছাগলী নেখায় - পঠা গোসাঁনীৰ বস্তুহে , সেইবাবে খাহীহে চলে । মানুহৰ অনুপাতে খাহী কম হ'লে পঠা ছাগলী একোটোকে মৰাৰ আগতে খাহীকৈ লয় । সেয়েই হেনো তপত খাহী । তাৰ উপৰি খাহীটো হেনো কাটি নেমাৰে । মুচৰিহে মাৰে ।

"এ' কাটিলে যে বলি দিয়া হ'ব ! গোসাঁনীৰ আগতহে বলি সিয়ে । উমানন্দতো দেখিছ চাগৈ খাহীবোৰ কেনেকৈ মাৰে - বলি নিদিয়ে - " আইতাই খবৰ দিয়াদি ক'লে, আমাৰো, আগতে মুচৰিহে মাৰে ।"

খেলে খেলে ভোজ-ভাত খাইছে । ঘাই চোতালত বহিছে বাখৰ, ভোগাই আৰু পৰিয়ালৰ মানুহ  কেইজন । সলল গোহাঁইৰ টোললৈ পুৱাতেই পহুৰ পিৰা এটাৰে সিধা পঠিয়াই দিয়া হৈছে । মাহিন্দ্ৰীয়ে নিজে ককায়েক আৰু গিৰিয়েকৰ কাৰণে হিং দি পহুৰ আগমঙহ অকন ভাজিছে । সুমলা গোটেইজনী পখিলা উৰাদি ঘূৰি ফুৰিছে । তেওঁলোকে ভাত খাবৰ পৰত তাই লুহিত আৰু লপঙৰ লগত মাৰল পিৰালিতে উমলি আছিল । লুহিত আৰু লপং বাখৰৰ ল'ৰা - ছোৱালী । সিহঁতৰ ধেমালিৰ দুটা এটা টুকুৰা টুকুৰি কথা ভোগাইহঁতৰ কাণত পৰিছেহি । এবাৰ ভোগায়ে শুনিলে,

                                                            "ব - ৰা
                                                             নাকটো খৰা
                                                            খিৰতি নিগনি বিয়া কৰা ।"

মাতটো সুমলাৰ । তাৰ অলপ পিচতে লুহিতৰো মাত শুনা গ'ল ।

                                                           বৰুৱা   ব  -  ৰু   - ৱা
                                                           ব-ছিগা বৰুৱা ।
                                                           টিকাত কামোৰ মাৰিলেহি
                                                           আমৰলি পৰুৱা ।"

ভোগাইৰ কাণত বাজি উঠিল এটা শব্দ - ব-ছিগা বৰুৱা । ব- ছিগা বৰুৱা । কান্ধত যুঁৱলিৰ ঘঁহনি খাই বলধৰ ব ছিগে । ভোগাইৰ মুখখনে তিনিবাৰমান বৰণ সলালে ! কথাটো মাহিন্দ্ৰীৰ চকুত পৰিল । তাইৰ বুকুখন চিৰিংকৈ গ'ল । দেখিলে, বাখৰেও এবাৰ কেৰাহিকৈ ভোগাইলৈ চাই কেঁচা জলকীয়াটোত মৰককৈ কামোৰ এটা মৰিলে । পুৰোহিতৰ পুতেকক বৃষৎসৰ্গত বলধ গৰু দিয়াৰ তাৎপৰ্যটো ভোগাইয়ে এতিয়াহে গম পালে । তেওঁলোকৰ মাজত অকথিত বহুতো তৰ্ক বিতৰ্ক যেন হৈ গ'ল । কিন্তু কাৰু মুখত কোনো কথা নাই । খোৱাৰ অন্তত তামোল এখন মুখত ভৰাই ভোগায়ে সুমলাহঁতক মাতি আনি হাঁহি এটা মাৰি ক'লে, "তহঁতে পদ-ফকৰা একো নেজান, এইদৰে গাবি,

                                                           "বৰাৰ ঘৰত তৰাৰ গাঁথি
                                                           বৰা থাকে কেই ৰাতি ।"
  
