Kakadeutar har - Nabakanta Barua (4) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 



এমাহ মানৰ মূৰত কুমাৰ গাঁৱৰ পৰা এজনী কুমাৰনী গৈ বাখৰৰ আগচঁৰাৰ পিৰালিত লাহেকৈ বহিল । সাধাৰণতে সিহঁত পাছ দুৱাৰেদি পোনে পোনে ভিতৰ চোতালোলৈহে যায় ।

"কি অ', আজি চোন একো আনা নাই ?" চেলেংখনত হাত মচি মচি বাখৰে ক'লে, "লুহিতে বাণমলা নে ভুৰুকা কিবা এতাৰ কথা কৈছিল নহয় তোক, আনিছ ?"

"নাই দেউতা, আন এটা সকামতহে আহিলোঁ আজি ।"

"কি , পুতেকৰ বিয়া পাতিছ নেকি ? ভুৰাগাৱত যে চপনীয়া হৈ আছিল সেইটো ?"

"এৰা, তেনেকুৱাই দেউতা, দুটাৰ মাইকী হৈ উঠি এতিয়া বোলে বোৱাৰীজনী আহে । তাইকতো কিবা এটা দিব লাগিব ।"

কুমাৰনীয়ে সেমেনা-সেমেনিকৈ ক'লে ।

"কি দিবিনো ? লপঙৰ মাকক খুজি পুৰণি ৰিহা-মেখেলা এযোৰকে দে গৈ । পুৰণি কইনা যেতিয়া ।"

বাখৰে ৰসিকতা কৰি শেষৰ বাক্যটো যোগ দিলে । অলপ আসৈ পোৱাৰ সুৰত কুমাৰনীয়ে ক'লে , "নিম দেউতা, নিম । আপোনাসবৰ এৰা এৰেহাৰেই আমাৰ চলি যাব ।" তাৰ পিচত অলপ ৰৈ ক'লে, "লগতে ভাবিছিলোঁ দেউতাৰ হাতত থকা গেজেৰাটোও - "

"হেৰ'ইমান টকা ক'ত পাবি তই ? দুই কম একুৰি হ'ল - জাননে নেজান ?"বাখৰে খংমুৱা হৈ ক'লে ।

"বান্দীয়ে নো আৰু কি সিমানটো ভু পাওঁ, পিচে অনাত আনিছো ৰূপ একুৰি । সেই দহ টকা নিয়া আজি কম দিন হ'ল নে ? এই বুলি কুমাৰনীয়ে হাঁচতিৰে মেৰাই অনা আঠচুকীয়া ৰজা ৰূপৰ টোপোলাটো বটাতোৰ ওপৰতে থৈ আকৌ সেমেনা-সেমেনিকৈ ক'লে , "বেটীৰ বস্তুকণ, দেউতা !"

বাখৰে এক মুহূৰ্ত কিবা ভাবিলে ।

কুমাৰনীৰো বুকুৱে ধপ্‌ধপালে ।

তাৰ পিচত বাখৰ ভিতৰ সোমাই গৈ অলপ পিচত আকৌ ওলাই আহিল, হাতত কুমাৰনীৰ গেজেৰাটো ।

"হোঁ এইটো ।"

কুমাৰনীয়ে সেৱা এটা কৰি গেজেৰাটো হাতত লৈ আলফুলকৈ চুমা এটা খাই আঁতৰি গ'ল ।

"এই মেদেউ ! "বাখৰে মাতিলে ।

কুমাৰনী ৰৈ ঘূৰিল ।

"মোক মাতিছে দেউতা ? "

"এইফালে আহ ।"

কুমাৰনীয়ে ভয়ে ভয়ে উভতি আহিল ।

"তোক এই টকা কোনে দিছিল ? ক ।" বাখৰে ডাবি দি ক'লে । কুমাৰনী নিমাত ।

চৰু বেচি পাইছিলি ? তোৰ ফুটা চৰু বেচি বাৰটা পৈয়েৰে বাৰ বছৰে একুৰি ৰূপ অৰ্জিব নোৱাৰিলে, আজি ক'ত পালি ?"

