Mor man aru mor... - Poems of Ram Gogoi : মোৰ মন আৰু মোৰ .. - ৰাম গগৈৰ কবিতা

মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ;
সমুদ্যত চেতনাৰ বিপুল বিস্তৃতি ।
হেজাৰ শিশুৰ হাঁহি খেলা কৰে তাত ।

মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ ভেদি
কলধ্বনি উঠে, লক্ষ লক্ষ মুক্তি বিহংগৰ
ৰক্তাক্ত প্ৰভাতে তাত সিঁচি দিয়ে
নতুন সুৰ্যৰ জন্ম বেদনাৰ স'তে
অকৃপণ উজ্জ্বল পোহৰ

মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ । ইয়াত শুনিছোঁ মই
আপোন প্ৰাণৰ স'তে
ঐক্যতান অযুত প্ৰাণৰ ;
শুনি সেই সমলয় মিলিত কণ্ঠৰ,
পলাতক স্বাৰ্থবুদ্ধি মূৰ্খ কামনাৰ
ভীৰু যত পতংগৰ দল ।
উদাৰ অসীম নীলা আকাশৰ স'তে
বিপুল বিশ্বৰ;
মোৰ মন, আৰু মোৰ হৃদয়ৰ
অকণি আকাশ মিলি গ'ল ।

মই তাত সানি দিলোঁ
আৰু অক'মানি নীলা -
এটি কবিতাৰে ।



No comments:

Post a Comment