তাৰ পিচত আৰু এটা হাঁহি মাৰি মাহিন্দ্ৰীৰ মুখলৈ চালে । মাহিন্দ্ৰীয়ে তলমূৰ কৰিলে । বাখৰৰো মুখৰ ৰং কেইবাবাৰো সলনি হ'ল । কিন্তু মুখেৰে তেতিয়া একো নক'লে । বৰানীয়ে, অৰ্থাৎ বাখৰৰ ঘৈণীয়েকে তামোল যতনাই আছিল । তেওঁহে ভোগাইৰ কোবটো যেন গাত পাতি ল'লে । হাঁহি মুখেৰেই তেওঁ ক'লে, "বোলো সুমলাৰ মাক, তৰাৰ ফৰ্মুটি যাৰ ক'ৰবালৈ মাৰে সি কেৰেপকে নকৰে । মৰোঁতা বীৰজন হে লঘু হয় ।"

"হেঃ এইজনী, মনে মনে থাক " বুলি হুঁকি এটা মাৰি বাখৰে তেতিয়ালৈ কথাটো তল পেলাই থ'লে ।

ৰাতি আটাই কেইদিন ভিন ভিন খেলে ভাওনা পাতিছিল । সেইদিনা আছিল সুধম্বা বধ ভাওনা, মুঢ়নীৰ গায়নৰ খেলে পাতিছিল । বৰ ধেমালি সৰু ধেমালি হৈ যোৱাৰ পিচত বাখৰ আৰু ভোগাই গৈ সমাজত বহিল । বায়নৰ ঘৰৰ টেপু বৰ ধেমেলীয়া ল'ৰা । সি বহুৱা উঠিছে । তাৰ বহুৱালিত ৰাইজে গিৰ্জনি পাৰি হাঁহিছে । মাজতে এবাৰ বাখৰ উঠি ক'ৰবালৈ গ'ল । আহোঁতে ছোঁ-ঘৰত সোমায়ো আহিল । তাৰ কিছু পৰৰ পিচত, যেতিয়া সুৰথ ৰজাৰ মৃত্যু হ'ল তেতিয়া টেকেলি এটা কাণমাৰিত বান্ধি লৈ বামুণৰ লিটিকাই হৈ টিকা খজুৱাই টেপু ওলালহি ! নানান অংগী ভংগী আৰু নানান কথাৰ বকলাৰ মাজতে টেকেলিটো সুঙি চাই ক'লে, " এ সুৰথ ৰজা মৰিল । আমাৰ বাপু গ'ল কাজলৈ । পালে এই টেকেলিটোহে । চাওঁ চাওঁ কি আছে ! গোন্ধাইছে ঐ গোন্ধাইছে - ৰং চাবা কি তেনেই সৰু ল'ছালীয়ে চেৰেলিয়াইহে থৈছে যেন । কি ? এ' পানী কাহুঁদি ! যি হ'ল হ'ল । ময়ো জানো পৰি মৰাটো " - এই বুলি সি ফকৰা মাতিলে, " নাম পালোঁ ভোগাই, খাওঁ পানী কাহুঁদি । "

ৰাইজে গিৰ্জনি পাৰি হাঁহিলে । টেপুৱে সমজুৱাৰ ফালে চালে, তাৰ পিচত বাখৰৰ ফালে । বাখৰে সন্মতিসূচক হাঁহি এটা মৰিলে । টেপুৱেও হাঁহিলে । কিন্তু ভোগাইৰ মুখৰ ফালে তাৰ দৃষ্টি যোৱাৰ লগে লগে তাৰ বুকুৰ তেজ হিম হৈ গ'ল ।তেওঁৰ কোঁচ খোৱা কপালৰ ৰেখাত সি তাৰ ভাগ্যলিপি যেন পঢ়ি পেলালে । ৰাইজে ইফালে হাঁহিয়েই আছে । অ' সেইসেইবাবেহে বৰা দেউতাই তাক এনেকে ওলাবলৈ কৈছিল । কঁপা কঁপা মাতেৰে সি শেষ কৰিলে , "ৰজা আহিছে, চুপ চাপ ! চুপ চাপ ! সুৰথ ৰজা আহিছে , চুপ চাপ ।"