কুমাৰনী নিমাত ।

"নকৱ কিয়, কোনটো পৈয়েৰে দিছিল ? সিকিটো আদমহীয়াটোকৈ নি নি এতিয়া একে কোবেই একুৰি ৰূপ একে কোবেই সোধব পৰা হ'ল !" বাখৰে ভোকাহি মাৰি ক'লে , "ক', কোনে দিছিল ?"

কুমাৰনী নিৰুত্তৰ ।

তাই থকথকৈ কঁপিছে ।

"সেই টকাখিনি ল' ল বুলিছো !"

কুমাৰনীয়ে গেজেৰাটোৰ ফালে মৰম সনা দৃষ্টিৰে এবাৰ চাই বতাত থ'লে আৰু ৰূপ কুৰিত হাত দিলে ।

"ওহোঁ, গেজেৰাটোও নে ।"

টকা আৰু গেজেৰা লৈ কুমাৰনী গুচি গ'ল ।

কুমাৰনী যোৱাৰ পিচত বাখৰ বহুত পৰ বহি থাকিল। বাৰে বাৰে চেলেঙত হাত মচিলে । এইবোৰ নিশ্চয় সিঘৰৰ কাম  - তেওঁ ভাবিলে । কুমাৰনীৰ হাতৰ- কাণৰ সোনেৰে চহকী হোৱা বুলি ভোগায়ে তেওঁক ইতিকিং কৰাৰ কথা বাখৰে আগৰে পৰা জানে । মাটি বাৰী আৰু বহতীয়া কিছুমান থাকিলেই হ'ল নেকি  সিহঁতৰ দৰে । সোণৰ মহিমা সিহঁতে, এই ব-ছিগাকেইটাই কেনেকৈ বুজিব ? সিহঁতৰ মূৰবোৰতো মাটি সোমাইছে । এজনী কুমাৰনীক ৰূপ একুৰি সি সোন মোকলাই নিয়াই সিহঁতে ভাবিছে, মোক অপমান কৰিছে । কিন্তু গোটেই কুমাৰ গাঁওখনেই যে মোৰ হাতত বন্ধা । কলীয়া আতাত দিনৰে পৰা সচা গোটেইখিনি ধন খৰচ কৰিও ভোগায়ে পাৰিব নে সোণখিনি মোকলাব ? ভোগাইৰ দৰে সাতোটা বলধ কিনি থব পাৰোঁ মই । তাৰ পিচত বাখৰ অলপ তভক মাৰি ৰ'ল । ভোগায়ে বাৰু এইতো কি খেলা খেলিছে ? এইদৰে সোণ মোকলাই সি নিজেই সেইবোৰ ৰাখিব নেকি ?

ওহোঁ, ইমান লাভ-লোকচানৰ কথা ভবাটো সিহঁতৰ পৰিয়ালত নাই । কুমাৰনীৰ সোণ ভোগায়ে নিজলৈ কেতিয়াও নাৰাখে । বাখৰক ঠাট্টা কৰাৰ বাহিৰে সিহঁতৰ আৰু আন উদ্দেশ্য নাই । সিহঁতক লাগে মাথোন সন্মান, লাগে প্ৰতাপ ।

কিন্তু তাৰ পিচতো দেখা গ'ল কুমাৰ গাঁৱৰ বহুতো মানুহ সকলো ভয় কাটি কৰিও একুৰু দুকুৰিকৈ ৰূপ লৈ বন্ধকী সোণ মোকোলাবলৈ আহিল । বাখৰেও উপায় চিন্তিবলৈ ধৰিলে । কিবা এটা কৰিব লাগিব, তেওঁ ভাবিলে । সোণৰ মোহৰ কথা তেওঁ ভআদৰেই জানে । তেতিয়াৰ দিনত বন্ধকী থোৱা মানে কমদামত বেচা । বাখৰে বুজিলে মানুহৰ সোণৰ ওপৰত থকা মোহকণৰ ওপৰত ভেটি কৰিয়েই ভোগায়ে এই খেলা খেলিছে । কিন্তু তাত ভোগাইৰ লাভ কি ? এই লোকচানৰ খেলাত লাভ কি তেওঁৰ ? হয়তো বাখৰক অপমান কৰা । নে, আৰু কিবা কাৰণ আছে ?


----------------------------- 

তৃতীয় অধ্যায়                                                                                                                         পঞ্চম অধ্যায়


No comments:

Post a Comment