ৰাইজে আকৌ এবাৰ হাঁহিলে । কোনোবাই মাত লগাই দিলে , "হেৰৌ মৰা ৰজাটো কেনেকৈ আহিব অ' ?" সকলোৱে গোটেইটো টেপুৰ ভাও বুলিয়েই জানিলে । ভোগায়ে এতিয়াহে বুজি পালে পানী কাহুঁদিৰ ৰহস্য । গদবাপুক পানী কাহুঁদি দি বাখৰে পৰোক্ষ ভাবে ভোগাইকে ইতিকিং কৰিছিল । ইমানদিনে কথাটো বুজিব নোৱাৰাৰ বাবে ভোগাইৰ নিজৰে বৰ লাজ লাগিল । মুখখন কিবা গৰম লাগিবলৈ ধৰিলে । ভোগাই চাৎ কৰে থিয় হ'ল । তাৰ পিচত উত্তেজনাটো শাম কটাবলৈ বহি তামোল এখন মুখত ল'লে । সুত্ৰধাৰ আহি বচন মাতোঁতে তেওঁ যাবলৈ ওলাল । ৰাইজে বাট এৰি দিলে । ছোঁ ঘৰৰ কাষ পাই ভোগাই খন্তেক ৰ'ল ।

"এই টেপু, আহচোন ।"

টেপু আহি বেঙেমুতা গৰুৰ দৰে কঁপি কঁপি থিয় হ'ল ।

"ফকৰা ক'ত শিকিছিলি ?"

টেপু নিৰুত্তৰ ।

"কাইলে মোৰ টোললৈ যাবি । আৰু দুটামান ফকৰা শিকাই দিম ।"

ভোগাই আৰু নৰ'ল । সুমলা আৰু মাহিন্দ্ৰীক দোলাত লৈ যাবলৈ বৰ্হমচৰীয়াক দিহা দি তেওঁ বগা নেজৰ ঘোঁৰাটোত উঠিলগৈ ।

পিচ দিনাৰে পৰা টেপু বহুৱা নোহোৱা হ'ল । খেনোৱে ক'লে গড়গঞা বাঘে খালে । কিন্তু বহুতেই জানিলে ।

বগা ঘোঁৰাটো আহি ভোগাইৰ বাটচৰাতে ৰ'লহি । উৰীয়া লঠীয়াল কেইটাই আহি ঘোঁৰাটো ধৰিলে । ভোগাই আহি আৰু এবাৰ মাৰলতে বহিল । এবাৰ ভিতৰত সোমাল । তাৰ পিচত আকৌ ওলাই গ'ল । কাকো একো নক'লে ।

মাহিন্দ্ৰীৰ আৰু ভাওনা চোৱা সুখ নহ'ল । তাই সুমলাক লৈ গুচি আহিল । সুমলা দোলাতে শুলে । গিৰিয়েকক নেদেখি মাহিন্দ্ৰী চিন্তিত হ'ল । ক'লৈ ব গ'ল মানুহজন এই তিনিপৰ নিশালৈকে ? ক'ত বা কি কৰিছে গৈ ? বান্দী বেটীবোৰক সুধি জানিলে , ভোগাই আহিছিল, আহি আকৌ গৈছে ।। কাকো একো কোৱা নাই ।

অলপ পিচত ভোগই আহিল । চকু দুটা ৰঙা । ভোগায়ে কোনোদিনে ফটিকা আদি নাখায় । সেইবাবে ৰঙা চকু দেখি মাহিন্দ্ৰীৰ আৰু চিন্তা লাগিল - কিবা অসুখেই হ'ল নেকি ।

কিন্তু ভোগাইয়ে আহি খপজপকৈ ,"চাওঁ, তোৰ জেঠীনেজীয়া আঙঠিটো দেচোন ।"

"কিয় ?" মাহিন্দ্ৰীৰ মুখৰ পৰা এনেয়ে ওলোৱাদি ওলাল কথাষাৰ ।

সেই আঙঠিটো মাহিন্দৃক জোৰনত দিয়া হৈছিল । মান সোণৰ আঙঠি । সেইঘৰ মানুহৰ বোৱাৰীবোৰে পুৰুষানুক্ৰমে জোৰণত পায় আঙঠিটো । জয়ধ্বজ সিংহ দেৱৰ ৰাজমাও দেউতাই হেনো দিছিল তেওঁলোকৰ পুৰ্বপুৰুষৰ কাৰোবাক ।

"কিয় ?" ভোগায়ে মাহিন্দ্ৰীৰ কথাষাৰ যেন অবাক হৈ দোহাৰিলে । মাহিন্দ্ৰীক চৰ এটা মৰিবলৈ হাতখন দাঙি ভোগাই ৰৈ গ'ল । তাৰ পিচত একৰকম জোৰ কৰিয়েই মাহিন্দ্ৰীৰ হাতৰ পৰা আঙঠিটো খুলি আনিলে ।

ভোগাইৰ চৰটো মাহিন্দ্ৰীৰ গালত পৰা হ'লেই কিজানি মাহিন্দ্ৰীয়ে ভাল পালেহেঁতেন । ঘটনাটো কিজানি শেষ হ'লহেঁতেন । এইদৰে ৰৈ যোৱাটোহে বিপদজনক । ভোগাইৰ মনত নিশ্চয় কিবা এটা দৃঢ় সংকল্পৰ জন্ম হৈছে ।


আঙঠিটো লৈ ভোগাই মাৰল ঘৰৰ ফালে গ'ল । অলপ পিচতে হাতত সাৰে ভৰিত সাৰে মাহিন্দ্ৰীও গৈ মাৰল ঘৰৰ কাষতে ৰ'ল ।  জলঙাৰে দেখিলে সনাতন সোণাৰি বহি আছে । আগত এদ'ম গহনা । চাকিৰ পোহৰত সনাতনৰ টপা মূৰ জিলিকি উঠিছে । সনাতনে গহনাবোৰৰ পৰা বাখৰবোৰ এৰুৱাই গৈছে । এফালে থুপাই থোৱা ৰঙা আৰু সেউজীয়া বাখৰবোৰৰ ফালে ভোগায়ে একেথৰে চাই আছে । শেষত তাইৰ জেঠিনেজীয়া আঙঠিটোৰ পৰাও সনাতনে বাখৰবোৰ খুলি পেলালে ।

মাহিন্দ্ৰী আৰু তাত নেথাকিল । লাহেকৈ বৰঘৰ সোমাই কান্দিবলৈ ধৰিলে । গিৰিয়েকৰ এই আচৰণৰ অৰ্থৰ ক্ষীণ ৰেঙণি এটা পাই তাইৰ গাৰ নোমবোৰ থিয়ো হৈ উঠিল । কিছু পৰৰ মূৰত ভোগাই আকৌ সোমাই আহিল । আঙঠিটো মাহিন্দীক দি ক'লে , "হো , পিন্ধি ল এইটো ।" তাৰ পিচত মুখৰ ভিতৰতে ভোৰ ভোৰাইভোগাইয়ে যি ক'লে সেইটো মাহিন্দ্ৰীয়ে বুজি পালে । "সেই এটা বাখৰ থাকে মানে বাখৰ নোসোমায় আৰু ঘৰত ।"

মাহিন্দ্ৰীৰ কান্দোন একেবাৰে বন্ধ হ'ল । তাই মাথোন এবাৰ গিৰিয়েকৰ মুখলৈ চালে । ক্ষীণ মৰম লগা মানুহজন । নাকৰ পাহি দুটা ডাঙৰ । মিহি, টানকৈ জাপ খোৱা ওঁঠ দুখনত দৃঢ়তাৰ চিন । চকুত আজলা অথচ কঠোৰ দৃষ্টি । ভোগাই ! ভোগেশ্বৰ বৰুৱা । মানুহজনৰ বাবে তেওঁৰ দুখ লাগিল । লগে লগে ককায়েকৰ কথা ভাবিও তাইৰ বুকুৰ তেজ অকণমান যেন গোট মাৰি গ'ল । তাই হ'বলৈআহিছিল দুটা প্ৰতাপী পৰিয়ালৰ মিলনৰ সেতু । এতিয়া সেই সাঁকোৱেদি বগাই আহিছে বিদ্বেষ, অপমান আৰু হয়তো মৃত্যুৰো ছাঁ । ভোগাই বৰুৱাৰ ক্ষীণ দেহটোৰ ভিতৰত থকা দৃঢ় মনটোৰ কথা তেওঁ জানে ।

তাইৰ হাতত ধৰি ভোগাই ক্ষন্তেক ৰ'ল । খপ্‌জপকৈ আঙঠিটো তাইৰ হাতত সুমাই দিব খুজিলে । তাৰ অলপ চকুপানী ওলাব খুজিছিল । "ছেঃ চৰহাটো" বুলি চকু দুটামোহাৰি ভোগাই আকৌ ওলাই গ'ল ।

তাৰ পিচত মাহিন্দ্ৰীয়ে মাথোন দিন গণিছিল । সদায় ভয় কৰিছিল  ক'ৰবাত কিবা এটা হ'ব । কোনোবা ফালৰ পৰা অমঙ্গলৰ বাতৰি আহিব । কিন্তু নাই, ভালেমান দিন এনেকৈয়ে গ'ল । ভাওনাৰ দুদিন পিচতে টেপু বহুৱা নোহোৱা কথাটো লৈ অলপ বু-বু-বা-বা চলিছিল । কিন্তু বৰুৱা টোলত সেইবোৰ কথা তেনেকে সোমাব নোৱাৰে ।

ভোগায়ে ভাবিছিল বাখৰৰ ঘৰে আৰু লেৰেলা বাপুক কাজেকামে নামাতে । আন পুৰোহিত ল'ব । তেতিয়া লেৰেলা বাপুক উচটাই কিবা প্ৰতিশোধৰ ব্যৱস্থা কৰা যাব । কিন্তু নাই , বাখৰে নতুন পুৰিহিত নল'লে । দেউতাই লগাই থৈ যোৱা 'পুহকৰ' কেইপাত গুচাবলৈ মাহে মাহে তুলসী দিবলৈ লেৰেলা বাপুকে মাতিলে । বাখৰে এদিন লেৰেলা বাপুক ক'লে, "দেউ, মনৰ দুখতে সিদিনা কিবখন কৰিলোঁ । দায় জগৰ নধৰিব । জানেই লঘোণে-ভোকে আছিলোঁ গোটেই মাহটো !"
লেৰেলা বাপুৱে ভাবি আছিল শৰাধৰ কথা ইমান দিনে তল পৰিছে । আজি ক্ষমা প্ৰাৰ্থনাৰ সুৰত হ'লেও বাখৰে কথাষাৰ উলিওৱাত বাপুৰ মনত অলপ সন্দেহ হ'ল । তেওঁ একো নক'লে । তেওঁৰ সন্দেহ যে অমূলক নহয় সেইটো ওলাই পৰিল বাখৰৰ দ্বিতীয় কথাষাৰত ।

"দেউ, বহুত দিনৰ পৰাই কথা এটা কম বুলি ভাবিছিলোঁ । আপুনি যে সেই পিতনীডৰাতে পৰি আছে, মোৰ বৰি মাটি অলপ দিওঁ, নৈলৈকে উটি আহক । কন্দলীত থকা পামখনো আপুনিয়েই খাওক । ঘৰে ঘৰে যজমানী নকৰিলেও চলিব কিজানি ।"

লেৰেলা বাপুৱে প্ৰমাদ গণিলে । দুই ম'হৰ যুঁজৰ ফকৰাটো  আহিলে মনলৈ । বাখৰে আৰু এটা টোপ আগবঢ়ালে, "আৰু বাপু, পোৱালিকণক যদি টোলে চোলে পঢ়াব মন আছে, মই ভাটিলৈ যোৱাৰো দিহাকণ কৰি দিব পাৰোঁ ।"

এই টোপটো বাপুৱে টপ কৰে নিগিলিলে । কিন্তু ইয়াতেই তেওঁ এটা উপায় পোৱাদি পালে ।

"বৰা বোপাদেৱে কৈছে যেতিয়া আমাৰ গদক ভাটিলৈ পঠোৱাৰ অসুবোধা নহ'ব চাগৈ । সিবেলি বাণেশ্বৰ দেৱালয়লৈ কৈঠালকুছিৰ দেৱী পণ্ডিত আহিছিল  - কিবা বোলেন দেবেন্দ্ৰপতি ভট্টাচাৰ্য্য - বৰ বিচক্ষণ পণ্ডিত । টোল আছে । তেও৬ৰ তালৈকে পঠাব পাৰি নেকি চোৱা যাওক ।" এইদৰে গদ বাপুৰ অৰ্থাৎ পুতেকৰ শিক্ষাৰ কথাকে পাতি লেৰেলা বাপুৱে ন-নৈলৈ উঠি অহাৰ কথা তল পেলাবলৈ চেষ্টা কৰিলে ।

অৱশেষত গদক কমৰূপলৈ  পঢ়িবলৈ পঠোৱাৰ বন্দোবস্ত প্ৰায় পকা হৈ উঠিল ।  কন্দলীৰ পাম এখনো বাখৰে বাপুক দিলে ।

"পাম-চাম চলাই ঘৰতে পুথি পাঁজি চায়েই চোন দে'ৱে দিন কটাব পাৰে - কি বোলে ? " বাখৰে আকৌ টোপ জোকাৰিলে ।

"বৰা বোপাই কথা সজেই কৈছে । টিলিঙা বজাই আৰৈ চাউল চোবোৱাতকৈ মাটি-বাৰীৰে চমুৱা যেন হৈ থাকিলে বেয়া নহয় চাগৈ । পিছে বোপা-ককা গ'ল যজমানী কৰি - এতিয়া আৰু টিলিঙা এৰি লৰু ধৰোঁ কেনেকৈ ?" লেৰেলা বাপুৱে ক'লে ।

লেৰেলা বাপুৱে অমান্তি হোৱাৰ আচল কাৰণটো হ'ল ভোগাই । যজমানী এৰা মানে ভোগাইহঁতৰো পুৰোহিতালি এৰা - যিটো সম্ভৱ নহয় ।  লেৰেলা বাপুৰ পক্ষে সেই কথাত মান্তি হোৱাটো নানা কাৰণত সম্ভৱ নহয় । বাখৰেও বুজিলে কথাটো ।

ভোগায়ে সকলো গম পালে । আনকি লেৰেলা বাপুক তেওঁৰ আশ্ৰয় এৰি যাবলৈ কোৱালৈকে ।

উস্‌ ইমান সাহ্‌ । কিন্তু তাতে চোন তেওঁ নাবাজিল । মাথোন লেৰেলা বাপুক আৰু দুপুৰা বাৰী মাটি দি ক'লে, "গদই বাৰু কামৰূপৰ টোলত সম্‌চকৃত পঢ়ি আহিব খুজিছে আহকগৈ । পিচে, আমাৰ কাল-সংহতিৰ আতাসকলে সম্‌চকৃত পঢ়াটো বৰ কামৰ কথা বুলি নাভাবে । সম্‌চকৃতত যি যি কথা আছিল গুৰু দুজনাই সেই আটাইবোৰ পদ কৰিলেই হেনো । তেওঁলোকে সাহখিনি আনি দিছেই - সম্‌স্কৃত পঢ়া মানে খোলাটো চেলেকাহে । "

বাপুৱে কথাটো ভাল নাপালে যদিওবিশেষ একো নক'লে । মাথোন ক'লে, "আগম নিগম আদি অনেক শাস্ত্ৰ আছে । আমি বামুন মানুহে সেইবোৰ জানিলে ভাল ।"

সেইটো"অৱশ্যে হয় । শৰাধ বিধি ক্ৰিয়া কাণ্ড শিকি অহাটো বেয়া নহয় । আমাৰ বজৰাঙী আইৰ ল'ৰা আতাই অৱশ্যে কৈ গৈছে বোলে গুৰু দুজনাৰ কথাই বেদ । বাৰু সেইবোৰ বাৰু এৰক । পিছে নৈ লৈ উঠি যোৱাটো কি হ'ল?"

এই পিনপটীয়া কথাটো সে অৱশেষত আহিবই সেইটো লেৰেলা বাপুৱে জানিছিল । তাৰ বাবে তেও৬ সাজুও আছিল । ভোগাইৰ কথা শেষ নহওঁতেই দেৱে ক'ল, "চিৰি বিষ্টু ।"

ভোগায়ে ভোৰভোৰালে , "মোৰ পুৰোহিতক ফুচুলাই নিব খোজে সেই কুমাৰনীৰ কাণৰ সোনেৰে চহকী হোৱাটোৱে । উস্ ভোগাই হালোৱা, ভোগাইৰ পুৰোহিতক দিয়ে বলধ । কিমান সোণ আছে সিহঁতৰ চাম ।"

"ডাঙৰীয়াই কিব কৈছে ?"লেৰেলা বাপুৱে ক'লে ।

"নাই একো নহয়, ভাল পালোঁ শুনি যে আপুনি এতিয়াও গাভৰু ছোৱালী হৈ থকা নাই । মনত ৰাখিব - ভোগাইক এৰোঁতা কোনো নাই, এৰিলে ভোগাইহে এৰে ।"

লেৰেলা বাপুৱে অকৌ মাথোন ক'লে " চিৰি বিষ্টু"।


------------------------------


দ্বিতীয় অধ্যায়                                                                                                                         চতুৰ্থ অধ্যায় 

No comments:

Post a Comment